জ্যোতিষশাস্ত্ৰত কেইবাটাও গ্ৰহ নক্ষত্ৰৰ পৰিবৰ্তনৰ বিশেষ গুৰুত্ব আছে৷ একেলগে দুটা গ্ৰহই একেলগে অৱস্থান কৰিলে বিশেষ সংযোগ তৈয়াৰ হয়৷ বৰ্তমান সূৰ্য আৰু শনিয়ে কুম্ভ ৰাশিত সংযোগ তৈয়াৰ কৰি আছে৷ আগন্তুক ১৪ মাৰ্চত দৌলৰ দিনাই সূৰ্যই সন্ধিয়া ৬ বাজি ৫৮ মিনিটত কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰপাছতেই ২৯ মাৰ্চৰ নিশা ১১ বাজি ০১ মিনিটত শনিয়ে মীন ৰাশিত গমন কৰিব৷ এই পৰিস্থিতিত সূৰ্য আৰু শনিৰ সংযোগ ঘটিব, যি কেইবাটাও ৰাশিৰ বাবে লাভজনক হ’ব৷
জ্যোতিষশাস্ত্ৰ অনুসৰি, শনিদেৱ আৰু সূৰ্যদেৱৰ মাজত আছে পিতা পুত্ৰৰ সম্পৰ্ক৷ আৰু সেই সূৰ্য আৰু শনিৰ বিৰল যুঁটি তৈয়াৰ হ’ব ১৪ মাৰ্চত৷ এই বিৰল যুঁটিৰ প্ৰভাৱত সৌভাগ্যৰ দুৱাৰ খুলিব ৩ৰাশিৰ জাতকৰ৷ জানি থওক ভাগ্যবান ৰাশি কি কি?
কৰ্কট ৰাশি
সূৰ্য আৰু শনিৰ প্ৰভাৱত কৰ্কট ৰাশিৰ সুদিন আহিব৷ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ দাম্পত্যত সমস্যা দূৰ হ’ব৷ সংসাৰত আৰ্থিক সংকট কমিব৷ মাটি বাৰী সংক্ৰান্তিয় গোচৰত লাভ অৰ্জন কৰিব৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷
কন্যা ৰাশি
সূৰ্য আৰু শনিৰ মিলন কন্যা ৰাশিৰ বাবে শুভ হ’ব৷ চাকৰিয়ালৰ পদোন্নতি হ’ব পাৰে৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা মুক্তি পাব৷ সংগীৰ সৈতে ভুল বুজাবুজি দূৰ হ’ব৷
মীন ৰাশি
সূৰ্য আৰু শনিৰ মিলন মীন ৰাশিৰ বাবে লাভজনক হ’ব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ নতুন আয়ৰ পথ বিচাৰি পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতিৰ যোগ আছে৷ সন্তানৰ পৰা কোনো ভাল খবৰ পাব পাৰে৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















