টোপনিত নাক বজোৱা অভ্যাস বহু লোকৰ থাকে। এই সমস্যাই নিশা ওচৰত টোপনি যোৱা ব্যক্তিজনে অশান্তি পায়। এনে পৰিস্থিতিত মানুহে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুত চেষ্টা কৰে। যিসকল লোকৰ নাক বন্ধ হৈ থাকে বা চৰ্দি হৈছে, তেওঁলোকে প্ৰায়ে নাক বজা সমস্যাত ভুগিবলগীয়া হয়। শুকান বতৰত এই সমস্যা আৰু বেছি হ’ব পাৰে। গতিকে শোৱা কোঠাটোৰ উষ্ণতা আৰ্দ্ৰ কৰি ৰাখিবলৈ চেষ্টা কৰক, আপুনি হিউমিডিফায়াৰ ব্যৱহাৰ কৰিব পাৰে। সুস্থ জীৱনশৈলী, ব্যায়াম আৰু স্বাস্থ্যসন্মত খাদ্যই বহু পৰিৱৰ্তন আনে। কিন্তু ইয়াৰ উপৰিও নাক বজোৱা কমাবলৈ এই ঘৰুৱা উপায়বোৰো গ্ৰহণ কৰিব পাৰে।
- নাকৰ শব্দ কমাবলৈ পদিনা পাত কিছু এগিলাচ পানীত উতলাই সেই পানী ঠাণ্ডা হোৱাৰ পিছত খাব লাগে। ইয়াৰ দ্বাৰা আপোনাক বহু পৰিমাণে সকাহ পাব। এই প্ৰতিকাৰ গ্ৰহণ কৰিলে আপুনি বহু পৰিমাণে সকাহ পাব।
- ডালচেনিৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে এগিলাচ কুহুমীয়া পানীত এচামুচ ডালচেনিৰ গুড়ি মিহলাই খাব লাগে। ইয়াৰ প্ৰভাৱ আপুনি দেখিব পাৰে।
- এই সমস্যা দূৰ কৰাত নহৰুৱে বহুখিনি সহায় কৰিব পাৰে। ইয়াৰ বাবে ৰাতি শুই উঠাৰ আগতে নহৰু এটা তেলৰ লগত গৰম কৰি নাকত লগাব লাগে। কিন্তু এটা কথা মনত ৰাখিব যে নহৰু গৰম প্ৰকৃতিৰ, সেয়েহে অতি গৰম বতৰত বা বেছি পৰিমাণে ইয়াক সেৱন নকৰিব। লগতে গৰম বস্তুৰ প্ৰতি এলাৰ্জি থকা লোকসকলেও ইয়াক পৰিহাৰ কৰিব লাগে।
নাক বজাৰ কাৰণ
ইয়াৰ প্ৰধান কাৰণ হ’ল বায়ুপথত বাধা, ডিঙিৰ পেশী ঢিলা হোৱা বা কম্পন। প্ৰায়ে মেদবহুলতা, মদ্যপান, এলাৰ্জী, চাইনাছৰ সমস্যা, বা পিঠিত শুই থকাৰ ফলত হয়। ধাৰাবাহিকভাৱে নাক বাজিলে Sleep Apneaৰ লক্ষণ হ’ব পাৰে। ইয়াৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। কেতিয়াবা টোপনি পৰ্যাপ্ত নহ’লে আৰু শৰীৰ দুৰ্বল আৰু ভাগৰুৱা হ’লে নাক বজাৰ সম্ভাৱনা বেছি হয়। গতিকে প্ৰতি নিশা শোৱাৰ আগতে ভাপ ল’ব, ই নাক বজা বন্ধ কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














