৫ নৱেম্বৰ ২০২৪ মঙলবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি ত্যাগ কৰি ধনু ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ কাতি মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি৷ কাইলৈ নিশা ১২বাজি ১৬ মিনিট পৰ্যন্ত চতুৰ্থী পৰিছে৷ এই সময়ত সূৰ্যই তুলা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সুকৰ্ম যোগ আৰু ৰবি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ দিনত প্ৰথমে থাকিব জ্যেষ্ঠা আৰু পাছত মূল নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কোনে কোনে প্ৰচুৰ সুখ সাফল্য লাভ কৰিব?
বৃষ ৰাশি
কাইলৈ ৫ নৱেম্বৰত সুকৰ্ম যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ বজৰংবলীৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব বিচাৰিলে কাইলৈ দিনটো শুভ৷ দাম্পত্য জীৱনত কাইলৈ সুখ আপুৰ প্ৰেম বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক নিজৰ কাষত পাব বৃষ ৰাশিৰ জাতকে৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হ’ব৷
কন্যা ৰাশি
কাইলৈ সৌভাগ্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ প্ৰচুৰ আনন্দ আপুনি লাভ কৰিব পাৰে৷ কোনো ঘৰ বা বাহন ক্ৰয়ৰ দীৰ্ঘদিনীয়া ইচ্ছা থাকিলে কাইলৈ আৰু সফল হ’ব৷ কেৰিয়াৰত কিছু শুভ পৰিবৰ্তন দেখা পাব৷ পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
তুলা ৰাশি
ৰবি যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ সকলো কামতেই কাইলৈ ভৰপুৰ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব পাৰিব৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তি থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকেও কোনো সুখবৰ পাব পাৰে৷ কাৰ্যালয়ত আপোনাৰ পৰিস্থিতি ভাল হ’ব৷
ধনু ৰাশি
মঙলবাৰে বজৰংবলীৰ আশীৰ্বাদ বৰ্ষিত হ’ব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ কাইলৈ আপোনাৰ ব্যৱহাৰৰ মাধুৰ্যই সকলোকে মুগ্ধ কৰিব৷ ইয়াৰ ফলত সকলোৰে সৈতে কাইলৈ ভাল সম্পৰ্ক বজায় ৰাখিব পাৰিব৷ কৰ্মক্ষেত্ৰত লাভৱান হ’ব ধনু ৰাশিৰ জাতক৷ আৰ্থিকভাৱে লাভৱান হ’ব৷
কুম্ভ ৰাশি
কাইলৈ অনুৰাধা নক্ষত্ৰৰ শুভ প্ৰভাৱ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ সামাজিক মিলামিছাৰ বাবে আপোনাৰ বহু বন্ধু গঢ়ি উঠিব৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সকলোৰে সৈতে সুসম্পৰ্ক থাকিব৷ মানসিক চাপমুক্ত হৈ কাইলৈ দিনটো কটাব কুম্ভ ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ