সঁচাকৈয়ে গ্ৰেপ্তাৰী পাৰোৱানা নে চৰ্চিত হোৱাৰ নামত নাটক- চনু ছুডৰ সকলো সদৰি
বলীফডৰ অভিনেতা চনু ছুডৰ গ্ৰেপ্তাৰী পাৰোৱানা জাৰি হোৱা বুলি তোলপাৰ লাগি গৈছিল সকোলফালে।সংবাদ মাধ্যমতো শীৰ্ষ বাতৰি হৈ পৰিছিল এই তাৰকা গৰাকীৰ এই গ্ৰেপ্তাৰী পাৰোৱানাৰ খবৰ। ন্যায়ালয়ৰ পৰা জাৰি হোৱা বুলিও খবৰ প্ৰকাশ পাইছিল।
পাছে কিমানদূৰ সত্য এই কথা। সঁচাকৈয়ে গ্ৰেপ্তাৰ হব নেকি অভিনেতাগৰাকী। সেই সকলো তথ্য মিছা বুলি সদৰি কৰে অভিনেতাগৰাকীয়ে। নিজেই সদৰি কৰি কয় , তেঁও এই খবৰৰ লগত জড়িত নহয়।
লগেত ইয়াকো কয় যে, যি কোম্পানীয়ে অভিনেতাগৰাকীৰ ওপৰত গোচৰ চৰা বুলি খবৰ ওলাইছে সেই কোম্পানীয়ে ব্ৰেণ্ড এম্বেছৰ হোৱাৰ বাবে যোগাযোগ কৰিছিল চনু ছুডৰ সৈতে। পাছে অভনেতাগৰাকীয়ে নাকচ ক ৰিছিল সেই প্ৰস্তাব।
যাৰ বাবে সেই কোম্পানীৰ সৈতে কোনো ধৰনৰ লেনদেন নাই অভিনেতা চনু ছুডৰ। লগতে ইয়াকো উল্লেখ কৰে যে, ই কেৱল পব্লিচিটি ষ্টান্ট। কেৱল সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবেই এইদৰে খবৰ প্ৰকাশ পাইছে। ই সম্পূৰ্ণৰূপে মিছা।
অভিনেতাগৰাকীৰ উকিলে এই বিষয়ে ন্যায়ালয়ৰ সৈতে যোগাযোগ কৰিছে। ১০ ফেব্ৰুৱাৰী সোমবাৰে এই বিষয়ে নিজৰ ভাষ্য প্ৰদান কৰিব অভিনেতাগৰাকীয়ে। এই সকলো দুখজনক ঘটনা বুলি অবিহিত কৰে চনু ছুডে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















