কংগ্ৰেছৰ পূৰ্ব কেন্দ্ৰীয় মন্ত্ৰীক যাৱজ্জীৱন কাৰাদণ্ড, ১৯৮৪ চনৰে ঘটনা
৪১ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখিন কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী। ১৯৮৪ চনৰ শিখ বিৰোধী হিংসাত্মত গোচৰত দোষী সাব্যস্ত হৈছে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সজ্জন কুমাৰ।
সজ্জন কুমাৰক ৰাউছ এভিনিউ আদালতে আজি ২৫ ফেব্ৰুৱাৰী তাৰিখে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ইতিমধ্যে দিল্লী কেণ্ট গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে সজ্জন কুমাৰো।
১৯৮৪ চনৰ ১ নৱেম্বৰত দিল্লীৰ সৰস্বতী বিহাৰ অঞ্চলত দুজন শিখ লোক যশৱন্ত সিং আৰু তেখেতৰ পুত্ৰ তৰুনদীপ সিঙক অতি নৃশংসভাৱে হত্যাৰ গোচৰত আদালতে সজ্জন কুমাৰক আজি শাস্তি প্ৰদান কৰে।
এই ঘটনাৰ সৈতে জড়িত এফ আই আৰ উত্তৰ দিল্লীৰ সৰস্বতী বিহাৰ থানাত ৰুজু হৈছে। অভিযোগকাৰীয়ে ৰঙানাথ মিশ্ৰ আয়োগৰ সন্মুখত দিয়া শপতনামাৰ ভিত্তিত এই এফআইআৰ ৰুজু কৰা হয়। ১২ ফেব্ৰুৱাৰীত আদালতে তেওঁক দোষী সাব্যস্ত কৰে।
দিল্লী আৰক্ষী আৰু ভুক্তভোগীয়ে এই গোচৰটোক আটাইতকৈ বিৰল বুলি বিবেচনা কৰি সজ্জন কুমাৰৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ দাবী জনায়। অৱশ্যে আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
ৰায়দানৰ ঠিক পূৰ্বে সজ্জন কুমাৰে শাস্তিৰ ক্ষেত্ৰত নম্ৰতাৰ বাবে আবেদন জনাইছিল। কুমাৰে নিজৰ যুক্তিত কৈছিল যে এই গোচৰত তেখেতক মৃত্যুদণ্ড দিয়াৰ কোনো ভিত্তি নাই।
সজ্জন কুমাৰেলগতে ইয়াকো কয় যে, ‘বৰ্তমানে মোৰ বয়স ৮০ বছৰ। বয়স বৃদ্ধিৰ বাবে বহু বেমাৰত ভুগিছো। ২০১৮ চনৰ পৰা জেলত আছো। তাৰ পিছৰ পৰা মই কোনো জামিনো পোৱা নাই। মই কোনো অপৰাধমূলক গোচৰত জড়িত নাছিলোঁ।’ কিন্তু আাদালতে সকলো নাকচ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ