বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি কোন? একেমুখেই সকলোৱে ক’ব এলন মাস্ক৷ ইয়াৰপাছতেই তালিকাত আছে জেফ বেজোছ তাৰপাছতেই আহে মুকেশ আম্বানীৰ নাম৷ সকলোতকৈ ধনী ভাৰতীয় উদ্যোগী হৈছে মুকেশ আম্বানী, গৌতম আদানী৷ ইয়াৰ মাজতেই নাম নোহোৱাকৈ এজন ধনী ব্যক্তি সদায়ে চৰ্চাৰ আঁওতাত ৰৈ যায়৷ তেওঁ আন কোনো নহয়, তেওঁ ৰতন টাটা৷ ৰিলায়েন্স বা আদানী গ্ৰুপতকৈ কম নহয় টাটা গোষ্ঠীও৷ অথচ ধনী ব্যক্তিৰ তালিকাত কিয় নাই ৰতন টাটাৰ নাম?
প্ৰতি বছৰেই ফোৰ্বছৰ তৰফৰ পৰা দেশ আৰু বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকা প্ৰকাশ কৰা হয়৷ তাত প্ৰতিবাৰেই আম্বানী আদানীৰ নাম থাকে৷ কিন্তু বহু তলত থাকে ৰতন টাটাৰ নাম৷ ২০২২ চনৰ ৱেলথ হুৰুণ ইণ্ডিয়া ৰিছ লিষ্টৰ তালিকাত ৪২১ নম্বৰত আছিল ৰতন টাটাৰ নাম৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ উল্লেখ কৰা হৈছিল ৩৮০০ কোটি টকা৷
ক’ৰ পৰা ধন উপাৰ্জন কৰে ৰতন টাটাই?
ৰতন টাটাৰ আয়ৰ অন্যতম উৎস হৈছে টাটা চেঞ্চৰ শ্বেয়াৰ৷ টাটা গ্ৰুপৰ অধীনত টাটা ষ্টিলৰ পৰা আৰম্ভ কৰি টাটা মোটৰছ, টাটা কেমিকেলছ, টিছিএছসহ একাধিক সংস্থা আছে৷ টাটা চেন্সৰৰ অধীনত থকা এই সমস্ত সংস্থাৰ পৰা বিপুল অৰ্থ উপাৰ্জন হয়৷ এই সকলো অৰ্থৰ এটা বৃহৎ অংশই অনুদান দিয়া হয় টাটা গোষ্ঠীৰ নিজস্ব ট্ৰাস্টত৷
টাটাৰ কোম্পানীসমূহৰ পৰা উপাৰ্জিত অৰ্থৰ ৬৬শতাংশই টাটা ট্ৰাষ্টক জমা দিয়া হয় বিভিন্ন জনকল্যাণমূলক কামৰ বাবে৷ শিক্ষাৰ পৰা স্বাস্থ্য, কৰ্মসংস্থান আৰু সাংস্কৃতিক সমৃ্দ্ধিৰ লক্ষ্যৰেই টাটা ট্ৰাষ্টে কাম কৰে৷ এই কাৰণতেই ৰতন টাটাক শ্ৰেষ্ঠ উদ্যোগপতি বুলি কোৱা হয়৷
কেৱল টাটাৰ সংস্থাই নহয়, ৰতন টাটাই তেওঁৰ ব্যক্তিগত সম্পত্তিৰ এক বৃহৎ অংশ দান কৰিছে সমাজ কল্যাণৰ বাবে৷ বান, ভূমিকম্পৰ পৰা আৰম্ভ কৰি কৰ’নাকালত দেশ যেতিয়া কঠিম সময় বা পৰিস্থিতিৰ মুখত পৰিছিল তেতিয়াই ৰক্ষাকৰ্তাৰ দৰে সকলোৰে কাষত ঠিয় হয় ৰতন টাটা আৰু তেওঁৰ সংস্থা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ