কাউৰী বাঁহত কুলিয়ে কণী পাৰে৷ কাউৰীক কুলিয়ে প্ৰতাৰণা কৰাৰ কাহিনী আমি সকলোৱে জানো৷ কিন্তু কাউৰীও ইমান অঁকৰা নহয়৷ বুদ্ধিয়ক কাউৰীৰ কাহিনীয়ে সেই কথাৰ প্ৰমাণ দিয়ে৷ বুদ্ধিয়কেই নহয় কাউৰী বদমাছো সেই কথাৰো প্ৰমাণ দাঙি ধৰি আন এক কাহিনী পোহৰলৈ আহিছে৷ ভাৰতৰ পৰা কেনিয়ালৈ গৈ ৰাজত্ব আৰম্ভ কৰিছে কাউৰীয়ে৷ ১৯৪০ চনতে ভাৰতৰ পৰা কেনিয়ালৈ উৰা মাৰিছিল কেইটামান কাউৰী৷ সেই কাউৰীয়ে এতিয়া কেনিয়াত সংখ্যাগৰিষ্ঠ হৈ আৰম্ভ কৰিছে উপদ্ৰৱ৷
কেনিয়াত নিত্য বৃদ্ধি পোৱা কাউৰীৰ সংখ্যাৰ বাবে অশান্তিত পৰিছে কেনিয়া চৰকাৰ৷ অশান্তিত পৰি তাত থকা কাউৰীসমূহক হত্যা কৰাৰ দিহা কৰিছে৷ ২০২৪ চনৰ শেষৰভাগত কেনিয়াৰ সকলো উপকূলীয় অঞ্চলৰ পৰা দহ লাখ কাউৰী আঁতৰাই দিয়া হ’ব। কেনিয়া চৰকাৰে জনোৱা অনুসৰি হত্যা কৰিবলৈ লোৱা সকলো কাউৰীয়ে ভাৰতীয় প্ৰজাতিৰ৷ তথ্য অনুসৰি এই কাউৰী প্ৰথম ১৯৪০ চনত আফ্ৰিকালৈ গৈছিল। তাৰপিছতেই কেনিয়াত বসতি পাতে৷ তেতিয়াৰ পৰা এই কাউৰীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছে উৎপাতো৷ কেনিয়াত কাউৰী ইমানেই আক্ৰমণাত্মক হৈ পৰিছে যে তাত থকা অন্য প্ৰজাতিৰ চৰাই আৰু মানুহকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে৷ কাউৰীৰ বাবেই কেনিয়াত পৰ্যটকৰ সংখ্যাও কমিবলৈ ধৰিছে৷ যাৰবাবে পৰ্যটন আৰু হোটেল উদ্যোগ গভীৰ লোকচানৰ সন্মুখীন হৈছে।
কাউৰীবোৰৰ বাবেই কেনিয়াত উপস্থিত থকা আন চৰাইবোৰৰও সমস্যা বাঢ়িছে। এই কাউৰীয়ে আন চৰাইৰ বাঁহ ভাঙি পেলাই, পোৱালী মাৰি পেলাই৷ কণী পাৰিলেও ভাঙি পেলাই৷ কেনিয়া চৰকাৰে সেয়ে কাউৰীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে। এই সন্দৰ্ভত কেনিয়াৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ মতে এই ভাৰতীয় মূলৰ কাউৰীয়ে শেষ কৰি পেলাইছে কেনিয়াৰ বহু ঘৰুৱা প্ৰজাতিৰ চৰাই৷
কেনিয়াৰ বাবে কাউৰী কিয় সমস্যা হৈ পৰিছে?
কেনিয়াৰ চৰাই বিশেষজ্ঞ কলিন জেকচনৰ মতে ভাৰতীয় কাউৰীবোৰৰ বাবে কেনিয়াত আন চৰাইৰ সংখ্যা হ্ৰাস পাইছে। এই কাউৰীয়ে উপকূলীয় অঞ্চলত আন সৰু সৰু চৰাইবোৰক হাৰাশাস্তি কৰি আহিছে৷ আন চৰাইৰ বাহ ধ্বংস কৰিছে। ইয়াৰ লগতে ইহঁতে আন চৰাইৰ কণী আৰু পোৱালিও খাই পেলাইছে৷ আনহাতে, চৰাই কমি যোৱাৰ বাবে পৰিবেশৰ অৱনতি ঘটিছে। পোক-পৰুৱাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে।কেনিয়াৰ কাউৰীৰ বাবে বেয়া খবৰ, চৰকাৰে ১০ লাখ কাউৰী হত্যা কৰাৰ পৰিকল্পনা
হত্যা কৰা হ’ব ১০ হাজাৰ কাউৰী
কেনিয়া চৰকাৰে উৎপাত সহিব নোৱাৰি আগন্তুক ৬ মাহত ১০ লাখ কাউৰী হত্যা কৰাৰ পৰিকল্পনা কৰিছে৷ কেনিয়া চৰকাৰে জনোৱামতে কাউৰীসমূহক হত্যা নকৰিলে আগন্তুক সময়ত কেনিয়াৰ জৈৱবৈচিত্ৰও শেষ হৈ যাব৷ কাউৰীয়ে তাৰ বহুকেইবিধ চৰাইৰ প্ৰজাতি ইতিমধ্যেই শেষ কৰিছে৷ যাৰবাবে কাউৰীসমূহৰ হত্যাৰ গত্যন্তৰ নাই বুলি জনাইছে কেনিয়া চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ