অসম লাইভ২৪ঃ প্ৰাপ্তি এনেকৈয়ো আহে। মেট গালাত মুকুটা খচিত কাপোৰ পিন্ধি ৰেম্পত খোজ দিছিল অভিনেত্ৰী আলিয়া ভাট্টে। এই ৰেম্পৱাকেই আলিয়াক দিলে আন এক বৃহৎ সাফল্য। আলিয়া জনপ্ৰিয় ফেশ্বন সংস্থা ‘গুচি’ৰ সৈতে চুক্তিবদ্ধ হৈছে আলিয়া। ইটালিৰ জনপ্ৰিয় ফেশ্বন সংস্থাৰ প্ৰথম ভাৰতীয় ‘গ্লোৱেল এম্বেছাডৰ’ হিচাপে আলিয়াৰ নাম ঘোষণা কৰিছে ‘গুচি’য়ে।
চলিত মাহতেই দক্ষিণ কোৰিয়াৰ চিওল চহৰত অনুষ্ঠিত হ’ব ‘গুচি ক্ৰুজ ২০২৪’ এই ফেশ্বন শ্ব’ত ২৫ বছৰীয়া বৰ্ষপূৰ্তী উপলক্ষে আয়োজন কৰা হৈছে কেইবাটাও অনুষ্ঠানৰ। সেই অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে আলিয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ