নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহ-নক্ষত্ৰই স্থান পৰিবৰ্তন কৰে৷ সম্প্ৰতি সূৰ্যই শুক্ৰৰ মালিকানাধীন ৰাশি তুলা ৰাশিত গমন কৰিছে৷ বিগত ১৭ অক্টোবৰ বৃহস্পতিবাৰে কন্যা ৰাশি এৰি তুলা ৰাশিৰ দিশে আগুৱাবলৈ আৰম্ভ কৰিছে সূৰ্যই৷ আগন্তুক ৩০ দিন সূৰ্যই এই ৰাশিত থাকিব, তাৰপিছতেই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব৷
তুলা ৰাশিক সূৰ্যৰ নিম্নতম ৰাশি বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে৷ সেয়ে জ্যোতিষ শাস্ত্ৰ অনুসৰি এই ৰাশিত গ্ৰহৰ ৰজা সূৰ্যৰ অৱস্থান শুভ নহয়৷ যাৰ বেয়া প্ৰভাৱ পৰিব বেছ কেইবাটাও ৰাশিৰ ওপৰত৷ জানক কাৰ কাৰ দুঃসময় আৰম্ভ হ’ব?
কৰ্কট ৰাশি
আগন্তুক ৩০ দিন কৰ্কট ৰাশিৰ মানুহ সতৰ্ক থকাটো ভাল৷ এই সময়ত সামান্য অসাবধানতায়েও আপোনাক বিপদত পেলাব পাৰে৷ হঠাৎ বিশাল ক্ষতি হ’ব পাৰে৷ জীৱনত শত্ৰু চিনাৰ চেষ্টা ৰাখক৷ অপ্ৰয়োজনীয় খৰচ বন্ধ নকৰিলে ভৱিষ্যতে আৰ্থিক সমস্যা হ’ব পাৰে৷
কন্যা ৰাশি
সূৰ্যৰ তুলা ৰাশিত গমন কন্যা ৰাশিৰ বাবে শুভ নহয়৷ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক৷ কামৰ চাপত শাৰীৰিক, মানসিক ক্লান্তি আহিব পাৰে৷ প্ৰেমৰ সম্পৰ্কত সংগীক সময় দিয়ক৷
বৃশ্চিক ৰাশি
আগন্তুক এমাহ বৃশ্চিক ৰাশিৰ জাতক সতৰ্ক থাকক৷ চাকৰিত উত্তেজনা বাঢ়িব পাৰে৷ পদোন্নতিৰ কথা চলিলেও ৰৈ যাব পাৰে৷ নতুন চাকৰি পোৱাৰ ক্ষেত্ৰত বাধা আহিব পাৰে৷ বিবাদ এৰাই চলি কথাবাৰ্তাত সংযম ৰাখক৷ ব্যৱসায়ীৰ বাবে এই সময় বৰ এটা উন্নত নহয়৷
মীন ৰাশি
আগন্তুক এমাহ মীন ৰাশিৰ অধিকাৰীসকলৰ অৰ্থনৈতিক অৱস্থাত সমস্যা আহিব পাৰে৷ বুজিহে ধন খৰচ কৰিব৷ এই সময়ত বিনিয়োগ কৰাৰ বিষয়ে ভাৱিচিন্তি সিদ্ধান্ত লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















