কোন আহিল গোবিন্দা-সুনীতাৰ মাজত! ৩৭ বছৰীয়া সম্পৰ্কত সোমাল নেকি ৩০ বছৰীয়া যুৱতী !
বলীউডৰ সুখী পৰিয়াল হিচাপে নাম থকা গোবিন্দা আৰু সুনীতাৰ বিবাহ বিচ্ছেদৰ খবৰে এতিয়া গৰম কৰি ৰাখিছে তাৰকা জগত। ৩৭ বছৰীয়া বৈবাহিক সম্পৰ্কৰ ইতি পেলাবলৈ বিচাৰিছে পত্নী সুনীতাই। খবৰ অনুসৰি সুনীতাই কেইমাহ মান পূৰ্বেই বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল গোবিন্দক।
যাৰ বাবে বহু পূৰ্বৰে পৰা বেলেগে বেলেগে বাস কৰি আছে অভিনেতা গোবিন্দ আৰু পত্নী সুনীতা। সুনীতাই দুই সন্তান টিনা আহুজা আৰু য়শবৰ্ধন আহুজাৰ সৈতে আনহাতে গোবিন্দই অকলে ফ্লেটত বাস কৰি আছে।
পাছে কি কাৰণে এই খবৰ ওলাবলৈ ধৰিছে। অভিযোগ অনুসৰি ৩৭ বছৰীয়া বৈবাহিক জীৱনত প্ৰৱেশ ঘটিছে এগৰাকী ৩০ বছৰীয়া যুৱতীৰ। গুণগুণনি অনুসৰি গোবিন্দৰ সৈতে অবৈধ সম্পৰ্ক আছে সেই যুৱতীৰ। এই ৩০ বছৰীয়া যুৱতীগৰাকী মাৰাঠী ছবিজগতৰ অভিনেত্ৰী বুলি গুজৱ ওলাইছে।
পাছে এই সকলো কিমানদূৰ সত্য সেই সন্দৰ্ভত কোনো তথ্য সদৰি হোৱা নাই। গোবিন্দা আৰু সুনীতাৰ ফালৰ পৰাও পোনপটীয়াকৈ বৰ্তমানলৈ কোনো মন্তব্য অহা নাই। সময়েহে ক’ব কি সঁচা, কি মিছা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ