অসম লাইভ২৪ঃ মৰ্মান্তিক দুৰ্ঘটনাৰ এসপ্তাহৰ পাছত উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে টাইটান ছাবমেৰিনৰ ধ্বংসাৱশেষ। সন্ধান লাভ কৰিছে ছাবমেৰিণখনত থকা ৫যাত্ৰীৰ দেহাংশৰো। সেই উদ্ধাৰকাৰ্যৰ কথা কৈ শোকত ভাঙি পৰিছে উদ্ধাৰকাৰী দলৰ দলপতিও।
বিগত ১৮ জুনত সমুদ্ৰৰ গভীৰলৈ যাত্ৰা কৰিছিল টাইটানে। কিন্তু ১ ঘণ্টা ৪৫ মিনিট যাত্ৰা কৰিয়েই সংযোগ বিচ্ছিন্ন হৈছিল ছাবমেৰিণখনৰ। সন্ধানহীন হোৱাৰে পৰাই অভিযান চলাই দুৰ্ঘটনাৰ প্ৰায় এসপ্তাহ পাছতহে সন্ধান লাভ কৰিলে উদ্ধাৰকাৰী দলে। তেতিয়ালৈ এজনো যাত্ৰী জীৱিত অৱস্থাত নাছিল। দেহৰ অংশবোৰো খণ্ড খণ্ড হৈ পৰিছিল। চিনি পোৱা টান হৈছিল কাৰ দেহৰ এই অংশ!
এই উদ্ধাৰকাৰ্যত জড়িত হৈ থকা উদ্ধাৰকাৰী দলটোৱে সেই কথা প্ৰকাশ কৰিবলৈ আবেগিক হৈ পৰিছে। দলটোৰ দলপতিগৰাকীয়ে কয়, ‘আমি বৰ আশাৰে এই অভিযান চলাইছিলো। ভাৱিছিলো জীৱন্তে তেওঁলোকক উদ্ধাৰ কৰিব পাৰিম। দেহৰ টুকুৰা টুকুৰা অংশহে আমি উদ্ধাৰ কৰিছো। এই অংশবোৰ দেখিম আমি ভৱা নাছিলো। সুস্থ সৱল দেহবোৰ ক’লৈ গ’ল তেনে অনুভৱ বাৰে বাৰে হৈছে। কেনেকৈ এই দুৰ্ঘটনা হৈছিল সেই সম্পৰ্কে অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী সংস্থাই। কিন্তু ইয়াৰ মাজতেই অচেনগেট নামৰ সংস্থাটোৱে পুনৰ কোনো যাত্ৰী যদি টাইটানিক চাবলৈ যাব বিচাৰে তেন্তে তেওঁলোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ বিজ্ঞাপন মুকলি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ