বেংকৰ দৰে ডাকঘৰতো বিভিন্ন কাৰ্যকালৰ ফিক্সড ডিপ’জিটৰ ব্যৱস্থা আছে। কিন্তু ডাকঘৰৰ ক্ষেত্ৰত এফ ডিক টাইম ডিপ’জিট বুলি কোৱা হয়। ডাকঘৰসমূহে এফ ডিৰ ওপৰত ১ৰ পৰা ৫ বছৰৰ বাবে বিভিন্ন সুতৰ হাৰ প্ৰদান কৰে, কেতিয়াবা বেংকৰ সুতৰ হাৰৰ তুলনাত বেছি।
১ বছৰৰ এফডি: ৬.৯০% সুত
২ বছৰৰ এফডি: ৭.০০% সুত
৩ বছৰৰ এফডি: ৭.১০% সুত
৫ বছৰৰ এফডি: ৭.৫০% সুত
ডাকঘৰৰ এফ ডিত ৫ লাখ টকা বিনিয়োগ কৰিলে কিমান ৰিটাৰ্ণ পাব?
যদি আপুনি বিভিন্ন টেন’ৰৰ ডাকঘৰৰ এফ ডিত এটা কিস্তিত ৫ লাখ টকা বিনিয়োগ কৰে, তেতিয়া হিচাপ কৰি বুজিব যে কাৰ্যকালৰ শেষত আপুনি কিমান টকা পাব।
১ বছৰৰ সময় জমা
১ বছৰৰ বাবে ৫ লাখ টকা বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত মুঠ ৫,৩৫,৪০৩ টকা পাব। অৰ্থাৎ কেৱল সুতৰ পৰা আপোনাৰ লাভ হ’ব ৩৫,৪০৩ টকা।
২ বছৰৰ টিডি –
২ বছৰৰ বাবে ৫ লাখ টকা বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত মুঠ ৫,৭৪,৪২১ টাকা পাব। অৰ্থাৎ মুঠ সুত হিচাপে আপোনাৰ লাভ হ’ব ৭৪,৪২১ টকা।
৩ বছৰৰ টিডি –
৩ বছৰৰ বাবে ৫ লাখ টকা বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত মুঠ ৬,১৭,৪৬৬ টাকা (প্ৰায় ৬.১৭ লাখ টকা) পাব। অৰ্থাৎ সুত হিচাপে আপোনাৰ মুঠ লাভ ১.১৭ লাখ টকাতকৈ অধিক হ’ব।
৫ বছৰৰ টিডি-
৫ বছৰৰ বাবে ৫ লাখ টকা বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত মুঠ ৭,২৪,৯৭৪ টকা (প্ৰায় ৭.২৫ লাখ টকা) পাব। অৰ্থাৎ কেৱল সুতৰ পৰা আপোনাৰ লাভ ২.২৪ লাখ টকাতকৈও অধিক হ’ব।
ডাকঘৰৰ এফ ডিত বিনিয়োগ কৰাৰ সুবিধা
- ডাকঘৰৰ এফ ডিত বিনিয়োগ কৰাৰ এটা ডাঙৰ সুবিধা হ’ল চৰকাৰী নিৰাপত্তা আৰু তুলনামূলকভাৱে কম বিপদ ফলত বিনিয়োগৰ ধনৰ প্ৰতি অনিশ্চয়তা কম হয়।
- অতি কম টকাৰে ডাকঘৰৰ টাইম ডিপজিট আৰম্ভ কৰিব পাৰি। মাত্ৰ এহেজাৰ টকাৰ পৰাই এই আঁচনিখনত বিনিয়োগ আৰম্ভ কৰাৰ সুযোগ আছে।
- যদি আপুনি ৫ বছৰৰ ডাকঘৰৰ এফ ডিত বিনিয়োগ কৰে, তেন্তে আয়কৰ আইনৰ ধাৰা ৮০চি অনুসৰি ১.৫ লাখ টকা পৰ্যন্ত কৰ কৰ্তন লাভ কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















