আপুনি জানেনে আপোনাৰ গা ধোৱাৰ ধৰণেও আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে? সঠিক ৰূপে স্নান নকৰিলে ৰক্তচাপ, হৃদযন্ত্ৰ, মগজুত প্ৰভাৱ পেলাব পাৰে। গা ধুওঁতে মানুহে প্ৰায়ে ডাঙৰ ভুল কৰে। বহুতে চিধাই মূৰত পানী ঢালি দিয়ে, যাৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। আয়ুৰ্বেদৰ মতে গা ধোৱাৰ নিয়ম মানি চলিব লাগে। আজি জানক শৰীৰৰ কোনটো অংশত প্ৰথমে পানী ঢালি দিব লাগে।
গা ধোৱাৰ ভুল উপায়
যদি আপুনি গা ধোৱাৰ সময়ত পোনে পোনে মূৰ বা বুকুত পানী ঢালি দিয়ে, তেতিয়া শৰীৰে শ্বক পায়, ফলত শৰীৰৰ ওপৰৰ অংশ ঠাণ্ডা হৈ তলৰ অংশ গৰম হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ ৰক্তচাপত দ্ৰুত প্ৰভাৱ পৰে। এনে পৰিস্থিতিত উচ্চ বা নিম্ন ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপোনাৰ ৰক্তচাপৰ সমস্যা আছে তেন্তে আপুনি সাৱধান হ’ব লাগিব। এই পদ্ধতিৰে গা ধুলে হৃদৰোগীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ ফলত মূৰ ঘূৰোৱা, ভাগৰুৱা বা অস্বস্তি অনুভৱ কৰা আদি লক্ষণ দেখা দিব পাৰে। অতি ঠাণ্ডা বা অতি গৰম পানীয়েও ক্ষতি কৰিব পাৰে।
নিয়ম
গা ধুওঁতে প্ৰথমে ভৰিত পানী ঢালি দিব লাগে। ইয়াৰ ফলত ক্ৰমান্বয়ে শৰীৰৰ উষ্ণতা স্বাভাৱিক হয়। হৃদযন্ত্ৰ আৰু মগজুত হঠাৎ জোকাৰণি নপৰে, তেজৰ সঞ্চালনও একে থাকে। গতিকে গা ধুওঁতে প্ৰথমে ভৰিত অৰ্থাৎ ভৰিৰ আঙুলিত পানী ঢালি দিব লাগে। ইয়াৰ পিছত গোৰোহাৰ পৰা আঁঠু আৰু উৰুলৈকে পানী ঢালি দিব। তাৰ পিছত হাত দুখন লাহে লাহে তিয়াই লওক, আৰু কান্ধত পানী ঢালি দিয়ক। শেষতহে মূৰত পানী ঢালি দিব লাগে।
অস্বীকাৰ: (এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে। কোনো ফিটনেছ প্ৰগ্ৰেম আৰম্ভ কৰাৰ আগতে, খাদ্য তালিকাত কোনো পৰিৱৰ্তন কৰাৰ আগতে, বা কোনো ৰোগৰ বাবে কোনো ব্যৱস্থা লোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক। Asom live 24 এ কোনো দাবীৰ সত্যতা নিশ্চিত নকৰে।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














