অসম লাইভ২৪ঃ শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে জোৰাম পিপলছ মুভমেণ্ট বা জেড পি এম দলৰ নেতা লালদুহোমাই। আইজলৰ ৰাজভৱনত ৰাজ্যপাল হৰি বাবু কামহামপতিয়ে মুখ্যমন্ত্ৰীৰ শপত বাক্য পাঠ কৰোৱাই। বৃহস্পতিবাৰে আইজলত প্ৰৱল বৃষ্টিপাত হৈ থকাৰ বাবে শপত গ্ৰহণ অনুষ্ঠানত কিছু অনিশ্চয়তাই দেখা দিছিল। বতৰ ফৰকাল হোৱাৰ সুকলমে সম্পন্ন হয় শপতগ্ৰহণ অনুষ্ঠান। বিগত সময়ছোৱাত হয় কংগ্ৰেছ নহয়তো মিজো নেশ্ব্যনেল ফ্ৰন্ট দলে চৰকাৰ গঠন কৰিছিল। এইবাৰেই প্ৰথম দুই দলৰ বাহিৰত কোনো দলে আন এক দল ক্ষমতালৈ আহিছে।
২০১৯ চনত এই জোৰাম পিপলছ মুভমেণ্ট দলৰ প্ৰতিষ্ঠা হৈছিল। চাৰি বছৰৰ ভিতৰতেই সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত চমকপ্ৰদ সাফল্য পাইছে তেওঁলোকে। ৪০ আসনৰ বিধানসভাত ২৭খন আসন জিকি শক্তিশালী জনমত লৈ ক্ষমতাত বহিছে জেডপিএম। ৫ ডিচেম্বৰত জেড পি এমৰ পৰিষদীয় দল, লালদুহোমাকেই তেওঁলোকৰ দলৰ নেতা হিচাপে বাচি লয়। আৰ কে সাপডাঙ্গাক সহায়কাৰী নেতা হিচাপে মনোনীত কৰা হয়।
লালদুহোমা এজন প্ৰাক্তন আইপিএছ অফিচাৰ। এসময়ত তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত আছিল। মঙলবাৰে সন্ধিয়া মন্ত্ৰী পৰিষদ গঠন আৰু পোৰ্টফলিঅ’ বণ্টনক লৈ নৱনিৰ্বাচিত দলীয় বিধায়কৰ সৈতে তেওঁ বৈঠকত মিলিত হয়। তাৰ পাছতেই জেড পি এম পৰিষদীয় দলে লালদুহোমাক তেওঁলোকৰ নেতা আৰু কে সাপডাঙ্গাক উপনেতা নিৰ্বাচিত কৰে।
ইয়াৰপাছতেই বুধবাৰে মিজোৰামৰ ৰাজ্যপাল হৰি বাবু কামহাম্পতিৰ সৈতে লগ কৰি চৰকাৰ গঠনৰ দাবী জনাই লালদুহোমাই। ইয়াৰ পূৰ্বে ৰাজ্যত ক্ষমতাত আছিল জোৰামথাঙ্গাৰ মিজো নেশ্ব্যনেল ফ্ৰণ্ট দল। বিজেপিৰ নেতৃত্বাধীন এন ডি এ জোঁটত তেওঁলোক আছে। বিগত নিৰ্বাচনত ৮০ আসনৰ মাজত ২৬খনত তেওঁলোক জয়ী হৈছিল। কিন্তু এইবাৰ তেওঁলোকৰ আসনৰ সংখ্যা কমি হৈছেগৈ ১০খন। এন ডি এ জোটৰ অংশ নহ’লেও কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিৰোধীতাও নকৰো বুলি জনাইছে লালদুহোমাই। মিজোৰামৰ নতুন চৰকাৰ গঠনৰ পাছত তেওঁ কয়, ‘কেন্দ্ৰীয় চৰকাৰৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ চৰকাৰে এই বিষয়টোতেই জোৰ দিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















