১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে আই পি এল ২০২৫ত খেলাৰ সুযোগ পাবনে? প্ৰশিক্ষকে দিলে উত্তৰ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ সবাতোকৈ কনিষ্ঠ প্ৰতিভা বৈভৱ সূৰ্য্যবংশী আলোচনাৰ বিষয় হৈ আছে। ২০২৪ত জেদ্দাত অনুষ্ঠিত নিলামত আৰ আৰ এ ১.১০ কোটি টকাত ক্ৰয় কৰি চুক্তি লাভ কৰা ১৩ বছৰীয়া সূৰ্যবংশী আই পি এলৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।
২০২৪ চনত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ উজ্জল প্ৰদৰ্শনেৰে নিজৰ নাম উজলাইছিল। সেই বৈভৱে এতিয়া ২০২৫ৰ আই পি এল খেল খেলিব পাবনে, তাকে লৈ অনুৰাগীৰ মাজত বিভিন্ন প্ৰশ্ন।
বিহাৰৰ হৈ খেলি তেওঁ ২০২৪–২৫ চনৰ বিজয় হাজাৰে ট্ৰফীত বৰোদাৰ বিৰুদ্ধে ৪২টা বলত ৭১ ৰান সংগ্ৰহ কৰি অৰ্ধশতক অৰ্জন কৰাৰ সৰ্বকনিষ্ঠ ভাৰতীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাইছিল।
চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৮টা বলত শতক অৰ্জন কৰি ভাৰতৰ আটাইতকৈ কম বয়সীয়া টেষ্ট শতক অৰ্জনকাৰী হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰিও ভাৰতক এ চি চি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ফাইনেললৈ লৈ যোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ৰাজস্থান ৰয়েলছৰ বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰে এই যুৱ খেলুৱৈগৰাকীক প্ৰশংসা কৰি কয় যে তেওঁৰ যথেষ্ট সম্ভাৱনা আছে। অৱশ্যে তেওঁ এই কথাও স্পষ্ট কৰি দিয়ে যে সূৰ্যবংশীৰ আই পি এলত অভিষেক ঘটোৱাৰ বাবে কিছু সময় লাগিব পাৰে কাৰণ সেয়া দলৰ কৌশলৰ ওপৰত নিৰ্ভৰ কৰিব।
সংবাদমেলত ৰাথোৰে কয় যে, “আমি তেওঁক তৎক্ষণাত প্লেইং এঘাৰত অন্তৰ্ভুক্ত কৰিম নে নহয় সেইটো সিদ্ধান্ত লোৱাটো এতিয়াও নিশ্চিত নহয়। ই আমাৰ কৌশল, পিটচৰ অৱস্থা আৰু বিপক্ষ দলৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁৰ বিশেষ প্ৰতিভাৰ বাবেই আমি তেওঁক দলত অন্তৰ্ভুক্ত কৰিছো। বয়সৰ ফালৰ পৰা তেওঁ কম হ’ব পাৰে, কিন্তু তেওঁৰ শক্তি আৰু ক্ষমতা আচৰিত। যদি তেওঁ কঠোৰ পৰিশ্ৰম কৰি থাকে তেন্তে তেওঁ নিশ্চিতভাৱে এজন ডাঙৰ খেলুৱৈ হ’ব পাৰে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















