২০০৬ চনত শনিৰ স্থান সলনি খুবেই গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে৷ এই বছৰ ২৮ নৱেম্বৰত শনিদেৱ মাৰ্গী হৈছে আৰু শনিয়ে ২৬জুলাই ২০২৬ চন পৰ্যন্ত মাৰ্গী অৱস্থাত থাকিব৷ অৰ্থাৎ ২০২৬ চনৰ প্ৰথম ৭মাহ শনিয়ে চিধা পথেৰে চলিব৷ জ্যোতিষবিদৰ মতে এই মাৰ্গী শনি কেইটামান ৰাশিৰ বাবে খুবেই শুভ বুলি প্ৰমাণিত হব৷ এই ৰাশিৰ জাতকৰ কেৰিয়াৰত উন্নতি আৰু আৰ্থিক দিশ মজবুত থাকিব৷ জানি থওক লাকী ৰাশি কি কি?
বৃষ ৰাশি
শনিৰ চিধা পথৰ যাত্ৰাই আপোনাৰ সকলো সপোন পূৰ্ণ কৰিব৷ আপুনি বহু বছৰ ধৰি যি কাম কৰিব বুলি ভাৱি আছিল সেয়া সফল হব৷ নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ২০২৬ চনৰ এই সময় খুবেই অনুকূল৷ চাকৰিত উন্নতি হব৷ ব্যৱসায়ত লাভ কৰিব পাৰে৷ আমদানি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷
কন্যা ৰাশি
মাৰ্গী শনিয়ে আপোনাক আৰ্থিক দিশত সমৃদ্ধ কৰিব৷ অৰ্থ উপাৰ্জনৰ বিষয়ত আপুনি ভাগ্যৰ পূৰ্ণ সহযোগিতা পাব৷ ৰৈ যোৱা ব্যৱসায় আৰম্ভ কৰিব৷ ব্যৱসায়ত নতুন চুক্তিৰ পৰা লাভৱান হব৷ নতুন বছৰত ৰোজগাৰ বাঢ়িব৷ সামাজিক প্ৰতিষ্ঠান আৰু মান-সন্মান বাঢ়িব৷ পছন্দৰ অথৱা নতুন চাকৰি পাব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে মাৰ্গী শনিয়ে সুসময় কঢ়িয়াই আনিব৷ খৰচ কমিব আৰু ধন সঞ্চয় কৰিব পাৰিব৷ কৰ্মস্থানত উচ্চ পদ পাব পাৰে৷ ডাঙৰ দায়িত্ব আহিব হাতলৈ৷ অফিচত আপোনাৰ কাম সকলোতকৈ বেছি প্ৰশংসিত হব৷ এই সময়ত পৰিয়ালৰ প্ৰয়োজনীয়তা আৰু সুখ সুবিধাৰ ওপৰত মনোযোগ দিলে ভাল হয়৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে ২০২৬ চনৰ প্ৰথম ৬মাহ শুভ প্ৰমাণিত হব৷ কৰ্মস্থানত আপোনাৰ আত্মবিশ্বাস মজবুত হব৷ সহকৰ্মীসকলৰ সংগ পাব৷ আয় বাঢ়িব৷ অৰ্থ সঞ্চয়ত সফল হব৷ সৰু দুৰ্ঘটনাৰ পৰা বাচিব পাৰে৷ শত্ৰুৰ ওপৰত বিজয় সাবস্ত্য কৰিব৷ নিজৰ সৃজনশীলতা দক্ষতা আৰু সুন্দৰ আচৰণেৰে অন্যৰ মন জয় কৰাত সফল হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















