ভাৰতীয় সমাজ তথা সনাতন ধৰ্মত মহিলাই সেন্দুৰ লোৱাৰ পৰম্পৰা প্ৰায় ৫ হাজাৰ বছৰ পুৰণি৷ স্বয়ং পাৰ্বতীয়েও স্বামী মহাদেৱক অশুভ শক্তিৰ পৰা বচাই ৰাখিবলৈ সেন্দুৰ পৰিধান কৰিছিল৷ ৰামায়নত ৰামৰ দীৰ্ঘায়ু কামনাৰে সীতাই শিৰত সেন্দুৰ লৈছিল৷ ৰাধাইয়ো কৃষ্ণৰ বাবে সেন্দুৰ পৰিধান কৰিছিল৷ ৰাধা কৃষ্ণৰ প্ৰেয়সী আছিল যদিও ৰাধাই শ্ৰী কৃষ্ণৰ প্ৰতিয়েই নিজৰে সমৰ্পিত কৰিছিল৷
লক্ষ্মীৰ প্ৰিয় সেন্দুৰ
প্ৰচলিত বিশ্বাস অনুসৰি লক্ষ্মীয়ে পৃথিৱীৰ ৫ ঠাইত অৱস্থান কৰে৷ তাৰ মাজতেই এটা স্থান হৈছে মহিলাৰ মূৰত৷ সেয়ে সনাতন ধৰ্মত মূৰত সেন্দুৰ পিন্ধাৰ পৰম্পৰা আছে বুলি বহুতৰে বিশ্বাস৷ যি পৰিয়ালত বিবাহিত মহিলাই শিৰত সেন্দুৰ লয় তেনে পৰিয়ালত লক্ষ্মীৰ কৃপাত কেতিয়াও ধনৰ অভাৱ নহয়৷ লক্ষ্মীৰ কৃপাত তেনে সংসাৰ সদায়ে পৰিপূৰ্ণ হয়৷
সেন্দুৰৰ মাহাত্ম্য
দাম্পত্য জীৱনত সুখ আৰু স্বামীৰ মঙ্গল কামনা কৰিয়েই মহিলাই শিৰত সেন্দুৰ লয়৷ বিবাহৰ পাছত মহিলাৰ কঁপালত সেন্দুৰ লোৱাটো পবিত্ৰ বুলি ধৰা হয়৷ বিবাহিত জীৱনৰ নতুন পথ আৰম্ভ কৰোতে সেয়ে হিন্দু ধৰ্মত সেন্দুৰৰ পৰম্পৰা যুগে যুগে চলি আহিছে৷ মহিলাসকলৰ বাবে সেন্দুৰ স্বামীৰ উপস্থিতিৰো চিহ্ন৷ সেন্দুৰেই প্ৰমাণ কৰে দাম্পত্য জীৱনত বান্ধ খাই থকাৰ৷ কোনো কাৰণত বিবাহৰ অন্যান্য ৰীতি নীতি পালন কৰিব নোৱাৰিলে কেৱল সেন্দুৰ দানেৰেই হিন্দু ধৰ্মত বিবাহ সম্পন্ন হয়৷ প্ৰাচীন কালৰে পৰা সনাতনী সমাজৰ মহিলাসকল সেন্দুৰত অভ্যস্ত হৈ পৰাৰ বাবেও বহুতে সেন্দুৰ পৰিধান কৰে৷
সেন্দুৰ পৰিধানৰ ইতিহাস
প্ৰাচীন হৰপ্পা সভ্যতাৰ আমোলতো বিবাহিত মহিলাসকলে সেন্দুৰ পৰিধান কৰিছিল৷ শিৰত সেন্দুৰ দেখিলে তেতিয়া অইন পুৰুষে সেই নাৰীৰ প্ৰতি আকৃষ্ঠ নহ’বলৈকে এনেদৰে সেন্দুৰ পৰিধানৰ পৰম্পৰা তেতিয়া গঢ়ি উঠিছিল৷ সমাজ সলনি হৈছে৷ এতিয়া বিবাহিত মহিলাই প্ৰায়সকলেই সেন্দুৰ ল’বলৈ অস্বীকাৰ কৰে৷ সেন্দুৰ এতিয়া নাৰীৰ পছন্দ অপছন্দৰ এক নাম বুলি বিজ্ঞসকলে দাবী কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ