মদ্যপান নকৰে৷ ধূমপানৰ নিচাও নাই৷ ইয়াৰ পাছতো মাজে মাজে মুখেৰে দুৰ্গন্ধ বাহিৰ হয়৷ যাৰ বাবে অস্বস্তিত ভূগি আছে আপুনি! বহুতেই কয়, পেটৰ সমস্যাৰ বাবে মুখেৰে গোন্ধ ওলাই৷ কিন্তু প্ৰকৃততে মুখ গোন্ধোৱাৰ কাৰণ বেলেগ৷ মুখৰ দুৰ্গন্ধ বহুক্ষেত্ৰতেই লিভাৰৰ ৰোগৰ পূৰ্বলক্ষণ৷ তেজত ছালফাৰ আৰু অন্যান্য দূষিত পদাৰ্থ জমা থাকিলে এই সমস্যাই দেখা দিয়ে৷ চিকিৎসকৰ ভাষাত ইয়াক কোৱা হয় ‘ফেটৰ হেপাটিকাছ’৷ নামটো শুনি জটিল বুলি ধাৰণা হলেও এই সমস্যা বহুতৰেই আছে৷ মুখেৰে গোন্ধ বাহিৰ হলে বহুতেই ভাৱে যে দাঁতৰ সমস্যা হৈছে বা পেটৰ সমস্যা হৈছে৷ এই লক্ষণ চিনি নাপাই বহুজনেই৷ পৰবৰ্তী সময়ত গৈ ফেটি লিভাৰ বা লিভাৰ চিৰোচিছৰ দৰে অসুখে বাঁহ বান্ধে শৰীৰত৷ ফেটৰ হেপাটিকাছ হৈছে শ্বাসৰ সৈতে বাহিৰ হোৱা তীব্ৰ গোন্ধ যি সকলো সময়তেই থাকে৷
খাদ্য খোৱাৰ পাছত যি গোন্ধ ওলাই সেই গোন্ধ এই গোন্ধতকৈ পৃথক হয়৷ গোন্ধৰ ধৰণ পচা মাছ, পচি যোৱা নহৰু বা পচা কণীৰ দৰে হয়৷ এই গোন্ধ হয় ছালফাৰৰ কাৰণে৷ লিভাৰৰ কাম হৈছে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰি দিয়া৷ কিন্তু যদি ছালফাৰসহ আৰু কিছু বিষাক্ত পদাৰ্শ তেজত জমা হৈ থাকে তেতিয়া লিভাৰে সেয়া চেকি বাহিৰ কৰিব নোৱাৰে৷ এই পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ হয় আৰু শ্বাসৰ মাধ্যমেৰে বাহিৰলৈ আহে৷
লিভাৰৰ ক্ৰনিক ৰোগ থকা ব্যক্তিৰ ফেটৰ হেপাটিকাছ হব পাৰে৷ আকৌ দীৰ্ঘ সময় ধৰি লিভাৰৰ ৰোগে শৰীৰত বাঁহ বান্ধি থাকিলে তলে তলে ফেটি লিভাৰৰ সমস্যা হয়৷ তেওঁলোকৰ ফেটৰ হেপাটিকাছৰ লক্ষণে দেখা দিয়ে৷ ইয়াৰ সৈতে আৰু কিছু উপসৰ্গই দেখা দিব পাৰে৷ যেনে জণ্ডিছৰ লক্ষণে দেখা দিয়ে বহুতৰে৷ পেট ফোলা, পেটত পানী জমা হোৱাৰ সমস্যাইয়ো দেখা দিয়ে৷ ভৰিৰ গেৰুহা ফুলি উঠা, ক্লান্ত ভাৱ বাঢ়ি যোৱা৷ শৰীৰৰ নানান স্থানত ৰঙা ৰঙা হৈ পৰা৷ কিছু ক্ষেত্ৰত হেপাটিক এনছেফেলোপেথিৰ উপসৰ্গইয়ো দেখা দিয়ে৷ সেই ক্ষেত্ৰত বিভ্ৰান্তি, মূৰ ঘূৰোৱা, ৰক্তচাপ কমি যোৱাৰ দৰে সমস্যাৰ তৈয়াৰ হয়৷ ৰোগীৰ কথাবাৰ্তা অসংলগ্ন হৈ যায়৷ পাহৰি যোৱাৰ সমস্যাই দেখা দিয়ে৷
ফেটৰ হেপাটিকাছ ধৰা পৰা মানে লিভাৰৰ ৰোগ বাঢ়ি আছে৷ সচেতন থাকিলে খোৱাবোৱাৰ নিয়ন্ত্ৰণ কৰা জৰুৰী৷ মদ্যপান এৰাই চলক৷ নিয়মিত শৰীৰচৰ্চা কৰি ওজন নিয়ন্ত্ৰণত ৰাখক৷ এই ৰোগ খুবেই জটিল পৰ্যায়ত গলে চিৰোচিছৰ লক্ষণে দেখা দিয়ে৷ এই ক্ষেত্ৰত লিভাৰ প্ৰতিস্থাপনৰো প্ৰয়োজন হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















