টেৰোকাৰ্ড জ্যোতিষ গণনাৰ এক গুৰুত্বপূৰ্ণ অংগ৷ বিশেষকৈ পাশ্চাত্য দুনীয়াত টেৰোকাৰ্ডৰ মাধ্যমেৰে ভৱিষ্যৎ জনাটো বিশেষভাৱে জনপ্ৰিয়৷ আৰু এই এদিনৰ মাজত আৰম্ভ হ’ব বছৰৰ নৱম মাহ ছেপ্টেম্বৰ৷ বছৰৰ নৱম মাহ হোৱাত এই মাহৰ মূল্যাংক ৯ আৰু ছেপ্টেম্বৰৰ অধিপতি গ্ৰহ মঙল৷ মঙলৰ ৰাশি হৈছে মেষ আৰু বৃশ্চিক৷ সেয়ে মেষ আৰু বৃশ্চিক ৰাশিৰ জাতকে ছেপ্টেম্বৰত বিশেষ সহায়তা লাভ কৰিব৷ টেৰো কাৰ্ডৰ গণনাই কৈছে যে ছেপ্টেম্বৰ মাহত পাঁচ ৰাশিৰ জাতকৰ সৌভাগ্য লাভ হ’ব৷ বিশেষকৈ আৰ্থিকভাৱে দুৰ্দান্ত লাভ কৰিব আগন্তুক মাহত৷ জানি থওক ছেপ্টেম্বত কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব?
মেষ ৰাশি
টেৰো গণনা অনুসৰি দেখা গৈছে যে ছেপ্টেম্বৰত প্ৰচুৰ উন্নতি কৰিব মেষ ৰাশিৰ জাতকে৷ যিসকলো ব্যৱসায় কৰি আছে তেওঁলোকে পাবলগীয়া ধন এই মাহতেই লাভ কৰিব৷ কোনো ষ্টাৰ্টআপ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে ছেপ্টেম্বৰত লাভজনক ফল লাভ কৰিব৷ আগন্তুক মাহত আপুনি নতুন চাকৰি পাব পাৰে৷ ধৈৰ্য্য ধৰিলে গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰিব পাৰিব৷
সিংহ ৰাশি
ছেপ্টেম্বৰ মাহত কেৰিয়াৰত বৃহৎ সাফল্য পাব সিংহ ৰাশিৰ জাতকে৷ টেৰো কাৰ্ড বিচাৰ কৰি দেখা গৈছে যে আগন্তুক মাহত আপুনি নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পন্ন কৰিব পাৰিব৷ অন্যহাতে প্ৰেম জীৱনো ভাল হ’ব৷ সংগীৰ সৈতে ভাল সময় কটাব৷ আপোনালোকৰ মাজত থকা ভুল বুজাবুজি দূৰ হ’ব৷ ভৱিষ্যৎ সংক্ৰান্তিয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকে দীৰ্ঘদিন ধৰি নিজৰ পেছাগত আৰু ব্যক্তিগত জীৱন বেলেন্স কৰি ৰাখিব পাৰিব৷ ছেপ্টেম্বৰ ২০২৪ত তেওঁলোকৰ সকলো সমস্যা দূৰ হ’ব৷ টেৰো গণনাত দেখা গৈছে যে আগন্তুক মাহত জীৱনৰ সকলো ক্ষেত্ৰত সকলোৰে সৈতে বুজাপৰা ৰাখি আগবাঢ়িব৷ একাধিক নতুন চাকৰিৰ সুযোগ পাব আপুনি৷ বিগত মাহত কামৰ প্ৰচণ্ড চাপ আছিল যদিও ছেপ্টেম্বৰত এই চাপ নাথাকিব৷
তুলা ৰাশি
আগষ্টত বতৰৰ পৰিবৰ্তনৰ কাৰণে শৰীৰ স্বাস্থ্যক লৈ কিছু সমস্যা পাইছে যদি ছেপ্টেম্বৰত এই সমস্যা দূৰ হ’ব৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব৷ কেৰিয়াৰতো কিছু পৰিবৰ্তন দেখা পাব৷ পেছাগত জীৱনত বৃহৎ সাফল্য দেখা পাব৷ ব্যৱসায়ীয়ে বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ আপুনি লাভ কৰিব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ যিসকলে চাকৰি পৰিবৰ্তন কৰিব বিচাৰিছে আগন্তুক মাহ তেওঁলোকৰ বাবে শুভ হ’ব৷ বৃহৎ কোনো কোম্পানীৰ পৰা ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে আপুনি৷ খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব৷ আগন্তুক মাহত স্বাস্থ্যৰ যত্ন লওক৷ নানান কাৰণত মনত আনন্দ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ