দেশৰ কোটি কোটি কৃষকৰ কঠোৰ পৰিশ্ৰমক লৈ বিতৰ্কিত মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিজেপি সাংসদ জনাৰ্দন মিশ্ৰ। কৃষকসকলে বছৰত মাত্ৰ ৩ মাহহে কাম কৰে আৰু বাকী ৯ মাহ তাচ খেলি, মদ-ভাং সেৱন কৰি সময় কটায় বুলি মন্তব্য কৰে সাংসদজনে। ৰাজহুৱাভাৱে কৃষক সমাজক তিৰস্কাৰ কৰা বিজেপি সাংসদগৰাকীৰ এই মন্তব্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
দেশৰ অন্নদাতা কৃষকসকলৰ জীৱন আৰু পৰিশ্ৰমক লৈ কৰা এনে মন্তব্যক সহজভাৱে লোৱা নাই কৃষক সমাজে। সাংসদগৰাকীৰ মন্তব্যৰ পিছতে কৃষকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। কৃষকৰ কঠোৰ পৰিশ্ৰমক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰি বিভিন্ন মহলৰ পৰা প্ৰত্যুত্তৰ দিয়া হৈছে।
কৃষকসকলে স্পষ্ট কৰি দিছে যে খেতি-বাতি কেৱল বীজ সিঁচা আৰু শস্য চপোৱাৰ মাজতে সীমাবদ্ধ নহয়। বছৰটোৰ প্ৰতিটো সময়তে কৃষকসকল বিভিন্ন কৃষিকাৰ্যৰ সৈতে জড়িত হৈ থাকে। মাটি প্ৰস্তুত কৰা, বীজ সিঁচা, পানী যোগান ধৰা, সাৰ প্ৰয়োগ কৰা, কীট-পতংগৰ পৰা শস্য ৰক্ষা কৰা আৰু উৎপাদিত শস্য চপোৱালৈকে কৃষকসকলে অক্লান্তভাৱে কাম কৰিবলগীয়া হয়।
ইয়াৰ উপৰি কৃষকসকলে বিভিন্ন অৰ্থনৈতিক আৰু প্ৰাকৃতিক প্ৰত্যাহ্বানৰো সন্মুখীন হ’বলগীয়া হয়। কেতিয়াবা অতিবৃষ্টিয়ে শস্য নষ্ট কৰে, আন কেতিয়াবা খৰাঙে কৃষকৰ মূৰত মাধমাৰ শোধায়। বানপানী, প্ৰাকৃতিক দুৰ্যোগ আৰু উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নোপোৱাৰ সমস্যাই কৃষকসকলক জুৰুলা কৰি আহিছে।
কৃষক সমাজৰ মতে, খেতি কৰাটো কোনো সহজ কাম নহয়। দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰাৰ পিছতো বহু সময়ত কৃষকসকলে লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত দেশৰ অন্নদাতাসকলক লৈ সাংসদগৰাকীৰ এনে মন্তব্য অত্যন্ত অপমানজনক। কৃষকসকলে বিজেপি সাংসদ জনাৰ্দন মিশ্ৰক প্ৰত্যুত্তৰ দি কয় যে কৃষকৰ জীৱন আৰু পৰিশ্ৰমৰ বিষয়ে নজনাকৈ এনে মন্তব্য কৰা উচিত নহয়। দেশৰ কোটি কোটি মানুহৰ খাদ্যৰ যোগান ধৰা কৃষকসকলক সন্মান জনোৱাৰ পৰিৱৰ্তে ৰাজহুৱাভাৱে অপমান কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
কৃষক সমাজে সাংসদজনক নিজৰ মুখৰ ভাষা সংযত কৰিবলৈও আহ্বান জনাইছে। তেওঁলোকৰ মতে, কৃষকৰ পৰিশ্ৰমক অৱজ্ঞা কৰা নহয়, বৰং কৃষকৰ সমস্যাসমূহ বুজি তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটোহে জনপ্ৰতিনিধিৰ দায়িত্ব। সাংসদ জনাৰ্দন মিশ্ৰৰ এই মন্তব্যক কেন্দ্ৰ কৰি এতিয়া কৃষক সমাজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। দেশৰ অন্নদাতাসকলক লৈ কৰা এনে মন্তব্যই কৃষকৰ মৰ্যাদা আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক লৈ নতুনকৈ বিতৰ্কৰ সূচনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















