• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছিংগাপুৰত প্ৰকৃততে কি হৈছিল? A-Z তথ্য, শেখৰ গোস্বামীয়ে কি কৈছে ঘটনা সম্পৰ্কত? কেনেকৈ অসম পালেহি শেখৰ গোস্বামী?

ছিংগাপুৰত প্ৰকৃততে কি হৈছিল? A-Z তথ্য, শেখৰ গোস্বামীয়ে কি কৈছে ঘটনা সম্পৰ্কত? কেনেকৈ অসম পালেহি শেখৰ গোস্বামী?

6 months ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

13 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

15 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

16 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

16 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

17 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

17 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

18 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

18 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

20 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

20 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছিংগাপুৰত প্ৰকৃততে কি হৈছিল? A-Z তথ্য, শেখৰ গোস্বামীয়ে কি কৈছে ঘটনা সম্পৰ্কত? কেনেকৈ অসম পালেহি শেখৰ গোস্বামী?

ছিংগাপুৰত প্ৰকৃততে কি হৈছিল? A-Z তথ্য, শেখৰ গোস্বামীয়ে কি কৈছে ঘটনা সম্পৰ্কত? কেনেকৈ অসম পালেহি শেখৰ গোস্বামী?

editor by editor
September 22, 2025
in জীৱনশৈলী
0
ছিংগাপুৰত প্ৰকৃততে কি হৈছিল? A-Z তথ্য, শেখৰ গোস্বামীয়ে কি কৈছে ঘটনা সম্পৰ্কত? কেনেকৈ অসম পালেহি শেখৰ গোস্বামী?
0
SHARES
921
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি হৈছিল জুবিন গাৰ্গৰ সৈতে৷ ছিংগাপুৰৰ সবিশেষ কাহিনী সন্মুখলৈ আহিছে৷ জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যাত্ৰা কৰা তেওঁৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে দিছে বিশেষ সাক্ষাৎকাৰ৷ চক্ৰপাণি পৰাশৰৰ সৈতে দিয়া এক সাক্ষাৎকাৰত শেখৰ গোস্বামীয়ে জনাইছে ঘটনাৰ A-Z তথ্য৷

শেখৰ গোস্বামীয়ে কৈছে- মই যে দাদাৰ লগত যাম বহু আগতীয়াকৈ গম পোৱা নাছিলো৷ দাদাই শেষ মুহূৰ্তত কৈছিল শেখৰ তই যাব লাগিব৷ দুদিন আগতহে জানিছিলো মই অকলেই বাদ্যযন্ত্ৰী তেওঁৰ লগত যাম৷ মই কেৱল এটা লেপটপ লৈ দাদাৰ সৈতে গৈছিলো৷ তাৰেই অসমীয়া মানুহ এজনৰ পৰা মই কি বৰ্ড এখন বিচাৰিছিলো তেওঁ আনিও দিছিল৷ দাদাই কৈছিল হৈ যাব৷ মই বেছি গীত নাগাও দুই-তিনিটামান গীতহে গাম৷ যোৱাৰ আগনিশালৈকে মই দাদাৰ ষ্টুডিঅ’তেই কাম কৰি আছিলো৷ নিশা ঘৰলৈ গৈ আকৌ পিছদিনা পুৱাই ৫মান বজাত এয়াৰপৰ্টলৈকে আহিছিলো৷ সেইদিনা ১৮ ছেপ্টেম্বৰ৷ পুৱা ৭ বাজি ৩০ মিনিট মানত আমাৰ ফ্লাইট আছিল৷ আমি ৫ জন মানে মই, দাদাৰ মেনেজাৰ সিদ্ধাৰ্থ, ভায়েক সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্ত একেলগে ছিংগাপুৰলৈ উৰা মাৰো৷ আমি প্ৰায় ৩ বাজি ৩০ মিনিট মানত ছিংগাপুৰ পাওঁগৈ৷ তাতেই এখন হোটেল বুক হৈ আছিল আমি তাত সোমালোগৈ৷ দাদাৰ ৰুম আছিল ৩৩ নং ফ্লৰত আৰু আমি আছিলো ৩০ নম্বৰ ফ্লৰত৷ মানে মই আৰু সিদ্ধাৰ্থ একেলগে আছিলো৷ আৰু সন্দীপন আছিল ২৪ নম্বৰ ফ্লৰত৷ হোটেলখনত আমি কোনো এটা আনটোৰ ফ্লৰত যাব নোৱাৰো৷ নিজৰ ফ্লৰলৈকে যাব পৰা এক্সেছহে আছিল কেৱল৷ দাদা অকলেই আছিল ৩৩ ফ্লৰত৷

আমি যোৱাদিনাখনেই নিশা এনেই অলপ ওলাই গৈছিলো৷ তাতেই দাদাই গীত গাইছিল৷ সেয়া দাদাৰ বাবে আয়োজিত অনুষ্ঠান নাছিল৷ এনেই লেডী এগৰাকীয়ে গীত গাই আছিল তাতেই দাদাই এটা গীত গাইছিল৷ তাৰপৰা সুন্দৰকৈ আহি আমি ডিনাৰ কৰো৷ ডিনাৰৰ পাছতেই দাদাই কৈছিল কাইলৈ আমি এফালে যাম৷ আমাৰ কাৰণে এখন পাৰ্ছনেল য়াট বুক হৈ আছে৷ এই কথা জনাই দাদা নিজৰ ফ্লৰলৈ গুচি গৈছিল৷ দাদা এনেও দেৰিকৈ উঠে৷ পিছদিনাও অৰ্থাৎ ১৯ তাৰিখে আমি প্ৰায় ১২ বাজি ৩০ মিনিট মানত ওলাই গৈছিলো৷ আমাক নিবলৈ এখন বাহন আহি ৰৈ আছিল৷ দাদাই ঠিক কৰিছিল সকলোখিনি৷ তাৰপিছতেই আমি সেই বাহনত য়াট থকা স্থানলৈ পাওঁগৈ৷ তাত য়াটখন ৰেডী হৈয়ে আছিল৷ আমি ইয়াৰ পৰা যোৱা আটাইকেইগৰাকীয়ে এই যাত্ৰাত যোৱাৰ ওপৰিও আছাম এছচিয়েছনৰো কেইবাগৰাকীও সদস্য তাত আছিল৷

তাৰপিছতেই আমি ৱাটাৰ এক্টিভিটিৰ বাবে সাগৰত নামিলো৷ দাদাই মোক সাঁতোৰিবলৈ শিকাইছিল৷ আমি ৰেডীও হৈ যোৱা নাছিলো৷ গতিকে পিন্ধি যোৱা হাফপেণ্ট পিন্ধিয়েই সাগৰত জঁপিয়ালো৷ মই ভয় খাইছিলো, যিহেতু মই ভালকৈ সাঁতুৰিব নাজানো৷ দাদাই সাহস দিছিল৷ কৈছিল একো নাই সাগৰত নুডুব৷ সাগৰৰ পানী লুণীয়া সাগৰত সেয়ে ডুবি নাযাও৷ ওপৰলৈ ঠেলি থাকে সাগৰে৷ ভয় নকৰিবি৷ মই নামিলো প্ৰথমে মই এটা ৰাউণ্ড কিবাত সোমাই সাঁতুৰি আছিলো৷ ভিডিঅ’ত দেখিছেই৷ দাদাই প্ৰথমে লাইফ জেকেট পিন্ধি সাঁতুৰিছিল৷ প্ৰথমে বেছি সময় ধৰি দাদাই সাঁতোৰা নাছিল৷ উঠি গৈছিল য়াটলৈ৷ লগতে সন্দীপনো উঠি গৈছিল৷ সিদ্ধাৰ্থ আৰু মই সাগৰতেই সাঁতুৰি আছিলো৷ তাৰপিছত দাদাই আকৌ জপিয়ালে৷ পিছৰবাৰ দাদাই লাইফ জেকেট পিন্ধা নাছিল৷ মই তেতিয়াও সাঁতুৰিয়েই আছিলো সাগৰত৷ কোনোবাই কেৱল ওপৰৰ পৰা কৈছিল দাদাই লাইফ জেকেট পিন্ধা নাই৷ মই দাদাৰ কাষে কাষে আছিলো৷ দাদাই সাঁতুৰি আগুৱাই থাকোতে মই কৈছিলো, দাদা হ’ব বেছি আৰু সাঁতুৰি আগুৱাব নালাগে৷ এটা সময়ত দাদাই কথাখিনি মানিছিল আৰু উভতিছিল৷ দাদাই উভতাৰ পাছতেই মই পিছে পিছেই সাঁতুৰি আছিলো৷ এটা সময়ত দেখিলো দাদাই ভৰি হাত মৰা নাই৷ মূৰটো তলমূৱা হৈ আছে৷

তেতিয়া মই প্ৰথমে ভাৱিছিলো সাঁতুৰোতে এনেও কেতিয়াবা তেনেকুৱা কৰেই৷ তাৰপিছত ১ ছেকেণ্ডতকৈ বেছি সময় দাদাই যেতিয়া এনেকুৱা কৰিছে তেতিয়া মই তেওঁক তলৰ পৰা অলপ তুলি ধৰো৷ তেতিয়া দেখো নাকেৰে কিবা বগা ধৰণৰ পানী ওলাই আহিছে৷ তাৰপিছতেই দাদাই বমি কৰে৷ পানী আৰু অলপ হালধীয়া কিবা ওলাই৷ দাদাই কিছু সময় পূৰ্বে অৱশ্যে বিয়েৰ আৰু গাহৰি মাংস এটুকুৰা খাইছিল৷ সেইখিনিয়েই ওলাই আহিছিল৷ তাৰপিছতেই মই মন কৰো যে দাদা অৱশ হৈ আহিছে৷ তাৰপিছতেই সন্দীপন আৰু সিদ্ধাৰ্থ কাষ চাপি আহে৷ দুয়ো অকণমান দুৰতেই ৱাটাৰ এক্টিভিটি কৰি আছিল৷ লগে লগেই য়াটৰ ড্ৰাইভাৰেও জাপ দিয়ে৷ দাদাক এখন বিশেষ ৰাউণ্ড টাইপ কিবা এটাত উঠাই৷ সন্দীপণ আৰু সিদ্ধাৰ্থই দাদাক ধৰি য়াটৰ দিশে আগুৱাই৷ মইয়ো পিছে পিছে সাঁতুৰি সেই স্থানলৈকে গৈ থাকো৷ দাদাক য়াটত উঠাই লগে লগেই ছিপিআৰ দিয়া হয়৷ ড্ৰাইভাৰে ছিপিআৰ দিবলৈ ধৰে৷ আৰু সন্দীপনেও কিছু জানিছিল সিও সহায় কৰিছিল৷ ইফালে মই পানীত আধা বুৰিয়েই দাদাৰ ভৰি মালিছ কৰিছিলো৷ ভৰিকেইটা গৰম কৰিবলৈ যত্ন কৰিছিলো৷ প্ৰায় ৩০ মিনিটমান সময় তেনেকৈ কৰাৰ পাছত এখন ৱাটাৰ এম্বুলেন্স আহিছিল তাত দাদাক উঠাই তাতো ছেলাইন, ছিপিআৰ আদি দিয়া হৈছিল৷ ৰৈ ৰৈ দিয়া নাছিল পাৰৰ দিশে আগুৱাইয়ো আছিল ৱাটাৰ এম্বুলেন্সখন৷ মই তেতিয়া দেখিছিলো দাদাৰ ভৰিৰ নখ আৰু ওঁঠ কিছু নীলা হৈ আহিছিল৷ মই ভয় খাইছিলো৷ নাৰ্ছক সুধিছিলো৷ নাৰ্ছেও বিশেষ একো কোৱা নাছিল৷ মই তথাপিও সুধিছিলো৷ ঠিকে আছেনে সকলো? তেতিয়া নাৰ্ছে ঠিকে নথকাৰ ইংগিত দিছিল৷

ঘটনাৰ প্ৰায় ৪০ মিনিটমান পাছত দাদাক হাস্পতাললৈ লৈ যোৱা হয়৷ তাতেই সকলো শেষ হ’ল৷ আমাকো ছিংগাপুৰ আৰক্ষীয়ে কিছু সোধপোছ কৰিছে৷ ঘটনা সম্পৰ্কে সুধিছে৷ আমি যি দেখিছো জনাইছো৷ তাৰপিছতেই দাদাৰ সকলো যাৱতীয় কাম কৰি আমি বডীটো চমজি লওঁ৷ দাদাৰ মেনেজাৰ অৰ্থাৎ সিদ্ধাৰ্থই সকলো যাৱতীয় কাম কৰে৷ শেষত দাদাৰ কফিন ঠিক কৰাৰ সময়ত সিদ্ধাৰ্থই মোক সুধিছিল কি ৰঙৰ লওঁ৷ তেতিয়া মই কফি কালাৰৰ লবলৈ কৈছিলো৷ কাৰণ দাদাই কফি কালাৰ ভালপাইছিল৷

তাৰপিছতেই আমাৰ ভাৰতলৈ উভতাৰ প্ৰক্ৰিয়া ঠিক হয়৷ দাদাৰ শৰীৰটো ইণ্ডিয়ান এম্বেচিয়ে নিয়ে আৰু আমাক এয়াৰপৰ্টলৈ যাবলৈ কয়৷ আমি এয়াৰপৰ্টত যাওঁ৷ দাদাক অনা বিশেষ এয়াৰ ইণ্ডিয়াৰ বিমানতেই আমি ভাৰত আহি পাওঁ৷ দিল্লীত উপস্থিত হোৱাৰ পাছত দেখো তাত পবিত্ৰ মাৰ্ঘেৰিটা দাদা আৰু মুখ্যমন্ত্ৰী ৰৈ আছে৷ দাদাৰ কফিনটো তেওঁলোকে চমজি লৈ ভিতৰলৈ লৈ যায়৷ সন্দীপন শেখৰ আৰু মইয়ো বৰ্ডিঙতেই ৰৈ থাকো৷ তাৰপিছত এটা সময়ত সন্দীপনক ভিতৰলৈ মাতে৷ মইয়ো সন্দীপনৰ লগত ভিতৰলৈ যাব খুজিছিলো যদিও যাব নিদিলে৷ মই কি কৰিম একো ভাৱি পোৱা নাছিলো৷ তাৰপিছতেই মোক কোনোবাই এটা পানীৰ বটল দিছিল৷ একো খোৱা নাছিলো৷ ক’ত যাম কি কৰিম একো ভাৱিও পোৱা নাছিলো৷ কাৰণ মই দাদাৰ ভৰষাত গৈছিলো৷ দাদা কফিনত আছিল৷ মোৰ কাষত কোনো নাই৷ মই পবিত্ৰ মাৰ্ঘেৰিটাক চিঞৰি মাতিছিলো৷ কি কৰিম সুধিছিলো৷ পবিত্ৰ মাৰ্ঘেৰিটাই মোক অসম ভৱনলৈ যাবলৈ কৈছিল৷

মই অসম ভৱনলৈ নগলো৷ সিদ্ধাৰ্থক কি কৰিম সুধিছিলো৷ সিদ্ধাৰ্থই কৈছিল আমি দিল্লীতেই থাকিব লাগিব৷ তাৰপিছত আমি শ্বিলঙলৈ যাম৷ মই মানি নললো৷ নাই মই অসম যাম৷ তাৰপিছতেই মই মানস প্ৰতিম দাৰ সৈতে ফোনত কথা পাতো৷ দাদাক কওঁ মোক এটা টিকট কৰি দিয়ক, মই অসমলৈ যাম৷ দাদাই মোক এটা টিকট কৰি দিয়ে৷ এয়াৰ ইণ্ডিয়াৰ টিকট কৰি দিয়ে মানস দাই৷ মই সেই টিকট লৈ ২৮ নম্বৰ গেটত বহি থাকো৷ তেতিয়া প্ৰায় ২ বাজি ৩০ মিনিটমান হৈছিল৷ মোৰ ফ্লাইট আছিল ৪ বাজি ২৫ মিনিট মানত৷ তাৰপিছতেই ফ্লাইটত উঠিলো৷ মই তেতিয়া কথা কব পৰা অৱস্থাতেই নাই৷ খাব পৰা অৱস্থাতো নাছিলো৷ তাৰপিছতেই আঢ়ৈ ঘণ্টামান পাছত গুৱাহাটীত লেণ্ড কৰো৷ তাত দেখো বহু গ্ৰাউণ্ড ষ্টাফ৷ মোৰ চিক চেঞ্চে তেতিয়া কৈছিল মোক মাৰিবলৈ ৰৈ আছে চাগে৷ যি হয় হ’ব মোৰ মৃত্যু ইয়াতেই আছে যদি হ’ব৷ মই নামিবলৈ লওঁতেই ফ্লণ্ট ছিটত পবিত্ৰ দা আৰু সন্দীপনক দেখো৷ মই উঠি গৈ সন্দীপনক মাত লগাওঁতে সি মোক সোধে তুমি ইয়াত কি কৰিছা? মই কলো মই ইয়াত টিকট কাটি আহিছো৷ তেতিয়া সি ক’লে তুমি এতিয়া নাহিবা অলপ পাছত আহিবা৷ মই তেতিয়াই বাহিৰত দেখা পাওঁ৷ দাদাৰ কফিন ৰঙা কাৰ্পেট পাৰি নমাই নিয়া হৈছে৷

মই তেতিয়াই বুজিছো, দাদাই মোক কৈছিল মই আছো তোৰ সৈতে৷ সেয়ে দাদাই মৰাৰ পিছতো মোক এৰি নিদিলে৷ তেওঁ অহা ফ্লাইটতেই মোকো লৈ আহিল৷ দাদা নাই যেতিয়া মোৰ জীয়াই থকাৰ কি আছে? মোৰ পত্নীক দাদাই কয় শেখৰ মোৰ নিজৰ ভাইৰ নিচিনা৷ মোক সন্দীপনে কৈছিল তুমি ভিতৰত থাকা কিন্তু এয়াৰ হোষ্টেজে মোক নামিবলৈ কয়৷ মই যাওঁতে দাদাই মোক লৈ গৈছিল৷ দাদাই কফিনত আহিলেও কিন্তু মোক লৈ আহিল৷ বহু দেৰী মই এয়াৰপৰ্টতেই সোমাই থাকিলো৷ বহু সময়ৰ পাছত মই মাস্ক পিন্ধি তাৰ পৰা ওলাই আহো৷ মোৰ দুজনমান ভাইটিয়ে মোক তাৰপৰা ঘৰলৈ লৈ আহে৷ দাদাই মাতিলে যি হলেও মই হাজিৰ হৈছিলো৷ আজি দাদাৰ কাষত যাব পৰা নাই৷ দাদাই নাই৷ সাহস দিয়া মানুহজনেই নাই৷ মই কাক বুজাম৷ মোৰ এতিয়া একোৱেই নাই৷ চবেই মোক ভিক্টিম ভাৱিছে৷ মই ঘৰৰ পৰা দুৱাৰ খুলিও বাহিৰলৈ ওলাব নোৱাৰো৷ মই পিকু ভাইক মেছেজ কৰিছিলো৷ মোৰ ভুল শুদ্ধ কি কৰিছো নাজানো৷ মই অসমৰ ৰাইজকে সুধিছো মই এতিয়া কি কৰিম?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
মই জুবিন গাৰ্গ হ’ব নোৱাৰিম, জুবিন জুবিনেই, জুবিন কি আছিল পৃথিৱীয়ে দেখিছেঃ পাপন

মই জুবিন গাৰ্গ হ’ব নোৱাৰিম, জুবিন জুবিনেই, জুবিন কি আছিল পৃথিৱীয়ে দেখিছেঃ পাপন

যোৰহাটবাসীৰ হৈ সাংসদ গৌৰৱ গগৈয়ে চৰকাৰৰ ওচৰত কৰিলে ৫টা দাবী,  কি কি দাবী আছে যোৰহাটবাসীৰ

যোৰহাটবাসীৰ হৈ সাংসদ গৌৰৱ গগৈয়ে চৰকাৰৰ ওচৰত কৰিলে ৫টা দাবী, কি কি দাবী আছে যোৰহাটবাসীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.