আৰ জি কৰ মেডিকেল কলেজত নিহত চিকিৎসকৰ শৰীৰত দেখা গৈছিল একাধিক আঘাতৰ চিহ্ন৷ নিহত চিকিৎসকৰ শৰীৰত প্ৰমাণ পোৱা গৈছে যৌন নৃশংসতাৰো৷ এই দাবী কৰিছে মৰোণোত্তৰ পৰীক্ষাইয়ো৷ সেই ৰিপৰ্টত একাধিক তথ্য প্ৰকাশ পাইছে৷ মৰোনোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত তেওঁক শ্বাসৰোধ কৰি হত্যা কৰা হৈছিল বুলি প্ৰকাশ পাইছে৷ আনকি যৌনাংগত বলপূৰ্বক কিছু প্ৰৱেশ কৰোৱাৰো তথ্য ৰিপৰ্টত উল্লেখ আছে৷
নিহত চিকিৎসকৰ মৰোণোত্তৰ ৰিপৰ্টতত উল্লেখ থকা অনুসৰি, তেওঁৰ শৰীৰত একাধিক ক্ষতচিহ্ন আছে৷ মূৰ, ডিঙি, ওঁঠ, নাক, সোঁ হনু, থুঁতৰি, বাওঁ বাহু, বাওঁ কান্ধ, বাওঁ আঁঠু, গোৰোহা আৰু যৌনাংগত ক্ষতচিহ্ন পোৱা গৈছে৷ ৰিপৰ্টত লগতে উল্লেখ আছে যে চিকিৎসকগৰাকীৰ হাওঁফাওঁত তেজ গোট বান্ধিছিল৷ শৰীৰৰ আৰু কেইবাটাও অংশত তেজ গোট মাৰিছিল৷ চিকিৎসকগৰাকীক শ্বাসৰোদ্ধ কৰিয়ে হত্যা কৰা হৈছিল বুলি ৰিপৰ্টত স্পষ্টকৈ উল্লেখ আছে৷ যৌনাংগত বলপূৰ্বক কিছু প্ৰৱেশ কৰোৱা হৈছিল( ৰিপৰ্টত লিখা মতে পেনিট্ৰেছন/ ইনছাৰছন) বুলি উল্লেখ আছে ৰিপৰ্টত৷
একাধিক মহলে অভিযোগ কৰিছিল যে, নিৰ্যাতিতাৰ দেহৰ পৰা ১৫০ গ্ৰাম ছিমেন পোৱা গৈছে৷ কলকতা হাই কৰ্টে তেওঁৰ পৰিয়ালে যি পিটিছন দিছিল তাতো সেই বিষয়টো উল্লেখ কৰিছিল৷ কিন্তু পোষ্টমৰ্টেম ৰিপৰ্টত ছিমেন সংক্ৰান্তিয় কোনো উল্লেখ নাই৷ ৰিপৰ্টত লিখা হৈছে যে, মৃতকৰ শৰীৰৰ এণ্ডোছাৰ্ভিকেল কেনেলৰ পৰা বগা ঘন তৰল সংগ্ৰহ কৰা হৈছে৷ সেই তৰল কি ৰিপৰ্টত উল্লেখ নাই৷ ৰিপৰ্টত এক্সটাৰনেল আৰু ইণ্টাৰনেল জেনিটালিয়া ত লিখা গৈছে, ‘ওজন ১৫১গ্ৰাম’৷ উল্লেখ্য যে পোষ্টমৰ্টেম ৰিপৰ্টৰ নিয়ম মানি মৃতদেহৰ বিভিন্ন অংশৰ ওজন কৰা হয়৷ এইক্ষেত্ৰতো সকলোবোৰৰ ওজন কৰা হৈছে৷ এগৰাকী ফৰেন্সিক বিশেষজ্ঞই এই সন্দৰ্ভত কয়, ‘যি বগা তৰলৰ কথা উল্লেখ আছে সেয়া কি হয় ফৰেন্সিক ৰিপৰ্টৰ পৰা জনা যাব৷ পোষ্টমৰ্টেম ৰিপৰ্টে সেই তথ্য নিদিয়ে৷ কাৰণ সেয়া পৰীক্ষা কৰাৰ পাছতহে জনা যাব৷’
বিভিন্ন মহলৰ পৰা নিৰ্যাতিতাৰ শৰীৰৰ একাধিক হাড় ভঙাৰ যি কথা প্ৰকাশ পাইছিল, পোষ্টমৰ্টেম ৰিপৰ্টত তেনে হাড় ভঙাৰ কথা উল্লেখ নাই৷ ৰিপৰ্টত স্পষ্টকৈ লিখা হৈছে, ‘শ্বাসৰোধেই তেওঁৰ মৃত্যুৰ কাৰণ৷ মৃত্যুৰ ধৰণ হত্যা৷ যৌনাংগত বলপূৰ্বক কিছু প্ৰৱেশ কৰোৱাৰ মে়ডিকেল প্ৰমাণ পোৱা গৈছে৷ অৰ্থাৎ ধৰ্ষণ হ’ব পাৰে৷’
মৃতকৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত লিখা হৈছে, ‘দুখন গালত একাধিক ক্ষতচিহ্ন পোৱা গৈছে৷ কোনোটোৰ ক্ষত দৈৰ্ঘ্য ০.৩ ইঞ্চি আৰু প্ৰস্থ ০.১ ইঞ্চি৷ কোনোটোৰ দৈৰ্ঘ্য ০.২ ইঞ্চি আৰু প্ৰস্থ ০.১ ইঞ্চি৷ তলৰ ওঁঠৰ মাজত থকা ক্ষতচিহ্নৰ দৈৰ্ঘ্য ১ ইঞ্চি আৰু প্ৰস্থ ০.৪ ইঞ্চি৷ ওঁঠৰ ভিতৰৰ অংশ আৰু হাত-ভৰিতো দাগ পোৱা গৈছে৷ যিসমূহ প্ৰায় 0.2 ইঞ্চি দীঘল আৰু 0.2 ইঞ্চি বহল। নাকৰ বাওঁফালে এটা দাগ আছে, যি 0.3 ইঞ্চি দীঘল আৰু 0.1 ইঞ্চি বহল। ওঁঠত দুটা দাগ আছে, 0.4 ইঞ্চি দীঘল আৰু 0.1 ইঞ্চি বহল। সোঁ হনুত এটা ডাঙৰ দাগ আছে। ডিঙিৰ বাওঁফালে একাধিক ক্ষতচিহ্ন আছে, যিসমূহৰ দৈৰ্ঘ্য প্ৰায় ০.৫ ইঞ্চি৷
উল্লেখ্য যে বিগত ৯ আগষ্টৰ পুৱা আৰ জি কৰ হাস্পতালৰ জৰুৰী বিভাগৰ ৪মহলাত থকা ছেমিনাৰ হলত চিকিৎসকৰ দেহ পোৱা গৈছিল৷ অভিযোগমতে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল৷ এই ঘটনাত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ কৰা অভিযুক্ত পেছাত ছিভিক ভলণ্টিয়াৰ৷ হাইকৰ্টৰ নিৰ্দেশত এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলাই আছে চিবিআইয়ে৷ ধৃতক চিবিআইয়ে পলিগ্ৰাফ টেষ্ট কৰোৱাবলৈ লৈ যোৱা বুলিও শেহতীয়াকৈ এক সূত্ৰই প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ