অসম লাইভ ২৪ঃ আজি এছিয়াৰ সকলোতকৈ দীৰ্ঘতম ৰোপৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুজৰাটৰ জুনাগড় গিৰিণাৰ পাহাৰত অৱস্থিত অম্বাজী মন্দিৰ। জুনাগড় গিৰিণাৰ পাহাৰতে এই দীৰ্ঘতম ৰোপৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। গিৰিণাৰ পাহাৰৰ অম্বাজী মন্দিৰলৈ যাবলৈ ৫ৰ পৰা ৬ ঘণ্টা সময় লাগিছিল। কিন্তু এতিয়া মাত্ৰ কেইটামান মিনিটতেই অম্বাজী মন্দিৰলৈ যাব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্পসমূহৰ ভিতৰত এই ৰোপৱে অন্যতম। এই ৰোপৱে উদ্বোধন অনলাইনৰ জৰিয়তে কৰিব প্ৰধানমন্ত্ৰীয়ে। গিৰিণাৰ পাহাৰত অম্বাজী মন্দিৰত উপস্থিত হ’বলৈ ৯ হাজাৰ ৯৯৯টা চিৰি বগাব লাগে। আৰু এই চিৰি বগাবলৈ সময় লাগে ৫ৰ পৰা ৬ ঘণ্টা। কিন্তু এতিয়াৰ পৰা এই যাত্ৰা সহজ হ’ব। এই ৰোপৱেৰ ফলত মাত্ৰ ৭ মিনিটতেই মন্দিৰ দৰ্শন কৰিব পাৰিব ভক্তই। অষ্ট্ৰিয়াৰ ৪ গৰাকী বিশেষজ্ঞৰ এটা দলে ৰোপৱেৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে আৰু পৰীক্ষণো ইতিমধ্যে সম্পূৰ্ণ হৈছে। গিৰিণাৰ এই ৰোপৱে ভৱনাথৰ পাদদেশৰ পৰা গিৰিণাৰ পৰ্বতৰ শিখৰত অৱস্থিত অম্বাজী মন্দিৰলৈকে যাব। এই ৰোপৱেত ৯টা টাৱাৰ স্থাপন কৰা গৈছে আৰু ২৪টা ট্ৰ’লী লগোৱা হৈছে। এটা ট্ৰ’লীত ৮ জনকৈ মানুহে যাত্ৰা কৰিব পাৰিব একেলগে। ভাৰতত এতিয়ালৈকে এইপৰ্যন্ত ৪ৰ পৰা ৬ জনকৈ লোকে ৰোপৱেৰ ট্ৰ’লীত যাত্ৰা কৰিব পাৰে। কিন্তু এই ৰোপৱে ভাৰতৰ প্ৰথম ৰোপৱে য’ত ৮ জন লোকে একেলগে বহি যাত্ৰা কৰিব পাৰিব। এই প্ৰজেক্টৰ ফলত তীৰ্থযাত্ৰীৰ সময় আৰু শক্তি দুইটাই ৰাহি হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ