সুস্বাস্থ্যৰ বাবে যিসমূহ খনিজ উপাদান জৰুৰী তাৰ মাজত অন্যতম মেগনেছিয়াম। এই খনিজে পেশি, স্নায়ু, হাঁড় আৰু হৃদযন্ত্ৰৰ স্বাভাৱিক কাৰ্যকাৰিতাৰ বাবে অত্যন্ত জৰুৰী। ইয়াৰোপৰি ই শৰীৰৰ বহু গুৰুত্বপূৰ্ণ কৰ্মকাণ্ডৰ সৈতে যুক্ত। মেগনেছিয়ামৰ ঘাটি শৰীৰৰ এক গুৰুত্বপূৰ্ণ সমস্যা। যি বেছিভাগ মানুহেই উপেক্ষা কৰে। শৰীৰত মেগনেছিয়ামৰ মাত্ৰা কমি গলে কিছু লক্ষণে দেখা দিয়ে যি প্ৰাথমিক পৰ্যায়ত চিনাক্ত কৰিলে বহু জটিল সমস্যা দূৰ কৰা সম্ভৱ।
পেশী টানি টানি ধৰা
নিশা ভৰিৰ টানি টানি ধৰা পেশী টানি ধৰা আদি মেগনেছিয়ামৰ ঘাটিৰ এক সাধাৰণ লক্ষণ। এই খনিজে পেশীৰ সঞ্চালনৰ বাবে খুবেই জৰুৰী।
দুৰ্বলতা বা ক্লান্তি
যথেষ্ট বিশ্ৰামৰ পাছতো যদি আপুনি দুৰ্বলতা বা ক্লান্তি অনুভৱ কৰে তেতিয়া সেয়া মেগনেছিয়ামৰ ঘাটিৰ ইংগিত। কাৰণ মেগনেছিয়ামে শৰীৰৰ শক্তি উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
হাত ভৰি অৱস লগা
মেগনেছিয়ামৰ অভাৱত স্নায়ুৰ সঠিক সংকেত প্ৰেৰণত সমস্যা হব পাৰে। যাব ফলত হাত ভৰি অৱশ লাগিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















