শিহৰণকাৰী ঘটনা- ৩০ৰো অধিক টুকুৰা, ফ্ৰীজ খুলি হতবাক আৰক্ষী
বাংগালুৰুৰ মল্লেশ্বৰম অঞ্চলত এগৰাকী মহিলাক হত্যা কৰাৰ পিছত মৃতদেহটো ৩০ৰো অধিক টুকুৰা কৰি কাটি পেলোৱা হয়। তথ্য পোৱাত আৰক্ষীয়ে মহিলাগৰাকীৰ ঘৰৰ ফ্ৰীজ খুলি মৃতদেহৰ টুকুৰাবোৰ দেখি হতবাক হৈ পৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, মল্লেশ্বৰম অঞ্চলত বাস কৰা মহিলাগৰাকীয়ে এটা মলত কাম কৰিছিল। মহিলাগৰাকীয়ে স্বামীৰ পৰা পৃথকে থাকিবলৈ লৈছিল। তাইৰ স্বামীয়ে চহৰৰ পৰা আঁতৰত থকা আশ্ৰমত কাম কৰে।
আৰক্ষীয়ে তথ্য লাভ কৰে যে মহিলাগৰাকীৰ ঘৰ কেইবাদিনো বন্ধ হৈ আছিল আৰু কোনেও কতো দেখা নাছিল মহিলাগৰাকীক। আৰক্ষীয়ে যেতিয়া মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ তদন্ত কৰে তেতিয়া মহিলাগৰাকীক হত্যা কৰা বুলি নিশ্চিত হয়।
আৰক্ষীয়ে ঘৰটোত ৰখা ফ্ৰীজৰ পৰা ৩০ ৰো অধিক মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীৰ মতে, ২৯ বছৰীয়া মহিলাগৰাকীক হয়তো কিছুদিন পূৰ্বে হত্যা কৰা হৈছিল। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আমি মৃত মহিলাগৰাকীক চিনাক্ত কৰিছো।
অতিৰিক্ত আৰক্ষী আয়ুক্ত (পশ্চিম মণ্ডল) এন সতীশ কুমাৰে জনোৱা মতে, ব্যালিকাভাল আৰক্ষী থানা এলেকাৰ ভিতৰৰ এটা ঘৰত এগৰাকী মহিলাৰ মৃতদেহ টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ৰখা অৱস্থাত উদ্ধাৰ হয়। উদ্ধাৰ হোৱা টুকুৰাবোৰৰ পৰা এনে লাগে যেন ৪-৫ দিন আগতেই কৰা হৈছিল এই ঘটনা। তেওঁ লগতে ইয়াকো কয় যে ডগ স্কোয়াড আৰু ফৰেনছিক বিশেষজ্ঞই সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
আৰক্ষী বিষয়া কুমাৰে জানিবলৈ দিয়া মতে, মৃতদেহটো চিনাক্ত কৰা হৈছে। তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত আমি অধিক তথ্য দিম। মহিলাগৰাকী কৰ্ণাটকত বাস কৰিছিল যদিও মূলতঃ আন ৰাজ্যৰ। মহিলাগৰাকীৰ হত্যাকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে তেওঁৰ স্বামীও সেই স্থানত উপস্থিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















