কি হৈছিল জুবিন গাৰ্গৰ সৈতে৷ ছিংগাপুৰৰ সবিশেষ কাহিনী সন্মুখলৈ আহিছে৷ জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যাত্ৰা কৰা তেওঁৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে দিছে বিশেষ সাক্ষাৎকাৰ৷ চক্ৰপাণি পৰাশৰৰ সৈতে দিয়া এক সাক্ষাৎকাৰত শেখৰ গোস্বামীয়ে জনাইছে ঘটনাৰ A-Z তথ্য৷
শেখৰ গোস্বামীয়ে কৈছে- মই যে দাদাৰ লগত যাম বহু আগতীয়াকৈ গম পোৱা নাছিলো৷ দাদাই শেষ মুহূৰ্তত কৈছিল শেখৰ তই যাব লাগিব৷ দুদিন আগতহে জানিছিলো মই অকলেই বাদ্যযন্ত্ৰী তেওঁৰ লগত যাম৷ মই কেৱল এটা লেপটপ লৈ দাদাৰ সৈতে গৈছিলো৷ তাৰেই অসমীয়া মানুহ এজনৰ পৰা মই কি বৰ্ড এখন বিচাৰিছিলো তেওঁ আনিও দিছিল৷ দাদাই কৈছিল হৈ যাব৷ মই বেছি গীত নাগাও দুই-তিনিটামান গীতহে গাম৷ যোৱাৰ আগনিশালৈকে মই দাদাৰ ষ্টুডিঅ’তেই কাম কৰি আছিলো৷ নিশা ঘৰলৈ গৈ আকৌ পিছদিনা পুৱাই ৫মান বজাত এয়াৰপৰ্টলৈকে আহিছিলো৷ সেইদিনা ১৮ ছেপ্টেম্বৰ৷ পুৱা ৭ বাজি ৩০ মিনিট মানত আমাৰ ফ্লাইট আছিল৷ আমি ৫ জন মানে মই, দাদাৰ মেনেজাৰ সিদ্ধাৰ্থ, ভায়েক সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্ত একেলগে ছিংগাপুৰলৈ উৰা মাৰো৷ আমি প্ৰায় ৩ বাজি ৩০ মিনিট মানত ছিংগাপুৰ পাওঁগৈ৷ তাতেই এখন হোটেল বুক হৈ আছিল আমি তাত সোমালোগৈ৷ দাদাৰ ৰুম আছিল ৩৩ নং ফ্লৰত আৰু আমি আছিলো ৩০ নম্বৰ ফ্লৰত৷ মানে মই আৰু সিদ্ধাৰ্থ একেলগে আছিলো৷ আৰু সন্দীপন আছিল ২৪ নম্বৰ ফ্লৰত৷ হোটেলখনত আমি কোনো এটা আনটোৰ ফ্লৰত যাব নোৱাৰো৷ নিজৰ ফ্লৰলৈকে যাব পৰা এক্সেছহে আছিল কেৱল৷ দাদা অকলেই আছিল ৩৩ ফ্লৰত৷
আমি যোৱাদিনাখনেই নিশা এনেই অলপ ওলাই গৈছিলো৷ তাতেই দাদাই গীত গাইছিল৷ সেয়া দাদাৰ বাবে আয়োজিত অনুষ্ঠান নাছিল৷ এনেই লেডী এগৰাকীয়ে গীত গাই আছিল তাতেই দাদাই এটা গীত গাইছিল৷ তাৰপৰা সুন্দৰকৈ আহি আমি ডিনাৰ কৰো৷ ডিনাৰৰ পাছতেই দাদাই কৈছিল কাইলৈ আমি এফালে যাম৷ আমাৰ কাৰণে এখন পাৰ্ছনেল য়াট বুক হৈ আছে৷ এই কথা জনাই দাদা নিজৰ ফ্লৰলৈ গুচি গৈছিল৷ দাদা এনেও দেৰিকৈ উঠে৷ পিছদিনাও অৰ্থাৎ ১৯ তাৰিখে আমি প্ৰায় ১২ বাজি ৩০ মিনিট মানত ওলাই গৈছিলো৷ আমাক নিবলৈ এখন বাহন আহি ৰৈ আছিল৷ দাদাই ঠিক কৰিছিল সকলোখিনি৷ তাৰপিছতেই আমি সেই বাহনত য়াট থকা স্থানলৈ পাওঁগৈ৷ তাত য়াটখন ৰেডী হৈয়ে আছিল৷ আমি ইয়াৰ পৰা যোৱা আটাইকেইগৰাকীয়ে এই যাত্ৰাত যোৱাৰ ওপৰিও আছাম এছচিয়েছনৰো কেইবাগৰাকীও সদস্য তাত আছিল৷
তাৰপিছতেই আমি ৱাটাৰ এক্টিভিটিৰ বাবে সাগৰত নামিলো৷ দাদাই মোক সাঁতোৰিবলৈ শিকাইছিল৷ আমি ৰেডীও হৈ যোৱা নাছিলো৷ গতিকে পিন্ধি যোৱা হাফপেণ্ট পিন্ধিয়েই সাগৰত জঁপিয়ালো৷ মই ভয় খাইছিলো, যিহেতু মই ভালকৈ সাঁতুৰিব নাজানো৷ দাদাই সাহস দিছিল৷ কৈছিল একো নাই সাগৰত নুডুব৷ সাগৰৰ পানী লুণীয়া সাগৰত সেয়ে ডুবি নাযাও৷ ওপৰলৈ ঠেলি থাকে সাগৰে৷ ভয় নকৰিবি৷ মই নামিলো প্ৰথমে মই এটা ৰাউণ্ড কিবাত সোমাই সাঁতুৰি আছিলো৷ ভিডিঅ’ত দেখিছেই৷ দাদাই প্ৰথমে লাইফ জেকেট পিন্ধি সাঁতুৰিছিল৷ প্ৰথমে বেছি সময় ধৰি দাদাই সাঁতোৰা নাছিল৷ উঠি গৈছিল য়াটলৈ৷ লগতে সন্দীপনো উঠি গৈছিল৷ সিদ্ধাৰ্থ আৰু মই সাগৰতেই সাঁতুৰি আছিলো৷ তাৰপিছত দাদাই আকৌ জপিয়ালে৷ পিছৰবাৰ দাদাই লাইফ জেকেট পিন্ধা নাছিল৷ মই তেতিয়াও সাঁতুৰিয়েই আছিলো সাগৰত৷ কোনোবাই কেৱল ওপৰৰ পৰা কৈছিল দাদাই লাইফ জেকেট পিন্ধা নাই৷ মই দাদাৰ কাষে কাষে আছিলো৷ দাদাই সাঁতুৰি আগুৱাই থাকোতে মই কৈছিলো, দাদা হ’ব বেছি আৰু সাঁতুৰি আগুৱাব নালাগে৷ এটা সময়ত দাদাই কথাখিনি মানিছিল আৰু উভতিছিল৷ দাদাই উভতাৰ পাছতেই মই পিছে পিছেই সাঁতুৰি আছিলো৷ এটা সময়ত দেখিলো দাদাই ভৰি হাত মৰা নাই৷ মূৰটো তলমূৱা হৈ আছে৷
তেতিয়া মই প্ৰথমে ভাৱিছিলো সাঁতুৰোতে এনেও কেতিয়াবা তেনেকুৱা কৰেই৷ তাৰপিছত ১ ছেকেণ্ডতকৈ বেছি সময় দাদাই যেতিয়া এনেকুৱা কৰিছে তেতিয়া মই তেওঁক তলৰ পৰা অলপ তুলি ধৰো৷ তেতিয়া দেখো নাকেৰে কিবা বগা ধৰণৰ পানী ওলাই আহিছে৷ তাৰপিছতেই দাদাই বমি কৰে৷ পানী আৰু অলপ হালধীয়া কিবা ওলাই৷ দাদাই কিছু সময় পূৰ্বে অৱশ্যে বিয়েৰ আৰু গাহৰি মাংস এটুকুৰা খাইছিল৷ সেইখিনিয়েই ওলাই আহিছিল৷ তাৰপিছতেই মই মন কৰো যে দাদা অৱশ হৈ আহিছে৷ তাৰপিছতেই সন্দীপন আৰু সিদ্ধাৰ্থ কাষ চাপি আহে৷ দুয়ো অকণমান দুৰতেই ৱাটাৰ এক্টিভিটি কৰি আছিল৷ লগে লগেই য়াটৰ ড্ৰাইভাৰেও জাপ দিয়ে৷ দাদাক এখন বিশেষ ৰাউণ্ড টাইপ কিবা এটাত উঠাই৷ সন্দীপণ আৰু সিদ্ধাৰ্থই দাদাক ধৰি য়াটৰ দিশে আগুৱাই৷ মইয়ো পিছে পিছে সাঁতুৰি সেই স্থানলৈকে গৈ থাকো৷ দাদাক য়াটত উঠাই লগে লগেই ছিপিআৰ দিয়া হয়৷ ড্ৰাইভাৰে ছিপিআৰ দিবলৈ ধৰে৷ আৰু সন্দীপনেও কিছু জানিছিল সিও সহায় কৰিছিল৷ ইফালে মই পানীত আধা বুৰিয়েই দাদাৰ ভৰি মালিছ কৰিছিলো৷ ভৰিকেইটা গৰম কৰিবলৈ যত্ন কৰিছিলো৷ প্ৰায় ৩০ মিনিটমান সময় তেনেকৈ কৰাৰ পাছত এখন ৱাটাৰ এম্বুলেন্স আহিছিল তাত দাদাক উঠাই তাতো ছেলাইন, ছিপিআৰ আদি দিয়া হৈছিল৷ ৰৈ ৰৈ দিয়া নাছিল পাৰৰ দিশে আগুৱাইয়ো আছিল ৱাটাৰ এম্বুলেন্সখন৷ মই তেতিয়া দেখিছিলো দাদাৰ ভৰিৰ নখ আৰু ওঁঠ কিছু নীলা হৈ আহিছিল৷ মই ভয় খাইছিলো৷ নাৰ্ছক সুধিছিলো৷ নাৰ্ছেও বিশেষ একো কোৱা নাছিল৷ মই তথাপিও সুধিছিলো৷ ঠিকে আছেনে সকলো? তেতিয়া নাৰ্ছে ঠিকে নথকাৰ ইংগিত দিছিল৷
ঘটনাৰ প্ৰায় ৪০ মিনিটমান পাছত দাদাক হাস্পতাললৈ লৈ যোৱা হয়৷ তাতেই সকলো শেষ হ’ল৷ আমাকো ছিংগাপুৰ আৰক্ষীয়ে কিছু সোধপোছ কৰিছে৷ ঘটনা সম্পৰ্কে সুধিছে৷ আমি যি দেখিছো জনাইছো৷ তাৰপিছতেই দাদাৰ সকলো যাৱতীয় কাম কৰি আমি বডীটো চমজি লওঁ৷ দাদাৰ মেনেজাৰ অৰ্থাৎ সিদ্ধাৰ্থই সকলো যাৱতীয় কাম কৰে৷ শেষত দাদাৰ কফিন ঠিক কৰাৰ সময়ত সিদ্ধাৰ্থই মোক সুধিছিল কি ৰঙৰ লওঁ৷ তেতিয়া মই কফি কালাৰৰ লবলৈ কৈছিলো৷ কাৰণ দাদাই কফি কালাৰ ভালপাইছিল৷
তাৰপিছতেই আমাৰ ভাৰতলৈ উভতাৰ প্ৰক্ৰিয়া ঠিক হয়৷ দাদাৰ শৰীৰটো ইণ্ডিয়ান এম্বেচিয়ে নিয়ে আৰু আমাক এয়াৰপৰ্টলৈ যাবলৈ কয়৷ আমি এয়াৰপৰ্টত যাওঁ৷ দাদাক অনা বিশেষ এয়াৰ ইণ্ডিয়াৰ বিমানতেই আমি ভাৰত আহি পাওঁ৷ দিল্লীত উপস্থিত হোৱাৰ পাছত দেখো তাত পবিত্ৰ মাৰ্ঘেৰিটা দাদা আৰু মুখ্যমন্ত্ৰী ৰৈ আছে৷ দাদাৰ কফিনটো তেওঁলোকে চমজি লৈ ভিতৰলৈ লৈ যায়৷ সন্দীপন শেখৰ আৰু মইয়ো বৰ্ডিঙতেই ৰৈ থাকো৷ তাৰপিছত এটা সময়ত সন্দীপনক ভিতৰলৈ মাতে৷ মইয়ো সন্দীপনৰ লগত ভিতৰলৈ যাব খুজিছিলো যদিও যাব নিদিলে৷ মই কি কৰিম একো ভাৱি পোৱা নাছিলো৷ তাৰপিছতেই মোক কোনোবাই এটা পানীৰ বটল দিছিল৷ একো খোৱা নাছিলো৷ ক’ত যাম কি কৰিম একো ভাৱিও পোৱা নাছিলো৷ কাৰণ মই দাদাৰ ভৰষাত গৈছিলো৷ দাদা কফিনত আছিল৷ মোৰ কাষত কোনো নাই৷ মই পবিত্ৰ মাৰ্ঘেৰিটাক চিঞৰি মাতিছিলো৷ কি কৰিম সুধিছিলো৷ পবিত্ৰ মাৰ্ঘেৰিটাই মোক অসম ভৱনলৈ যাবলৈ কৈছিল৷
মই অসম ভৱনলৈ নগলো৷ সিদ্ধাৰ্থক কি কৰিম সুধিছিলো৷ সিদ্ধাৰ্থই কৈছিল আমি দিল্লীতেই থাকিব লাগিব৷ তাৰপিছত আমি শ্বিলঙলৈ যাম৷ মই মানি নললো৷ নাই মই অসম যাম৷ তাৰপিছতেই মই মানস প্ৰতিম দাৰ সৈতে ফোনত কথা পাতো৷ দাদাক কওঁ মোক এটা টিকট কৰি দিয়ক, মই অসমলৈ যাম৷ দাদাই মোক এটা টিকট কৰি দিয়ে৷ এয়াৰ ইণ্ডিয়াৰ টিকট কৰি দিয়ে মানস দাই৷ মই সেই টিকট লৈ ২৮ নম্বৰ গেটত বহি থাকো৷ তেতিয়া প্ৰায় ২ বাজি ৩০ মিনিটমান হৈছিল৷ মোৰ ফ্লাইট আছিল ৪ বাজি ২৫ মিনিট মানত৷ তাৰপিছতেই ফ্লাইটত উঠিলো৷ মই তেতিয়া কথা কব পৰা অৱস্থাতেই নাই৷ খাব পৰা অৱস্থাতো নাছিলো৷ তাৰপিছতেই আঢ়ৈ ঘণ্টামান পাছত গুৱাহাটীত লেণ্ড কৰো৷ তাত দেখো বহু গ্ৰাউণ্ড ষ্টাফ৷ মোৰ চিক চেঞ্চে তেতিয়া কৈছিল মোক মাৰিবলৈ ৰৈ আছে চাগে৷ যি হয় হ’ব মোৰ মৃত্যু ইয়াতেই আছে যদি হ’ব৷ মই নামিবলৈ লওঁতেই ফ্লণ্ট ছিটত পবিত্ৰ দা আৰু সন্দীপনক দেখো৷ মই উঠি গৈ সন্দীপনক মাত লগাওঁতে সি মোক সোধে তুমি ইয়াত কি কৰিছা? মই কলো মই ইয়াত টিকট কাটি আহিছো৷ তেতিয়া সি ক’লে তুমি এতিয়া নাহিবা অলপ পাছত আহিবা৷ মই তেতিয়াই বাহিৰত দেখা পাওঁ৷ দাদাৰ কফিন ৰঙা কাৰ্পেট পাৰি নমাই নিয়া হৈছে৷
মই তেতিয়াই বুজিছো, দাদাই মোক কৈছিল মই আছো তোৰ সৈতে৷ সেয়ে দাদাই মৰাৰ পিছতো মোক এৰি নিদিলে৷ তেওঁ অহা ফ্লাইটতেই মোকো লৈ আহিল৷ দাদা নাই যেতিয়া মোৰ জীয়াই থকাৰ কি আছে? মোৰ পত্নীক দাদাই কয় শেখৰ মোৰ নিজৰ ভাইৰ নিচিনা৷ মোক সন্দীপনে কৈছিল তুমি ভিতৰত থাকা কিন্তু এয়াৰ হোষ্টেজে মোক নামিবলৈ কয়৷ মই যাওঁতে দাদাই মোক লৈ গৈছিল৷ দাদাই কফিনত আহিলেও কিন্তু মোক লৈ আহিল৷ বহু দেৰী মই এয়াৰপৰ্টতেই সোমাই থাকিলো৷ বহু সময়ৰ পাছত মই মাস্ক পিন্ধি তাৰ পৰা ওলাই আহো৷ মোৰ দুজনমান ভাইটিয়ে মোক তাৰপৰা ঘৰলৈ লৈ আহে৷ দাদাই মাতিলে যি হলেও মই হাজিৰ হৈছিলো৷ আজি দাদাৰ কাষত যাব পৰা নাই৷ দাদাই নাই৷ সাহস দিয়া মানুহজনেই নাই৷ মই কাক বুজাম৷ মোৰ এতিয়া একোৱেই নাই৷ চবেই মোক ভিক্টিম ভাৱিছে৷ মই ঘৰৰ পৰা দুৱাৰ খুলিও বাহিৰলৈ ওলাব নোৱাৰো৷ মই পিকু ভাইক মেছেজ কৰিছিলো৷ মোৰ ভুল শুদ্ধ কি কৰিছো নাজানো৷ মই অসমৰ ৰাইজকে সুধিছো মই এতিয়া কি কৰিম?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















