অসম লাইভ২৪ঃ অস্বাস্থ্যকৰ জীৱনযাপন, ৰাসায়নিক দ্ৰব্য মিশ্ৰিত প্ৰসাধনৰ বহুল ব্যৱহাৰ আপু ছালৰ যত্নৰ প্ৰতি অনীহা, এইসমূহৰ কাৰণে ছালৰ কৰ্কটৰ আশংকা বৃদ্ধি পায়। কৰ্কটে শৰীৰৰ যিকোনো অংশতেই বাহৰ পাতিব পাৰে। অংগভেদে কৰ্কচৰ লক্ষণো ভিন্ন হয়। ছালৰ কৰ্কটৰ ভিতৰত প্রধান কেইটামান উপসৰ্গ হৈছে, ডিঙিত, মুখত য’তে ত’তে মাংসপিণ্ড তৈয়াৰ হোৱা। চিকিৎসকৰ ভাষাত ইয়াক কোৱা হয় ‘বেছাল কাৰ্ছিনোমা’। মূলত সূৰ্যৰ পোহৰে শৰীৰৰ যিসমূহ অংশত বেছি পৰিমানে পৰে তেনে অংশতেই এনে মাংসপিণ্ড তৈয়াৰ হয়। সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়েই ছালৰ কৰ্কটৰ অন্যতম কাৰণ। বহুতৰে মতে ছালত আঁচোৰ লগা টাইপ হোৱাটোও কৰ্কটৰেই লক্ষণ।
কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?
১) বাদামী, ক’লা বা গাঢ় নীলা ৰঙৰ কোনো দাগ হঠাতে দেখা দিলে।
২) ছালৰ ওপৰত মমৰ দৰে বগা ৰঙৰ কোনো মাংসপিণ্ড, যি মাংসপিণ্ড সময়ৰ সৈতে বাঢ়ি গৈ থাকে।
৩) কোনো ক্ষত স্থান, যৰ পৰা অকণমান হেঁচা পালেও যদি তেল ওলায়েই থাকে।
৪) ছালৰ কোনো অংশত দাগ হৈ সেই দাগ বিয়পি গৈ থকা।
৫) দেহৰ যতে ততে মাংসপিণ্ডৰ সৃষ্টি হোৱা।
এইকেইটা লক্ষণৰ ওপৰিও যদি কাণ, মুখৰ কোনো অংশতো এই লক্ষণ দেখা পায় তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লওক।
কেনেকৈ সুৰক্ষা গ্ৰহণ কৰিব?
১)সূৰ্যৰ পোহৰৰ পৰা প্ৰাপ্ত ভিটামিন ডি শৰীৰৰ এটা অপৰিহাৰ্য উপাদান। কিন্তু সূৰ্যৰ তীব্ৰ পোহৰৰ পৰা ছালখনক সুৰক্ষা দিয়ক।
২) গ্ৰীষ্মকালতেই নহয় শীতকালতো ঘৰৰ পৰা বাহিৰলৈ ওলাই আহোতে ছানস্ক্ৰিন ব্যৱহাৰ কৰক। আনকি বতৰ সেমেকা হ’লেও ঘৰৰ পৰা ওলাই আহোতে ছানস্ক্ৰিণ লগাবলৈ নাপাহৰিব।
৩) ছাল উজ্জ্বল কৰা ক্ৰিম, ছুলিত দিয়া ৰঙ আদি ব্যৱহাৰ কৰাৰ আগত ভালদৰে চাই ল’ব। এইসমূহৰ পৰাও কৰ্কটৰ আশংকা থাকে।
৪) ছালত হঠাৎ কোনো দাগ বা মাংসপিণ্ডৰ আৱিৰ্ভাৱ হ’লে অৱহেলা নকৰি চিকিৎসকৰ সৈতে কথা পাতক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ