অসম লাইভ২৪ঃ আপোনাৰ হাতত স্মাৰ্টফোন নাই? আচৰিত! এই যুগত যদি আপোনাৰ হাতত স্মাৰ্টফোন নাই সেইটোহে আচৰিত কথা৷ স্মাৰ্টফোনৰ নিচা এতিয়া সভ্যতাৰ আটাইতকৈ ডাঙৰ সংকট৷ কিন্তু এই সংকট অচিৰেই দূৰ হ’ব৷ আৰু মাত্ৰ ডেৰ দশক৷ ডেৰ দশকৰ পাছতেই পৃথিৱীৰ পৰা হেৰাই যাব স্মাৰ্টফোন৷ এই দাবী আমাৰ নহয় এই দাবী কৰিছে মেটাৰ এগৰাকী শীৰ্ষ এ আই বিজ্ঞানীয়ে৷
কিন্তু কেনেকৈ বিশ্বৰ পৰা হেৰাই যাব এই স্মাৰ্টফোন? ইয়ান লেকুন নামৰ এ আই বিজ্ঞানীয়ে কৰা দাবীত তেওঁ কৈছে, ‘শেষপৰ্যন্ত স্মাৰ্টফোনৰ বিকল্প হ’ব কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন এছিষ্টেণ্ট৷ যিয়ে আমাৰ দৈনন্দিন জীৱনত সহায়ক হৈ পৰিব৷ এতিয়াৰ স্মাৰ্টফোন তেতিয়া একেবাৰেই অদৰকাৰী বাকচ হৈ পৰিব৷ এই সময় আহিবলৈ সময় মাজত এতিয়াও প্ৰায় দহৰ পৰা পোন্ধৰ বছৰ আছে৷ এই সময়ত আমি নিজেই হাতৰ পৰা স্মাৰ্টফোনটো দলিয়াই দিম৷ নতুবা এটা যুগৰ সোঁৱৰণী বুলি স্মাৰ্টফোনটোক সংৰক্ষণ কৰিম৷ স্মাৰ্টফোনৰ বিকল্প হিচাপে আমাৰ হাতত থাকিব স্মাৰ্টফোনতকৈ উন্নত প্ৰযুক্তিৰ এগমেণ্টেড ৰিয়েলিটি গ্লাচেছ৷’
লগতে লিকুনৰ দাবী, ‘আমি বিশেষ ধৰণৰ চছমা আৰু ব্ৰেছলেটৰেই সকলো কাম কৰিব পাৰিম৷ কল্পবাস্তৱৰ জগতত চলাফিৰা কৰোতে আমাৰ কোনো সমস্যা নহ’ব৷ ফলত স্মাৰ্টফোনৰ প্ৰয়োজন একেবাৰেই শেষ হৈ যাব৷’ লেকুনেই প্ৰথম এই দাবী কৰিছে তেনে নহয়৷ নকিয়াৰ চিইঅ’ পেক্কা লেণ্ডমাৰ্কেও ২০২২ চনত এই দাবী কৰিছিল৷ তেওঁ কৈছিল ২০৩০ চনৰ ভিতৰতেই পৃথিৱীত আৰু স্মাৰ্টফোনৰ প্ৰয়োজনীয়তা নাথাকিব৷ বৰং শৰীৰতেই স্থাপিত হ’ব নানান যন্ত্ৰ৷
উল্লেখ্য যে চলিত বছৰত ধনকুবেৰ এলন মাস্কৰ সংস্থাই মানৱ দেহত যন্ত্ৰ লগোৱাৰ অসাধ্য সাধন কৰিছে৷ Neuralink য়ে মানৱ মস্তিষ্কত বহুৱাইছে বিশেষ ব্ৰেইন ইণ্টাৰফেচ অৰ্থাৎ চিপ৷ যিয়ে মানৱ মস্তিষ্কৰ সৈতে কম্পিউটাৰৰ পোনপটীয়া যোগাযোগ গঢ়ি তুলিব৷ সেই ব্যক্তিয়ে তেওঁৰ মস্তিষ্কক ব্যৱহাৰ কৰি টেলিপেথিৰ মাধ্যমেৰে ভিডিঅ’ গেম বা অনলাইন দবা খেলাইয়ো টেষ্ট কৰি চোৱা হৈছে৷ সকলো মিলি প্ৰযুক্তিৰ পৃথিৱীত আহিছে ভাৱিব নোৱাৰা বিপ্লৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ