• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অখিল গগৈৰে মতবিৰোধ- কাৰ আৰু কিয়?

অখিল গগৈৰে মতবিৰোধ- কাৰ আৰু কিয়?

6 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

2 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

3 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

3 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

4 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

5 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

6 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

7 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

8 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

9 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

10 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

অখিল গগৈৰে মতবিৰোধ- কাৰ আৰু কিয়?

অখিল মুক্তিৰ প্ৰসংগ এৰাই চলিব বিচাৰে কোনে?

editor by editor
July 22, 2020
in লেখা
0
অখিল গগৈৰে মতবিৰোধ- কাৰ আৰু কিয়?
0
SHARES
569
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নগেন শইকীয়াদেৱে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত তেখেতৰ এটা শেহতীয়া কলমত সুন্দৰকৈ বুজাই দিছে যে অখিল গগৈক অসমৰ এটা বুজন অংশই হিয়া উজাৰি ভাল পায় আৰু আন এক বৃহৎ অংশই ‘বেয়া নাপায়’। এই দুটা অংশ মিলাই দিলেই বুজা যাব যে অসমৰ গৰিষ্ঠসংখ্যক খাটি খোৱা ৰাইজৰ মাজত অখিল গগৈক ‘বেয়া পোৱা’ মানুহৰ সংখ্যা আচলতে নগণ্য। গোষ্ঠীগত বা সাম্প্ৰদায়িক কথাৰে প্ৰৰোচিত বা বিভ্ৰান্ত নকৰিলে, অসমৰ খাটি খোৱা ৰাইজে অখিল গগৈৰ ৰাজনীতিক বেয়া পোৱাৰ প্ৰশ্নও নুঠে।

যিকোনো সময়তে অখিল গগৈক বেয়া পায় সেই সময়ৰ  চৰকাৰে আৰু সেই দলৰ নেতা-পালিনেতাৰ আশীৰ্বাদপুষ্ট হৈ সা-সুবিধা উলিয়াই থকা বা উলিওৱাৰ আশা ৰখা এটা চামে । আনহাতে অখিলক শ্ৰেণীশত্রু জ্ঞান কৰে নগণ্যসংখ্যক বিৰাট ধনীয়ে আৰু চকুপাৰি দেখিব নোৱাৰে হিন্দুত্ববাদী ৰাজনীতিত নিমজ্জিতসকলে। এওঁলোকে অখিলৰ ৰাজনীতিক ভাল পোৱাৰো প্ৰশ্ন নুঠে।

কিন্তু আপাত দৃষ্টিত হিন্দুত্ববাদী ৰাজনীতিৰ সমৰ্থক যেন নলগা বা নিজকে সেইদৰে পৰিচয় নিদিয়া, শিক্ষিত মধ্যবিত্ত বা উচ্চ মধ্যবিত্তৰ এচাম সমাজ সচেতন আৰু বিভিন্ন ক্ষেত্ৰত উদ্যোগী লোকেও অখিল গগৈৰ ৰাজনীতিক অপকাৰী বা গুৰুত্বহীন বুলি বিভিন্ন মাধ্যমত একধৰণৰ প্ৰচাৰ চলাই থকা সচৰাচৰ চকুত পৰে।  আনকি তেখেতৰ ষড়যন্ত্রমূলক বন্দিত্বৰ সময়তো এইসকলৰ মৌনতাই এনে ধাৰণাৰে জন্ম দিয়ে যে  অসমত অখিল গগৈৰ ৰাজনীতি চলি গ’লে তেওঁলোকৰ ক্ষতি হ’ব বুলি তেওঁলোকে  ভয়ত ভোগে। সেয়ে অখিলৰ মুক্তিৰ প্ৰসংগ তেওঁলোকে এৰাই চলিব খোজে।  কিন্তু হিন্দুত্ববাদীসকলৰ দৰে খোলাখুলিকৈ অখিলক ভৰাই থ’ব লাগে বুলি ক’বলৈয়ো সাহস নকৰে। মাত্ৰ বিভিন্ন মাধ্যমত আওপকীয়াকৈ অতি আন্দোলনমুখিতা, যোগাত্মক চিন্তাৰ অভাৱ, বেপাৰ-বণিজৰ প্ৰতি অসমীয়াৰ অনুৎসাহ ইত্যাদিকে সকলো সমস্যাৰ মূল বুলি তেওঁলোকে জনসাধাৰণক বিভ্ৰান্ত কৰাৰ ৰাজনীতি কৰে। কিন্তু শেহতীয়াভাৱে যেতিয়া অখিল গগৈৰ মুক্তিৰ দাবীয়ে গাঁও-ভূঁই, চহৰ-নগৰ,সামাজিক মাধ্যম সকলো উত্তাল কৰিলে, সকলোৱে সকলোৰে মত সোধাত লাগিল, উপায়ন্তৰ হৈ এওঁলোকৰ মাজৰ দুই একে ‘মানৱতাৰ খাতিৰত’ অখিলৰ চিকিৎসা সমৰ্থনত মত প্ৰকাশ কৰা দেখা গ’ল।পিছে লগতে disclaimer লগাবলৈ নাপাহৰিলে যে তেওঁলোকৰ অখিল গগৈৰ লগত থকা ‘মতবিৰোধ’ৰ পিছতো তেওঁলোকে চিকিৎসাৰ দাবীটো সমৰ্থন কৰে।

এয়া কোনো নতুন কথা নহয়। অখিল গগৈৰ লগত মতবিৰোধৰ কথা বিভিন্নজনে কৈয়েই থাকে। ‘ভদ্ৰলোকে’ কোনো এক নিৰ্দিষ্ট বিষয়ত অখিল গগৈক সমৰ্থন কৰাৰ আগতে ‘মতবিৰোধৰ’ কথাটো কৈ লোৱাটো যেন এক ৰক্ষাকবচ। পিছে, শেহতীয়াকৈ পৰিস্থিতি কিছু সলনি হৈছে যেন ভাব হৈছে। ৰাইজে যেন চাই আছে তীক্ষ্ণ দৃষ্টিৰে।এইবাৰ মতবিৰোধৰ কথা কোৱা লোকে ‘মতবিৰোধ’বোৰ স্পষ্ট নকৰিলে, অখিল গগৈক ‘বেয়া নোপোৱা’ গৰিষ্ঠসংখ্যক জনতাৰ আগত তেওঁলোকৰ মুখা খোল খাবলৈ বেছি সময় নালাগিব বুলি আমাৰ বিশ্বাস।

 

যিহেতু ,তেওঁলোকে ‘মতবিৰোধ’ৰ কথা কয়, সেয়েহে অখিলৰ আচাৰ-ব্যৱহাৰ ভদ্ৰলোকসদৃশ নহয় বা খঙত কেতিয়াবা কোনো ভ্ৰষ্ট বা জনোবিৰোধী বিষয়াক কটু কথা কয়, এইবোৰ নিশ্চয় হিচাপত নপৰে। প্ৰণৱ বড়োৰ দুর্ভাগ্যজনক মৃত্যুক লৈ বিতৰ্ক হৈছে, কিন্তু সেইটোৱেই মতবিৰোধৰ কাৰণ বুলি ক’লেও মানুহে বিশ্বাস কৰিব বুলি মনে নধৰে।আমাৰ ধাৰণাত অখিল গগৈৰ জংগী আন্দোলনমুখী ৰাজনীতিও বিৰোধী ৰাজনীতিৰ ‘পদ্ধতি’ৰ কথা। গতিকে, অখিল গগৈৰে ‘মত’ নিমিলাৰ উদাহৰণ ই হ’ব নোৱাৰে। আৰু এনে আপোচবিহীন আন্দোলনমুখিতা ‘যোগাত্মক’ দৃষ্টি বা মানসিকতাৰ অভাৱৰ উদাহৰণতো নহয়েই; বৰং শাসকৰ দমন নীতিৰ সন্মুখতো নিজে জনবিৰোধী বুলি বিশ্বাস কৰা চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চৰম ত্যাগ কৰিবলৈ প্ৰস্তুত থকাটো বিপ্লৱী আশাবাদৰ নমুনা হিচাবেই সাধাৰণ ৰাইজৰ আগত জিলিকি উঠে।

গতিকে, যিসকলে স্পষ্টকৈ মতবিৰোধবোৰনো কি নকয়, তেওঁলোকে নিশ্চয় অখিল গগৈ আৰু তেওঁৰ সংগঠনে যোৱা ডেৰ দশকৰ অধিক কাল অসমৰ বিভিন্ন জনস্বাৰ্থজড়িত বিষয়বোৰত লৈ অহা ‘মতাদর্শগত’ স্থিতিবোৰৰে কেতবোৰৰ বিৰোধিতা কৰে বুলি ধৰিব লাগিব। কিন্তু কোনো বিশেষ কাৰণত তেওঁবিলাকে সেইবোৰৰ বিষয়ে নিজা স্থিতি স্পষ্ট নকৰে, হয়তো তেওঁলোকৰ স্থিতি জনপ্ৰিয় নোহোৱাৰ ভয়ত। কিন্তু আজিৰ পৰিস্থিতিতো সেয়া স্পষ্ট নকৰিলে আৰু কেৱল অখিল গগৈৰ আপোচবিহীন চৰিত্ৰটোকে তেওঁৰ ‘বিফলতাৰ’ কাৰণ আৰু যোগাত্মক মানসিকতাৰ অভাৱৰ লক্ষণ বুলি কৈ থাকিলে , সেয়া হয় তেওঁলোকৰ জ্ঞান আৰু বুদ্ধিদীপ্ততাৰ অভাৱ, নহয় সুবিধাবাদ আৰু ধূর্তালিৰ নমুনা হিচাপে ৰাইজে ধৰি পেলাব।

বিভিন্ন বিষয়ত অখিল গগৈ আৰু তেওঁৰ সংগঠনে লৈ অহা মতাদর্শগত স্থিতিবোৰ আমাৰ নিজস্ব ধাৰণামতে তলত তুলি ধৰিছো। যিধৰণে আমাৰ দৰে সাধাৰণ নাগৰিকৰ চকুত ইমানদিনে ধৰা দিছে। সংগঠন আৰু ৰাইজে ভুল হ’লে আঙুলিয়াই দিব বুলি আশা ৰাখিলো।

১) অখিল গগৈয়ে ‘কা’ আইনৰ বিৰোধিতা কৰে। ১৯৭১ ভিত্তিবৰ্ষ কৰি বিদেশী সমস্যাৰ স্থায়ী সমাধান বিচাৰে।

2) অখিল গগৈয়ে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰে।

৩)অখিল গগৈয়ে অসমৰ প্ৰত্যেক কৃষককে কৃষি উপযোগী মাটি দিয়াৰ দাবী কৰে, অখিলৰ বাবে অসমৰ দৰে ৰাজ্যত মাটিৰ ওপৰত প্ৰথম অধিকাৰ কৃষকৰ।

৪)অখিলে কৃষিভিত্তিক ঔদ্যোগিককৰণৰ পোষকতা কৰে, ঔদ্যোগিককৰণত ব্যক্তিগত খণ্ডতকৈ সমবায় ব্যৱস্থা  আৰু ৰাজহুৱা উদ্যোগক অধিক গুৰুত্ব দিয়ে। সমবায় ভিত্তিত গঠিত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ সুব্যৱস্থাপনা ইয়াৰ উদাহৰণ।ব্যক্তিগত খণ্ডত থলুৱা উদ্যোগীক, জাতীয় পুঁজিক বেছি গুৰুত্ব দিয়ে।

৫) কৃষকক ন্যূনতম সমৰ্থন মূল্যৰ দৰে বজাৰ নিয়ন্ত্ৰণকাৰী চৰকাৰী ব্যৱস্থাৰ গুৰুত্ব আছে বুলি তেওঁ ভাবে আৰু তাৰ বাবে বিভিন্ন দাবী-দাবা কৰে।

৬) টোলগেটৰ তেওঁ বিৰোধিতা কৰে।

৭)স্বাস্থ্য আৰু শিক্ষা খণ্ডত অধিক চৰকাৰী বিনিয়োগৰ তেওঁ দাবী কৰে।

৮)RSSৰ আদৰ্শৰ তেওঁ পূৰ্ণ বিৰোধিতা কৰে আৰু ই শংকৰ, মাধৱ, আজান, জ্যোতি, বিষ্ণুৰ আদৰ্শৰ পৰিপন্থী বুলি বিশ্বাস কৰে।

৯)অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি অধিক পুঁজিৰ দাবী কৰে আৰু এই সমস্যাৰ বিজ্ঞানসন্মত স্থায়ী সমাধানৰ বাবে দাবী কৰে।

১০)সকলো ধৰণৰ দুৰ্নীতি, স্বজন-তোষণৰ তেওঁ বিৰোধিতা কৰে।

১১) তেওঁ পৰিবেশ সংৰক্ষণত স্থানীয় ৰাইজৰ দায়িত্ব আটাইতকৈ বেছি বুলি ভাবে আৰু বৃহৎ পুঁজিক পৰিবেশ বিনষ্টকাৰী আৰু স্থানীয় ৰাইজৰ স্বাৰ্থ বিঘ্নিত কৰা প্ৰকল্প দিয়াত সময়ে সময়ে বাধা দিয়ে। কিন্তু একেসময়তে পৰিবেশ সুৰক্ষাৰ নামত  দৰিদ্ৰ জনতাৰ নগুৰ নাগতি তেওঁ সহ্য নকৰে।

১২)তেওঁ জাতি ধৰ্ম ভাষা ৰাজ্য ৰাষ্ট্ৰ নির্বিশেষে সকলো মানুহৰ ন্যূনতম মানৱ অধিকাৰ ৰক্ষাত বিশ্বাস কৰে আৰু তাৰবাবে জংগী আন্দোলন কৰিবলৈ দ্বিধাবোধ নকৰে।

১৩)পৰ্যটন স্থানীয় ৰাইজৰ সুবিধা অসুবিধা বুজি, প্ৰাকৃতিক আৰু সামাজিক পৰিবেশ নষ্ট নোহোৱাকৈ, স্থানীয় ৰাইজৰ নিয়ন্ত্ৰণত থকাকৈ হ’ব লাগে বুলি বিশ্বাস কৰে। কাজিৰঙা অৰ্কিড উদ্যান তাৰো এটা উদাহৰণ।

১৪)অখিল গগৈয়ে, অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী জনায়। তেওঁলোকক ভূমি পট্টা দিয়াৰ দাবী জনায়। কোম্পানীৰ শোষণ বন্ধ কৰাৰ দাবী কৰে আৰু বন্ধ হৈ যাব ধৰা বাগিচা, শ্ৰমিকে নিজেই চলাব পাৰে বুলি বিশ্বাস কৰে।

১৫)অখিল গগৈয়ে নাগালেণ্ডৰ দৰে অসমৰ ক্ষেত্ৰতো অসমৰ মাটি,পানী আৰু খনিজ সম্পদৰ ওপৰত ৰাজ্য চৰকাৰৰ চৰকাৰৰ মাধ্যমেৰে অসমৰ ৰাইজৰ একমাত্ৰ কর্তৃত্ব থকাটো বিচাৰে। তাৰবাবে প্ৰয়োজনীয় সংবিধান সংশোধন বিচাৰে। তেওঁ বিশ্বাস কৰে যে সম্পদৰ ওপৰত পূৰ্ণ অধিকাৰ অবিহনে অসমীয়া ভাষা, কৃষ্টি, অৰ্থনীতি কোনোটোকেই কোটিটকীয়া পেকেজে বচাব নোৱাৰে।

১৬)অখিল গগৈয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক সমৰ্থন কৰে। লগতে তেওঁ বিশ্বাস কৰে যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কোনো এক জাতি বা গোষ্ঠীয়ে মুখ্য স্থান দাবী কৰিব নোৱাৰে। বড়ো, কছাৰী, চুতীয়া, কোঁচ-ৰাজবংশী, আহোম, কাৰ্বি, ব্ৰাহ্মণ, কলিতা, গৰীয়া-মৰিয়া, চাহ জনজাতি, অভিবাসী মুছলমান ইত্যাদি সকলোকে মিলাই ৰামধেনু সদৃশ অসমীয়া জাতি। শংকৰ, জ্যোতিপ্ৰসাদ আৰু ৰাভাই বাৰে বাৰে এই কথা কৈছে, কৰি দেখুৱাইছে। প্ৰত্যেক গোষ্ঠীৰে সমস্যাবোৰ আলোচনাৰ মাজেৰে আৰু এৰা-ধৰাৰ মাজেৰে, পাৰস্পৰিক বিশ্বাসৰ মাজেৰে সমাধান কৰিব লাগিব।

অখিল গগৈৰে মতবিৰোধ থকা বুলি কোৱাসকলে, ইয়াৰে কোনবোৰ বিষয়ত ‘মত’ৰ অমিল আছে সেয়া স্পষ্ট কৰি উল্লেখ কৰিলে সুস্থ যুক্তিনিৰ্ভৰ আলোচনাৰ পথ প্ৰশস্ত হ’ব বুলি আমাৰ বিশ্বাস।

 

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post

বাক স্বাধীনতা

ৰাজ্য়ত অব্যাহত গৰুৰ অবৈধ বেহা

ৰাজ্য়ত অব্যাহত গৰুৰ অবৈধ বেহা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.