অসম লাইভ ২৪ঃ আহিছিল প্ৰেমিকাক পলুৱাবলৈ। পিছে লগতে উঠাই লৈ গ’ল প্ৰেমিকাৰ মাকক। আচৰিত যেন লাগিলেও এই কথাই সত্য। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাজধানী ৰাছীত। ৰাছীৰ টোপোদানা থানাৰ অন্তৰ্গত গৌতিয়া গাঁৱৰ প্ৰেমিকাক পলুৱাই নিবলৈ আহিছিল বিহাৰৰ নালন্দাৰ প্ৰেমিক। পিছে নাবালিকা প্ৰেমিকাৰ মাতৃয়ে গম পাই কৰিলে আপত্তি। তাতেই খং উঠিল প্ৰেমিকৰ। প্ৰেমিকে নাবালিকা প্ৰেমিকাৰ সৈতে গাড়ীত উঠাই লৈ গ’ল প্ৰেমিকাৰ মাতৃকো। কিছু দূৰ লৈ যোৱাৰ পিছত ৰাস্তাতে প্ৰেমিকাৰ মাকক নমাই দি প্ৰেমিকাক লৈ উধাও হ’ল বিহাৰৰ প্ৰেমিকজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ