তিৰুপতি প্ৰসাদ বিতৰ্ক: প্ৰসাদত নকল বন্ধ কৰিবলৈ অনন্য পদক্ষেপ
অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰত প্ৰসাদ হিচাপে আগবঢ়োৱা লাড়ুত পশুৰ চৰ্বি মিহলোৱাৰ এটা গোচৰ পোহৰলৈ আহিছিল। প্ৰসাদত মাছৰ তেল আৰু পশুৰ চৰ্বি উদ্ধাৰ হোৱাৰ পিছতে ব্যাপক হুলস্থুলৰ সৃষ্টি হয়।
ৰাজ্যৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰসাদৰ লাড়ুত ভেজাল কৰাৰ দাবী কৰিছিল। ইয়াৰ পিছত প্ৰসাদক পৰীক্ষা কৰা হ’ল। এতিয়া এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰি কৰ্ণাটক মিল্ক ফেডাৰেচনে ঘিউ যোগানত ব্যৱহাৰ কৰা বাহনসমূহত জিপিএছ স্থাপন কৰিছে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি শনিবাৰে এজন বিষয়াই কয় যে কৰ্ণাটক মিল্ক ফেডাৰেচনে নিজৰ বাহনসমূহত জিঅ’-পজিচনিং চিষ্টেম স্থাপন কৰিছে। এইবোৰে তিৰুপতি মন্দিৰ পৰিচালনা কৰা তিৰুমালা তিৰুপতি দেৱস্থানম (TTD) লৈ ঘিউ যোগান ধৰে। কেএমএফৰ পৰিচালন সঞ্চালক এম কে জগদীশে কয় যে এমাহ পূৰ্বে টিটিডিয়ে কেএমএফক নিবিদা প্ৰদান কৰাৰ পিছতে নন্দিনী ঘিৰ যোগান পুনৰ ঘূৰাই অনা হৈছে। তেওঁ কয় যে কে এম এফে ৩৫০ টন ঘিউ যোগানৰ ঠিকা লাভ কৰিছে।
শুকুৰবাৰে লেবৰ ৰিপৰ্টৰ উদ্ধৃতি দি টিটিডিয়ে কয় যে ঘিউত চৰ্বি আৰু অন্যান্য অশুদ্ধি পোৱা গৈছে। টিটিডিৰ কাৰ্যবাহী বিষয়া জে শ্যামালা ৰাৱে কয় যে পৰীক্ষাগাৰৰ পৰীক্ষাত নমুনাত পশুৰ চৰ্বিৰ উপস্থিতি ধৰা পৰাৰ পিছত মিশ্ৰিত ঘিউ যোগান ধৰা ঠিকাদাৰক ব্লেকলিষ্ট কৰিবলৈ সাজু হৈছে ব’ৰ্ডে।
কৰ্ণাটক মিল্ক ফেডাৰেচন বা কে এম এফ হৈছে দুগ্ধ সমবায়। যিটো ১৯৭৪ চনত স্থাপিত হৈছিল। ইয়াত নন্দিনী ব্ৰেণ্ড নামেৰে গাখীৰ, দৈ, ঘিউ, মাখন, আইচক্ৰীম, চকলেট আৰু মিঠাইৰ দৰে সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰী কৰা হয়। কৰ্ণাটক মিল্ক ফেডাৰেচনে প্ৰসাদত ভেজাল সন্দৰ্ভত নিজৰ স্পষ্টীকৰণ দাখিল কৰি কয় যে এই মিশ্ৰিত ঘিউৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই।
উল্লেখ্য যে এই গোটেই বিষয়টো ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল। এই সময়ত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা টিডিপিৰ উচ্চতম চন্দ্ৰবাবু নাইডুৱে তিৰুপতিৰ প্ৰসাদত পশুৰ চৰ্বি মিহলি কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ