গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিশীল গ্ৰহ হিচাপে বিবেচিত হয় শনি৷ প্ৰতি আঢ়ৈ বছৰত শনিদেৱে নিজৰ ৰাশি পৰিবৰ্তন কৰে৷ আগন্তুক ২৯ মাৰ্চত শনিয়ে গোচৰ কৰিব৷ কুম্ভ ৰাশিৰ পৰা বৃহস্পতিৰ ৰাশি অৰ্থাৎ মীন ৰাশিত প্ৰৱেশ কৰিব শনিদেৱে৷ আঢ়ৈ বছৰ এই ৰাশিত থকাৰ পাছত মেষ ৰাশিত উপস্থিত হব শনি৷ দৌলৰ পাছত শনিৰ এই অৱস্থান পৰিবৰ্তনৰ শুভ প্ৰভাৱ পৰিব ৪ৰাশিৰ ওপৰত৷ ইয়াৰ প্ৰভাৱত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?
কৰ্কট ৰাশি
শনিৰ ৰাশি পৰিবৰ্তনে কৰ্কট ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব৷ বহু দিন ৰৈ থকা কাম শেষ কৰিব পাৰিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
তুলা ৰাশি
শনিৰ প্ৰভাৱত তুলা ৰাশিৰ সুদিন উভতি আহিব৷ যদি ইতিমধ্যেই ব্যৱসায়ত কোনো বিনিয়োগ কৰি আছে তেন্তে লাভৰ সম্ভাৱনা আছে৷ নতুন চাকৰি পোৱাৰ সুযোগ আছে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি ললে সাফল্যৰ সম্ভাৱনা আছে৷ বহু দিন ধৰি মাটি সংক্ৰান্তিয় কোনো গোচৰ থাকিলে এইবাৰ মীমাংসা হব৷
বৃশ্চিক ৰাশি
শনিৰ গোচৰ বৃশ্চিৰ ৰাশিৰ বাবে লাভজনক হব৷ জীৱনৰ বিভিন্ন বিষয়ত উন্নতিৰ পথ প্ৰশস্ত হব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ ফ্লেট, মাটি বা বাহন কিনাৰ যোগ আছে৷ স্বাস্থ্যৰ দিশৰ যত্ন ৰাখক৷
মকৰ ৰাশি
শনিৰ ৰাশি পৰিবৰ্তনে মকৰ ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পেলাব৷ ব্যৱসায়ত ডাঙৰ চুক্তি কৰিব পাৰে যি ভৱিষ্যতে লাভ হব৷ পেছাগত জীৱনক লৈ মানসিক চাপ থাকিলে দূৰ হব৷ প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ সন্তানৰ পৰা সুখবৰ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















