মাৰ্কিন মুলুকত হৈ চৈ৷ নতুনকৈ প্ৰেমত পৰিছে প্ৰাক্তন মাৰ্কিন প্ৰেছিডেণ্ট বাৰাক ওবামা৷ আমেৰিকাৰ প্ৰিয় পাৱাৰ কাপলৰ নাম দিয়া হৈছিল৷ কিন্তু সেই বাৰাক ওবামাৰ সৈতেই মিছেলক বাদ দি অন্য নাৰীৰ প্ৰেমত পৰাৰ খবৰ ভাইৰেল হৈছে৷ কিন্তু কাৰ প্ৰেমত পৰিছে বাৰাক ওবামা? শুনা গৈছে তেওঁ জেনিফাৰ এনিষ্টাইনৰ প্ৰেমত পৰিছে৷ মাৰ্কিন সামাজিকমাধ্যমত এতিয়া এই খবৰ খুবেই ভাইৰেল৷ যদিও বিষয়টো দুয়োৱে স্পষ্টকৈ জনোৱা নাই৷ ওবামাৰ পত্নী মিছেলেও দাবী কৰিছে যে তেওঁৰ স্বামীক লৈ তৈয়াৰ হোৱা এই গুজৱক কোনো বাস্তৱ ভিত্তি নাই৷
মিছেলে জনাইছে যে ডনাল্ড ট্ৰাম্পে বৰ্তমান মাৰ্কিন দেশৰ দায়িত্ব লৈছে৷ তেওঁ এই ঘটনাৰ সৈতে জড়িত থাকিব পাৰে৷ বাৰাক ওবামাৰ সৈতে তেওঁৰ ডিভোৰ্ছৰ এক গুজৱ তৈয়াৰ কৰা হৈছিল৷ তাৰপিছতেই এতিয়া আকৌ আন এক নতুন সম্পৰ্ক তেওঁৰ স্বামীৰ সৈতে সামৰি দিয়া হৈছে৷
সম্প্ৰতি এক্স হেণ্ডেলত জেনিফাৰৰ এগৰাকী বন্ধুৰ দাবী যে ওবামাই এতিয়া জেনিফাৰৰ প্ৰেমত পাগল হৈ আছে৷ তেওঁলোকৰ এই সম্পৰ্ক এতিয়া সকলোৱে জানিও গৈছে৷ এতিয়া যদি মিছেলে বিষয়টো অস্বীকাৰ কৰিছে তেন্তে একো নকওঁ৷ মিছেল ওবামাৰ কাষৰ মানুহ সেয়ে তেওঁ সকলো কথা জানিবও পাৰে৷
খোদ জেনিফাৰকো এই বিষয়ে প্ৰশ্ন কৰা হৈছিল৷ তেতিয়া তেওঁ জনাই যে, তেওঁ বৰাক ওবামাৰ সৈতে এবাৰ দেখা কৰিছিল৷ জেনিফাৰে সংবাদমাধ্যমৰ সন্মুখত ইয়াতকৈ বেছি কোনো কথাই ক’বলৈ ৰাজী নহয়৷ জেনিফাৰে অৱশ্যে জনাই যে ওবামাৰ সৈতে তেওঁৰ কোনো ব্যক্তিগত সম্পৰ্ক থাকিলেও এই বিষয়ে তেওঁ কাকো একো ক’ব নোখোজে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ