পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ’ব ২০২৭ চনৰ ২ আগষ্টত৷ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰায়েই হয়৷ কিন্তু ইয়াৰ বিশেষত্ব কি? ২ আগষ্টৰ এই অসাধাৰণ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ইউৰোপ, উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ কিছু অংশৰ আকাশক অন্ধকাৰ কৰি দিব৷ ৬ মিনিট ২৩ ছেকেণ্ড চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ধৰিব, যিয়ে পৃথিৱীৰ ওপৰত এক ছায়া পেলাব৷ যাক গ্ৰেট নৰ্থ আফ্ৰিকান ইক্লিপছ বুলি কোৱা হৈছে৷
এই ঘটনাটো হ’ব ১৯৯১ চনৰ পৰা ২১১৪ চনৰ মাজত পৃথিৱীৰ পৰা দৃশ্যমান দীৰ্ঘতম পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ৷ ইয়াত দীৰ্ঘ সময় ধৰি পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু দৃশ্যমানতাৰ কাৰণে, এই বিস্ময়কৰ মহাজাগতিক ঘটনাটো মহাদেশৰ লাখ লাখ মানুহ, বিজ্ঞানী আৰু আলোকচিত্ৰশিল্পীসকলৰ বাবে বিশেষ অভিজ্ঞতা হ’ব৷ আগন্তুক ১০০ বছৰলৈ এই ধৰণৰ সূৰ্যগ্ৰহণ আৰু দেখা নাপাব বিশ্ববাসীয়ে৷
বিশেষজ্ঞই বাখ্যা কৰিছে যে কেইবাটাও বিৰল জ্যোতিবিৰ্দ্যাগত পৰিস্থিতি লগ হৈ এই অস্বাভাৱিক দীৰ্ঘ সূৰ্যগ্ৰহণ হব৷ পৃথিৱী সূৰ্যৰ পৰা সকলোতকৈ দূৰবৰ্তী স্থানত অৰ্থাৎ অপেলিয়নত থাকিব৷ ইয়াৰ ফলত সূৰ্যক সৰু দেখা যাব৷ চন্দ্ৰই পৃথিৱীৰ সকলোতকৈ কাষৰ বিন্দু, অৰ্থাৎ পেৰিজিতত থাকিব, আকাশত আৰু ডাঙৰ দেখা যাব চন্দ্ৰক৷ গ্ৰহণটো বিষুৱৰেখাৰ কাষলৈকো যাব৷ তাতেই চন্দ্ৰৰ ছায়া পৃথিৱীৰ পৃষ্ঠৰ ওপৰত আৰু ধীৰে ধীৰে বিয়পি পৰিব৷
২০২৭ চনৰ এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কৰ কৰ পৰা দেখা যাব?
- সূৰ্যগ্ৰহণটো পৃথিৱীৰ বিশাল অংশৰ পৰা দৃশ্যমান হব৷ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণটো আটলাণ্টিক মহাসাগৰৰ ওপৰ দিশৰ পৰা আৰম্ভ হৈ ক্ৰমশ পূৰ্বদিশলৈ অগ্ৰসৰ হব৷
- পূৰ্বাভাস অনুসৰি, চন্দ্ৰৰ ছায়া নিম্নলিখিত অঞ্চলসমূহত পৰিব৷
- দক্ষিণ স্পেইন আৰু জিব্ৰাল্টাৰ৷
- মৰক্কো, আলজেৰিয়া, তিউনিছিয়া, লিবিয়া আৰু মিছৰসহ উত্তৰ আফ্ৰিকাৰ দেশত৷
- ছৌদী আৰৱ, য়েমেন আৰু ছোমালিয়াসহ মধ্যপ্ৰাচ্যৰ কিছু অংশৰ পৰাও দৃশ্যমান হব গ্ৰহণ৷
- মিছৰৰ লুক্সৰত, পৰ্যবেক্ষকে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দীৰ্ঘতম সময়লৈ উপভোগ কৰিব পাৰিব৷ মধ্যাহ্নৰ ৬ মিনিটৰো বেছি সময় ধৰি উপভোগ কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















