অসম লাইভ২৪ঃ ঋষভ পন্থৰ শাৰীৰিক অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই৷ দুৰ্ঘটনাত পতিত ঋষভক ডেৰাডুনৰ পৰা মুম্বাইলৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল৷ কিন্তু শেহতীয়াকৈ মুম্বাইৰ পৰা আমেৰিকালৈ লৈ যোৱা হ’ব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷
উল্লেখ্য যে দুৰ্ঘটনাটোত ঋষভ পণ্টৰ আঁঠুৰ লিগামেণ্ট চিঙাৰ বাবে জটিলতাই দেখা দিছে৷ উন্নত চাৰ্জাৰীৰ বাবে ডেৰাডুনৰ পৰা মুম্বাইলৈ লৈ অনা হৈছিল৷ কিন্তু মুম্বাইতো চাৰ্জাৰি কৰাত কিছু জটিলতাই দেখা দিয়াৰ বাবে অচিৰেই লণ্ডন নতুবা আমেৰিকালৈ লৈ যোৱা হ’ব পাৰে ঋষভক বুলি বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ