উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত দীপাৱলীৰ বোনাছৰ ধনক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড। নিজৰ সহকৰ্মীক হ*ত্যা কৰাৰ অভিযোগ উঠিছে এটা কাৰখানাৰ কেইজনমান শ্ৰমিকৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, বোনাছৰ ধনক লৈ হোৱা বিবাদৰ পিছতে এজন শ্ৰমিকক নিৰ্মমভাৱে আক্ৰমণ কৰা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অত্যধিক ৰক্তক্ষৰণৰ ফলত মৃ*ত্যু হয় সোম নামৰ শ্ৰমিকজনৰ। ইয়াৰ পিছত অভিযুক্তসকলে মৃ*তদেহটো এখন গাড়ীত উঠাই অন্য স্থানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰে। কিন্তু বাটতে গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। প্ৰথমে পথ দুৰ্ঘটনা বুলি ধাৰণা কৰা এই ঘটনাই পৰৱৰ্তী সময়ত হ*ত্যাকাণ্ডৰ ৰূপ লয়।
ছাহাৰানপুৰৰ পিলখানী অঞ্চলৰ সমীপত সংঘটিত হয় এই ঘটনা। আৰক্ষী অধীক্ষকে সদৰী কৰা অনুসৰি, যোৱা নিশা আৰক্ষীয়ে এখন গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ লাভ কৰে। দুৰ্ঘটনাত সোণু, অক্ষয়, টিংকু, নীতিন আৰু অমন নামৰ কেইবাজনো ব্যক্তি আহত হয়। আনহাতে, গাড়ীখনত থকা সোম নামৰ এজন ব্যক্তিৰ মৃ*ত্যু হয়। খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে সোমৰ মৃ*তদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে ঘটনাটোক সাধাৰণ পথ দুৰ্ঘটনা বুলি ধৰি তদন্ত আৰম্ভ কৰিছিল। কিন্তু মৃ*তকৰ পৰিয়ালে সোমৰ মৃ*ত্যু দুৰ্ঘটনাত নহয়, বৰঞ্চ তেওঁক পৰিকল্পিতভাৱে হ*ত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰাত তদন্তৰ দিশ সলনি হয়।
দীপাৱলীৰ বোনাছক লৈ হৈছিল বিবাদ
মৃ*ত সোমৰ পুত্ৰ অজয় কুমাৰে পিতৃৰ হ*ত্যাৰ অভিযোগ উত্থাপন কৰি কুতুবশ্বেৰ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ কৰা অনুসৰি, সোমে বিগত ৮ৰ পৰা ১০ বছৰ ধৰি ইণ্ডিয়ান হাৰ্বছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত শ্ৰমিক হিচাপে কাম কৰি আহিছিল। অভিযোগ অনুসৰি, ৯ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৪ বজাত সোণু নামৰ এজন সহকৰ্মীয়ে সোমক ফোন কৰি সোনকালে কোম্পানীলৈ আহিবলৈ কয়। ইয়াৰ পিছতে দীপাৱলীৰ বোনাছৰ ধনক লৈ সোণু আৰু সোমৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে।
মৃ*ত সোমৰ পুত্ৰ অজয় কুমাৰৰ অভিযোগ অনুসৰি, পিতৃ কোম্পানীটোত উপস্থিত হোৱাৰ সময়ত সোণু, নীতিন, অমন আৰু অক্ষয় ওৰফে টিংকু তাত উপস্থিত আছিল। অভিযোগ কৰা হৈছে যে, অভিযুক্তসকলে সোমক গালি-গালাজ কৰাৰ লগতে জাতিগতভাৱেও অপমান কৰিছিল। ইয়াতেই ক্ষান্ত নাথাকি অভিযুক্তসকলে সোমক আক্ৰমণ কৰে। এই আক্ৰমণত অত্যধিক ৰক্তক্ষৰণৰ ফলত অৱশেষত সোমৰ মৃ*ত্যু হয় বুলি অভিযোগ উত্থাপন হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















