অসম লাইভ ২৪ঃ ভাৰতীয় মল্লযুঁজাৰু ‘দ্য গ্ৰেট খালী’ ওৰফে দিলীপ সিঙৰ মাতৃৰ বিয়োগ। লোধিয়ানাৰ দয়ানন্দ মেডিকেল কলেজ হাস্পতালত বিগত ১৫ দিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল দিলীপ সিঙৰ মাতৃ টাণ্ডী দেৱী। বাৰ্ধক্যজনিত কাৰণত ৭৫ বছৰ বয়সত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে টাণ্ডী দেৱীয়ে। উল্লেখ্য, দ্য গ্ৰেট খালীয়ে ২০০০ চনত পেছাদাৰী মল্লযুঁজাৰু ৰূপে আত্মপ্ৰকাশ কৰিছিল। wweত কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে পঞ্জাৱ আৰক্ষীৰ এগৰাকী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দিলীপ সিঙে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ