৬ অক্টোবৰ ২০২৫ সোমবাৰে লক্ষ্মী পূৰ্ণিমা। শাৰদ পূৰ্ণিমাৰ নিশা কোজাগৰী লক্ষ্মীপূজা পালিত হয়। হিন্দু শাস্ত্ৰমতে মা লক্ষ্মীক সম্পদ আৰু সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয়। জ্যোতিষ গণনা অনুসৰি কোনো কোনো ৰাশিৰ জাতকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপাদৃষ্টি বৰ্ষিত হয়। এই সকলো ৰাশিৰ জাতকে দেৱীৰ কৃপাত প্ৰচুৰ ধন সম্পদ লাভ কৰে। কোজাগৰী লক্ষ্মীপূজাৰ দিনাই জানি থওক কোন কোন ৰাশিৰ জাতক মা লক্ষ্মীৰ প্ৰিয়।
বৃষ ৰাশি
জ্যোতিষ অনুসৰি বৃষ ৰাশিৰ জাতকৰ ওপৰত বিশেষভাৱে তুষ্ট থাকে মা লক্ষ্মী। লক্ষ্মীৰ আশীৰ্বাদত এওঁলোকে জীৱনত সকলো ধৰণৰ আভিজাত্য লাভ কৰে। বৃষৰ জাতকৰ ঘৰত কেতিয়াও অৰ্থভাৱ নকমে। এওঁলোক যেনেকৈ বুদ্ধিমান, তেনেকৈ কঠোৰ পৰিশ্ৰমীও হয়। নিজৰ বুদ্ধি, পৰিশ্ৰম আৰু লক্ষ্মীৰ আশীৰ্বাদত তেওঁলোকে জীৱনত প্ৰচুৰ সাফল্য অৰ্জন কৰে।
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্মীৰ আশীৰ্বাদ লক্ষ্য কৰা যায়। অত্যন্ত সৌভাগ্যবান হয় তেওঁলোক। সম্পদৰ দেৱীৰ আশীৰ্বাদত তেওঁলোকে জীৱনত প্ৰচুৰ সৌভাগ্য অৰ্জন কৰে। কোনো দিনেই অৰ্থৰ কষ্ট এওঁলোকে ভোগ নকৰে। মিথুন ৰাশিৰ জাতক কঠোৰ পৰিশ্ৰমী হয়। অলপতেই তেওঁলোক সুখীও হয়। সেয়ে সাধাৰণ জীৱনতেই ডাঙৰ সাফল্য লাভ কৰিব পাৰে মিথুনৰ জাতকে।
সিংহ ৰাশি
জ্যোতিষ অনুসৰি সিংহ ৰাশিৰ জাতক অত্যন্ত সৌভাগ্যবান। মা লক্ষ্মীৰ আশীৰ্বাদত সকলো সময়তেই সাফল্য আহে তেওঁলোকৰ জীৱনত। লক্ষ্মীৰ দয়াত সিংহ ৰাশিৰ জাতকে প্ৰচুৰ অৰ্থ আৰু সম্পদ অৰ্জন কৰে। সিংহ ৰাশিৰ জাতকে ৰজাৰ দৰে জীৱন কটায়। সকলোকে নেতৃত্ব দি চালনা কৰাৰ ক্ষমতা তেওঁলোকৰ থাকে। এওঁলোকে দীন-দুখীয়া দৰিদ্ৰক দান কৰি ভালপায়।
মীন ৰাশি
মীন ৰাশিৰ জাতকো মা লক্ষ্মীৰ প্ৰিয় হয়। তেওঁলোকৰ গ্ৰহাধিপতি হৈছে বৃহস্পতি। মা লক্ষ্মীৰ ওপৰিও নাৰায়ণৰ কৃপাদৃষ্টিও তেওঁলোকে লাভ কৰে। প্ৰচুৰ পৰিশ্ৰম কৰিব পাৰে তেওঁলোকে। সেয়ে টকা পইছাৰ অভাৱ কাহানিও নহয় এই ৰাশিৰ জাতকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















