আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দল RRয়ে। আজি আই পি এলত বিৰাট কোহলিৰ মুখামুখি হয় বৈভৱ সূৰ্যবংশী। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত দুয়োটা দলৰ মাজত সন্ধিয়া ৭ঃ৩০ বজাত মেচ অনুষ্ঠিত হয়। RCB ৰ নেতৃত্বত আছে ৰজত পাটিদাৰ, আনহাতে ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগ। এইখন তেওঁলোকৰ চতুৰ্থখন মেচ, আনহাতে আৰ চি বিয়ে এতিয়ালৈকে দুখন মেচ খেলি দুয়োখন খেলতে জয়লাভ কৰিছে। আজিও তেওঁলোকে জয় অৰ্জন কৰে। ঘৰুৱা মাটিত ৰিয়ান বাহিনীৰ বিজয়ৰ হেট্ৰিক। শক্তিশালী RCBক ৬ উইকেটত হৰুৱালে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে।
আজিৰ মেচখনত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হোৱা খেলখনত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে নিজৰ বেটিঙেৰে সকলোকে আচৰিত কৰিছে। এটাৰ পিছত আনটো অভিলেখ ভাঙিবলৈ সক্ষম সূৰ্যবংশীয়ে। খেলখনৰ আৰম্ভণিৰে পৰা বৈভৱ সূৰ্যবংশীৰ উদ্দেশ্য স্পষ্ট হৈ পৰিছিল। আৰ চি বিৰ বলাৰসকলে তেওঁক বলটো দলিওৱাৰ লগে লগে বৈভৱে বহু দূৰলৈ মাৰি পঠিয়াই। মাত্ৰ ১৫টা বলত তেওঁ অৰ্ধশতকত উপনীত হয়। ২৬টা বলত ৭৮ ৰান কৰি আউট হয় বৈভৱ। তেওঁৰ ইনিংছৰ সময়ছোৱাত ৮টা চাৰি আৰু ৭টা ছয় কৰিছিল।
যদিও মেচৰ আৰম্ভণিতে বৰষুণ হৈছিল তথাপিও নিজৰ ঘৰৱা খেলপথাৰত ভাল প্ৰদৰ্শন কৰে RR এ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














