মহম্মদ ছামীক বিয়া কৰাব ছানিয়া মিৰ্জাই৷ বিগত কেইবাদিন ধৰি এই চৰ্চাৰে উত্তাল হৈ আছে সামাজিক মাধ্যম৷ আনকি দুই তাৰকাৰ বিয়াৰ ছবিও একাংশই ভাইৰেল কৰাইছে৷ নেটদুনীয়াত চৰ্চা, ভাৰতীয় ক্ৰীড়াদুনীয়াৰ দুগৰাকী তাৰকাৰ মাজত বিগত প্ৰায় কেইবামাহ ধৰি চলি আছে প্ৰেমৰ সম্পৰ্ক৷ সেই প্ৰেমকেই অৱশেষত বিবাহৰ ৰূপ দিব বিচাৰিছে বুলি চৰ্চা চলাইছে একাংশ নেটিজেনে৷
কিন্তু এই চৰ্চা হঠাতেই কিয় চলিছে? চলিত বছৰৰ আৰম্ভণিতে ছোৱেইব মালিকৰ সৈতে বিবাহ বিচ্ছেদ হৈছে ছানিয়া মিৰ্জাৰ৷ তাৰপাছতেই পাক ক্ৰিকেটাৰ ছোৱেইবে আকৌ এবাৰ বিবাহপাশত আৱদ্ধও হৈছে৷ অৱশ্যে ছানিয়াই বৰ্তমানো কোনো বিবাহৰ বাবে আগবঢ়া নাই৷ কিছুদিন পূৰ্বে এটা টিভি শ্ব’ত অংশ লৈছিল ছানিয়াই৷ টেনিছ তাৰকা ছানিয়াক তাতেই প্ৰশ্ন কৰা হৈছিল, বায়োপিক হ’লে তেওঁৰ প্ৰেমিকৰ চৰিত্ৰত কোনে অভিনয় কৰিলে ছানিয়া সুখী হ’ব?
তাৰপিছতেই ছানিয়াই দিয়া উত্তৰ ভাইৰেল নেটদুনীয়াত৷ তেওঁ কয়, ‘আগতে ভালপোৱা মানুহজনেই বিচাৰি পাই লওঁ৷’ ইয়াৰ লগে লগেই হাঁহিত ফাটি পৰে টিভি সঞ্চালকো৷ এই টিভি শ্ব’ সম্প্ৰচাৰিত হোৱাৰ লগে লগেই নেটদুনীয়াত চৰ্চা আৰম্ভ হয়, বিচ্ছেদৰ যন্ত্ৰণা পাহৰি আকৌ নতুন জীৱনৰ দিশে আগুৱাইছে ছানিয়া৷ তেওঁৰ মনত কোনো বিশেষ পুৰুষে ঠাই লৈছে নেকি? কোন সেই পুৰুষ? সেই প্ৰশ্নৰ উত্তৰো নিজেই দিছে নেটিজেনে৷ একাংশই কৈছে মহম্মদ ছামীয়েই শ্ৰেষ্ঠ পুৰুষ ছানিয়াৰ বাবে৷
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা পেছাৰ বলাৰ মহম্মদ ছামীৰ বৈবাহিক জীৱন বিতৰ্কৰে ভৰা৷ পত্নী হাছিন জাহানৰ সৈতে তেওঁৰ বিবাহবিচ্ছেদ হৈছে৷ এইবাৰ বিবাহবিচ্ছেদিত দুই তাৰকাই সংসাৰ গঢ়াৰ পথত আগুৱাইছে৷ নানান প্ৰযুক্তি ব্যৱহাৰ কৰি ছানীয়া-ছামীৰ ফটোও ইডিট কৰিছে একাংশই৷ অৱশ্যে এই চৰ্চাক লৈ এতিয়াও কোনো মন্তব্য কৰা নাই ছানীয়া-ছামীয়ে৷ দুয়ো মনে মনে থাকিলেও ছানীয়াৰ পিতৃ ইমৰাণ মিৰ্জাই কয়, ‘এইসমূহ খবৰৰ কোনো সত্যতা নাই৷ ছামীক ছানীয়াই কেতিয়াও লগো পোৱা নাই৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ