অসম লাইভ ২৪ঃ আজি ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক মৃত্যু তিথি। অসমৰ ইতিহাসৰ এটি উজ্জ্বল জ্যোতিষ্ক বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে অসমবাসীয়ে। তেখেতৰ শিল্পী সত্তাৰ প্ৰতি সন্মান জনাই ২০ জুন দিনটো ‘ৰাভা দিৱস’ হিচাপে পালিত হৈ আহিছে। তেখেতৰ অনুপম সৃষ্টি গীতসমূহক ‘ৰাভা সংগীত’ ৰূপেও স্বীকৃতি দিছে সময়ে। ব্ৰিটিছৰ ৰঙা দলিচা এৰি সৰ্বসাধাৰণৰ মুক্তিৰ হকে সংগ্ৰাম কৰা কলাগুৰুৰ বহুমূলীয়া অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে অসমবাসীয়ে। ১৯০৯ চনৰ ৩১ জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্ম লাভ কৰা বিষ্ণুপ্ৰসাদ ৰাভা প্ৰকৃততে বড়ো জনগোষ্ঠীৰ লোক। তেখেতৰ পিতৃৰ নাম গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে মুছাহাৰী হ’লেও এটি ৰাভা পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবে তেখেতে ৰাভা উপাধি গ্ৰহণ কৰে। অসমীয়া কৃষ্টি-সংস্কৃতিৰ মহীৰূহ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ এই স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰতিজন অসমীয়াই। এইগৰাকী মহান শিল্পীৰ মৃত্যু দিৱস উপলক্ষে তেখেতক স্মৰণ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে ৰাভা দিৱস।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















