অসম লাইভ ২৪ঃ টুইটাৰে আঁতৰালে ৫২টা আপত্তিজনক টুইট। চৰকাৰৰ অনুৰোধমর্মে আঁতৰোৱা হ’ল এই আপত্তিজনক টুইটসমূহ। দেশত চলি থকা ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ সময়ছোৱাত এই টুইটকেইটাত সমালোচনা কৰা হৈছিল। টুইটাৰে আঁতৰোৱা টুইটসমূহ লোকসভাৰ সাংসদ ৰেৱাণ্ট ৰেড্ডী, পশ্চিমবংগৰ মন্ত্ৰী মলয় ঘাটক, অভিনেতা বিনীত কুমাৰ সিং, ছবি নির্মাতা বিনোদ কাপৰী আৰু অভিনাশ দাস আদিৰ। ছবি নির্মাতা বিনোদ কাপৰীয়ে জনোৱা মতে টুইটসমূহ আঁতৰোৱাৰ পূর্বে টুইটাৰৰ পৰা লাভ কৰিছিল জাননী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ