পাকিস্তানী ট্ৰান্সজেণ্ডাৰ হিনা বালোচৰ চাঞ্চল্যকৰ দাবী। এটা ভাইৰেল ভিডিঅ’ত হিনাই দাবী কৰিছে যে “৮০ শতাংশ পাকিস্তানী সমকামী, আৰু বাকী ২০ শতাংশ উভলিংগৰ লোক, অৰ্থাৎ তেওঁলোকৰ পুৰুষ আৰু মহিলা উভয়ৰে সৈতে শাৰীৰিক সম্পৰ্ক কৰে।” ট্ৰান্সজেণ্ডাৰ মহিলাগৰাকীয়ে কয় যে পাকিস্তানত সামাজিক, ধৰ্মীয়, পাৰিবাৰিক চাপ ইমানেই প্ৰবল যে মানুহে যৌন ইচ্ছা প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰে। হিনাৰ এই দাবীয়ে পাকিস্তানত ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছে।
ইউটিউব চেনেল কুইৰ গ্ল’বেলৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত হীনাই কয় যে, “পাকিস্তানী সমাজত এইটো এটা গোপন কথা। মই বিশ্বাস কৰোঁ যে আধাতকৈ অধিক পাকিস্তানী সম্পূৰ্ণ সমকামী। যদিও তেওঁলোকে এই কথা উচ্চস্বৰে স্বীকাৰ নকৰে, মই ভাবো ৮০ শতাংশ পাকিস্তানী সমকামী, আৰু বাকী ২০ শতাংশ উভয়লিংগৰ। গতিকে, মই নাভাবো যে পাকিস্তানৰ কোনোৱেই নিজৰ যৌনতাৰ বাবে ক্ষমাহীন।”
মানুহে প্ৰায়ে নিজৰ যৌন পৰিচয় লুকুৱাই ৰাখে – হীনা
শৈশৱৰ অভিজ্ঞতাক স্মৰণ কৰি বালোচে আৰু কয়, “পাকিস্তানৰ মানুহে সাংস্কৃতিক আৰু ধৰ্মীয় কাৰণৰ উল্লেখ কৰি প্ৰায়ে নিজৰ যৌন পৰিচয় অস্বীকাৰ বা লুকুৱাই ৰাখে। তেওঁলোকে ইয়াক অস্বীকাৰ কৰিব, ধৰ্ম আৰু সংস্কৃতিক ইয়াৰ ভিতৰলৈ আনিব, কিন্তু ই এক মুকলি গোপনীয়তা। পাকিস্তানত কোনোৱেই সম্পূৰ্ণ চিধা নহয়।” বালোচে কয় যে তেওঁৰ চিন্তা যৌনতাতকৈ লিংগ প্ৰকাশৰ ওপৰত বেছি।
পাকিস্তানৰ খোৱাজা ছিৰা সম্প্ৰদায়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে কোৱাৰ সময়ত হীনাই কয় যে, সম্প্ৰদায়টোৰ বহু সদস্যই সীমিত আৰু প্ৰায়ে শোষণমূলক কাম যেনে ভিক্ষা, নৃত্য, বা যৌন কৰ্মৰ বাবে বাধ্য হয়। এই বাধাবোৰক অৱজ্ঞা কৰি লিংগ আৰু সংখ্যালঘুৰ অধিকাৰৰ বাবে সক্ৰিয়ভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ সিন্ধ মুৰাট মাৰ্চৰ সহ-প্ৰতিষ্ঠাপ হয়। পাকিস্তানৰ ঔৰত মাৰ্চত অংশগ্ৰহণ কৰে, য’ত তেওঁ ট্ৰান্সজেণ্ডাৰ আৰু সংখ্যালঘু অধিকাৰৰ কণ্ঠস্বৰ সমৰ্থক হিচাপে আত্মপ্ৰকাশ কৰে। বালোচে পূৰ্বে উল্লেখ কৰিছে যে প্ৰতিবাদৰ সময়ত প্ৰাইডৰ পতাকা উত্তোলন কৰাৰ পিছত তেওঁ হিংসাত্মক প্ৰতিশোধৰ সন্মুখীন হৈছিল, আৰু আইন প্ৰয়োগকাৰী সংস্থাই অপহৰণ কৰি নিৰ্যাতন চলাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















