অসম লাইভ ২৪ঃ আজি ঘোষণা হ’ব বিশেষ মেট্ৰিক-হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল৷ দিনৰ ১১ বজাত ছেবাৰ ৱেবচাইটত প্ৰকাশ হ’ব ফলাফল৷ ৰাজ্যৰ ভিন্ন স্থানত ৩০২ টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছিল ১৯,৩০০ শিক্ষাৰ্থী৷ ছেবাৰ ৱেবচাইট https://sebaonline.org/ উপলব্ধ হ’ব ফলাফল৷ কোভিড মহামাৰীৰ বাবে বিশেষ মূল্যাংকন পদ্ধতিৰে অনুষ্ঠিত হোৱা মেট্ৰিক-হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে ছেবাই পুনৰ অনুষ্ঠিত কৰিছিল পৰীক্ষা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ