প্ৰিয়ংকা চোপ্ৰাৰ স্বামী তথা আন্তঃৰাষ্ট্ৰীয় পপ তাৰকা নিক জোনাছক লৈ এক দুখবৰ। আন্তঃৰাষ্ট্ৰীয় ‘ডায়েবেটিছ সজাগতা মাহ’ উপলক্ষে শেহতীয়াকৈ ৩৪ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে নিজৰ দীৰ্ঘদিনীয়া শাৰীৰিক যুদ্ধৰ বিষয়ে মুকলিকৈ কয়। ১৩ বছৰ বয়সত প্ৰথমবাৰৰ বাবে টাইপ ১ ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছিল। ২১ বছৰ এই দীৰ্ঘদিনীয়া ৰোগৰ সৈতে জীয়াই থকাৰ পিছতো নিক এতিয়াও হৃদয়ৰ পৰা এই ৰোগ মানি ল’ব পৰা নাই। ছ’চিয়েল মিডিয়াত প্ৰকাশিত এখন মুকলি পত্ৰত প্ৰিয়ংকাৰ বিদেশী স্বামীজনে এই ৰোগক ‘পুৰণি বন্ধু’ বুলি অভিহিত কৰি নিজৰ লুকাই থকা যন্ত্ৰণাক উদঙাই দিয়ে।
চিঠিখনত নিকে লিখিছে, “হেল্ল’ পুৰণি বন্ধু! প্ৰায় ২১ বছৰ হ’ল নহয়নে? কিন্তু আপুনি অলপো সলনি হোৱা নাই… আচৰিত কথা।”
কিশোৰ অৱস্থাত এই ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ জীৱনটো কেনেকৈ সলনি হৈছিল সেই কথাও প্ৰকাশ কৰে নিক জ’নাছে। তেওঁ কয় যে এই ৰোগৰ স্বৰূপে আত্মনিয়ন্ত্ৰণৰ যিকোনো আশা নোহোৱা কৰি পেলালে। নিকে কয়, “বহু দিন মই ভাবো, ‘আপুনি অবিহনে মোৰ জীৱনটো কেনেকুৱা হ’লহেঁতেন (ডায়েবেটিছ)!”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















