সাৱধান! আপুনিও তুলসী মালাৰ লগত ৰুদ্ৰাক্ষ একেলগে পিন্ধে নেকি? তেন্তে…
হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ তাৎপৰ্য আছে। ইয়াক মাতৃ লক্ষ্মীৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই উদ্ভিদৰ বিশেষ গুৰুত্ব কেৱল ধৰ্মীয়ভাৱে নহয়, ইয়াৰ গা-গছো বহু ক্ষেত্ৰত ব্যৱহাৰ। তুলসীৰ মালাৰ কথা ক’বলৈ গ’লে কোৱা হয় যে ইয়াক পিন্ধিলে বহু উপকাৰো হয়। কিন্তু, ইয়াক পিন্ধিবলৈ বহুতো নিয়ম মানি চলাটো প্ৰয়োজনীয়।
ইয়াৰ ওপৰত এক পৌৰাণিক কাহিনীয়ো আছে- পূৰ্বৰ জীৱনত তুলসী উদ্ভিদ বৃন্দা নামৰ এগৰাকী ছোৱালী আছিল, যিগৰাকী বৃন্দাৰ জন্ম হৈছিল ৰাক্ষস বংশত আৰু তেওঁৰ বিবাহ হৈছিল জলন্ধৰ নামৰ অসুৰৰ সৈতে। বৃন্দা আছিল ভগৱান বিষ্ণুৰ মহান ভক্ত। জলন্ধৰৰ যুদ্ধৰ সময়ত বৃন্দা এই অনুষ্ঠানত বহি আছিল, যাৰ বাবে দেৱতাসকলে জলন্ধৰক হত্যা কৰিব পৰা নাছিল।
যাৰ বাবে কৌশল ৰচনা কৰি ভগৱান বিষ্ণুৱে জলন্ধৰ অসুৰৰ ৰূপ লৈ বৃন্দাৰ কাষলৈ যায়। স্বামীক উভতি অবা দেখি বৃন্দাই পূজাৰ ৰীতি-নীতিৰ পৰা উঠি আহে, যাৰ ফলত যুদ্ধ ক্ষেত্ৰত প্ৰকৃত জলন্ধৰ বধ হয়। পাছত যেতিয়া জলন্ধৰৰ কটা মূৰটো দেখে, তেতিয়া বৃন্দাই খঙত ভগৱান বিষ্ণুক শিললৈ পৰিণত হ’বলৈ অভিশাপ দিয়ে। পাছত সকলো দেৱতাৰ অনুৰোধত বৃন্দাই শপত ঘূৰাই লৈ স্বামীৰ কটা মূৰেৰে সৈতে সতী হয়। পিছত ভগৱান বিষ্ণুৱে সেই ছাইৰ পৰা ওলোৱা উদ্ভিদক তুলসী বুলি নাম দিয়ে।
তুলসী মালাৰ উপকাৰিতা-
তুলসী মালাৰ গুৰুত্ব কেৱল ধৰ্মীয় নহয়, শাৰীৰিক আৰু মানসিক দিশতো আছে। ইয়াক পিন্ধিলে ধনাত্মক শক্তি বৃদ্ধি পায়। ঘৰত সুখ আৰু শান্তি আহে। ইয়াৰ উপৰিও এই মালা পিন্ধিলে মানুহৰ আত্মবিশ্বাসো বৃদ্ধি পায়। কেৱল এয়াই নহয়, শৰীৰৰ লগত জড়িত ৰোগতো ই উপকাৰী আৰু মানসিক চাপ কমায়।
তুলসীৰ সৈতে ৰুদ্ৰাক্ষ পিন্ধিব নালাগে-
তুলসী মালা পৰিধান কৰা পূৰ্বে গাখীৰ আৰু গংগা পানীৰে পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ পিছত ভগৱান বিষ্ণুক পূজা কৰি তাৰ পিছত মালা পিন্ধিব লাগে বুলি মান্যতা আছে। যদি মাংস-মাছ আৰু সুৰা সেৱন কৰে, তেন্তে এই মালা পিন্ধিব নালাগে। কোনোদিনে ৰুদ্ৰাক্ষ আৰু তুলসীৰ মালা একেলগে পিন্ধা নহয়। ৰুদ্ৰাক্ষ আৰু তুলসী মালা একেলগে পিন্ধা নিষেধাজ্ঞা ধৰ্মীয় আৰু আধ্যাত্মিক বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা।
ৰুদ্ৰাক্ষ শিৱৰ লগত জড়িত আৰু উগ্ৰতা আৰু শক্তিৰ লগত জড়িত। আনহাতে তুলসী বিষ্ণুৰ সৈতে সম্পৰ্কিত আৰু শান্তি আৰু ভক্তিৰ সৈতে জড়িত। দুয়োটাৰে শক্তি আৰু ধৰ্মীয় তাৎপৰ্য্য বেলেগ বেলেগ, যাৰ বাবে ইয়াক একেলগে পিন্ধিলে ইহঁতৰ আধ্যাত্মিক ফলপ্ৰসূতা হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও শিৱ আৰু বিষ্ণুৰ পূজা পদ্ধতিৰ পাৰ্থক্যৰ বাবেও ইয়াক একেলগে পিন্ধাৰ ক্ষেত্ৰত হকা বাধা কৰে। ধৰ্মীয় অনুশাসন আৰু পৰম্পৰা পালন কৰি এই মালাবোৰ পৃথকে পৃথকে পিন্ধাটো উপযুক্ত বুলি মান্যতা ৰখা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ