অসম লাইভ ২৪ঃ তেজস্বিতাৰ মৃত্যুৰ পিছতেই ৰাজ্যজুৰি শোকাকুল পৰিবেশ। তেজস্বিতাৰ মৃত্যু স্বাভাৱিক নাছিল, তেজস্বিতাক মাজুলীৰ অনুন্নত চিকিৎসা ব্যৱস্থাই হত্যা কৰিছিল আদি বিভিন্ন কথাৰে ভৰি পৰিছিল সামাজিক মাধ্যম। তেজস্বিতা হেৰাই যোৱাৰ মাত্ৰ ৯টা দিনৰ ভিতৰতেই সলনি সকলো। কাৰ কি যায়! তেজস্বিতা হেৰাল প্ৰতিবাদে জানো ঘূৰাই আনিব তেজস্বিতাক? সামাজিক মাধ্যমৰ প্ৰতিবাদ, সামাজিক মাধ্যমতেই অন্ত পৰিল। সকলো ক্ষন্তেকীয়া ঢৌ! সামাজিক মাধ্যমত একেটা ট্ৰেণ্ডনো কিমান দিনলৈ চলে? দিনে দিনে নতুন একোটা কথাই ট্ৰেণ্ড কৰে সামাজিক মাধ্যমত।
সামাজিক মাধ্যমত মাজুলীৰ চিকিৎসা ব্যৱস্থা উন্নত কিয় নহয়? মাজুলীক আজিও কিয় মাহীআইৰ দৃষ্টিৰে চায়? তেজস্বিতাৰ মৃত্যুক লৈ আইনী তদন্ত বিচাৰিও প্ৰতিবাদ সাব্যস্ত হৈছিল সামাজিক মাধ্যমত। সামাজিক মাধ্যমত উঠা দাবীৰ পিছতেই বিগত ৩ দিনে মাজুলীত তদন্তকাৰী বিষয়াই সাক্ষীৰ বাবে অপেক্ষা কৰি থাকিল। সামাজিক মাধ্যমৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ এজনো নাহিল তেজস্বিতাৰ হৈ সাক্ষী দিবলৈ। শেষত তদন্ত সামৰি উভটি আহিল তদন্তকাৰী বিষয়া।
ছচিয়েল মিডিয়াত উঠা এই আবেগ ক্ষন্তেকীয়া তাৰ প্ৰমান অসমবাসীয়ে বাৰে বাৰে দিছে। অভি-নীলৰ হত্যা, নন্দিতাৰ মৃত্যু সকলোবোৰ বিষয়েই সামাজিক মাধ্যমত ট্ৰেণ্ড হৈছিল কিন্তু বাস্তৱত তদন্ত প্ৰক্ৰিয়াৰ সাক্ষী দিবলৈ ওলাই আহিছিলনে কোনোবা? মাজুলীৰ তেজস্বিতাৰ মৃত্যুৰ শুনানি সামৰি যদিও ওভতি আহিছিল তদন্তকাৰী দলটো। অৱশ্যে পুনৰ শুনানিৰ দিন লৈছে তদন্তকাৰী দলটোৱে। অহা ১৯ অক্টোবৰত শুনানিৰ দিন ঠিক কৰিছে তদন্তকাৰী দলটোৱে। এইবাৰ শুনানিত সাক্ষী দিবলৈ কোনোবা আহিবনে সেয়াহে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ