শোকাৱহ দুৰ্ঘটনা, পত্নীক চিকিৎসাৰ বাবে নিয়াৰ সময়তে এম্বুলেঞ্চ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৬ লোকে
শুকুৰবাৰে নিশা পাছিম মেদিনীপুৰ জিলাত এখন ট্ৰাক আৰু এম্বুলেন্সৰ মাজত এক বৃহৎ সংঘৰ্ষ সংঘটিত হয়। এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, নিহতসকলৰ ভিতৰত চাৰিজন একেটা পৰিয়ালৰ সদস্য।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰে। কোৱা হৈছে যে সকলোৱে এম্বুলেন্সত এজন ৰোগী লৈ চিকিৎসালয়লৈ গৈ আছিল। পাছে বাটতে চিমেণ্ট ভৰ্তি ট্ৰাক এখনৰ সৈতে সংঘৰ্ষ হয় এম্বুলেন্সখনৰ। সংঘৰ্ষৰ পিছতে ৬ জন লোকৰ থিতাতে মৃত্যু হয়।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, আত্মীয়ই ৰোগী এগৰাকীক চিকিৎসালয়লৈ লৈ গৈ আছিল। সেই সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। জিলাখনৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে, ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দুজন গুৰুতৰভাৱে আহত লোকৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই।
খিৰপাইৰ এখন চিকিৎসালয়ৰ পৰা এম্বুলেন্সেৰে মদিনাপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছিল অপৰ্ণা বেগ নামৰ এগৰাকী ৰোগীক। ইফালে কেশপুৰৰ মাজেৰে পাৰ হৈ যোৱা পঞ্চমী ৰাজ্যিক ঘাইপথৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। শনিবাৰে বিষয়াগৰাকীয়ে জনোৱা মতে, ৰোগীজনৰ পৰিয়ালৰ সদস্য আৰু চালককে ধৰি মুঠ ৮জন লোক আছিল এম্বুলেন্স খনত।
সংঘৰ্ষৰ পিছত থিতাতে ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৰোগীসহ দুজন লোক গুৰুতৰভাৱে আহত হয়। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, নিহত দুজন অপৰ্ণাৰ মাতৃ অনিমা মালিক, স্বামী শ্যামপদা বাগ, ককাক শ্যামল ভুনিয়া আৰু পেহী চন্দনা ভুনিয়া বুলি চিনাক্ত হোৱাৰ বিপৰীতে আন দুজন লোকক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ