মাৰুতিৰ বেলেনোৰ ডিজাইনৰ সৈতে কমপেয়াৰ কৰি টয়টাই নিৰ্মাণ কৰিছে টয়টা গ্লাঞ্জা৷ দুখন বাহনতেই আছে প্ৰায় একেধৰণৰ ফিচাৰ৷ টয়োটা-মাৰুতিৰ যৌথ উদ্যোগত তৈয়াৰ হৈছে এই কাৰ৷ এই বাহনৰ দাম কিমান?
টয়টাৰ এই বাহন ভাৰতৰ বজাৰত খুবেই জনপ্ৰিয়৷ সম্প্ৰতি কোম্পানীয়ে টয়টা গ্লাঞ্জাৰ দাম ৪ হাজাৰ টকালৈকে বৃদ্ধি কৰিছে৷ এতিয়া দাম বৃদ্ধিৰ পাছতেই টয়োটা গ্লাঞ্জাৰ দাম আৰম্ভ হৈছে প্ৰায় ৬ লাখ ৯০ হাজাৰ টকাৰ পৰা৷ আপুনি যদি এই বাহন ক্ৰয় কৰিব খোজে তেন্তে আৰম্ভণিতেই সম্পূৰ্ণ পেমেণ্ট কিনক৷ আপুনি ডাউন পেমেণ্ট দি কেইবাবছৰৰ বাবে EMIতো এই বাহন ল’ব পাৰে৷
আপোনাৰ প্ৰতি মাহৰ EMI কিমান হ’ব?
আপুনি যদি ৯শতাংশ সুদৰ হাৰত ৫ বছৰৰ বাবে Toyota Glanza কিনিবলৈ এই ঋণ লয় তেতিয়া আপুনি প্ৰায় ১৪ হাজাৰ টকাৰ ইএম আই দিব লাগিব৷ এই পৰিস্থিতিত আপুনি ৫ বছৰত বেংকক মুঠ ৮লাখ ৪৩ হাজাৰ টকা ঘূৰাই দিব লাগিব৷ যদি আপুনি মাহিলী উপাৰ্জন ৩০ হাজাৰ বা তাতোকৈ বেছি হয় তেতিয়া এই বাহন আপুনি ক্ৰয় কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















