অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ মিছন চলাব ভাৰতৰ মহাকাশ সংস্থাই। ইছৰোৰ যানে চন্দ্ৰপৃষ্ঠত সফল লেণ্ডিং কৰিবলৈকে সমূহ পৰীক্ষা-নিৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ কৰিছে ইছৰোৰ বিজ্ঞানীয়ে। চন্দ্ৰযান-৩ মিছন সফল হ’লে চন্দ্ৰৰ বুকুত অভিযান চলোৱা ভাৰত হ’ব চতুৰ্থখন দেশ। ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ পূৰ্বে চীন, ৰাছিয়া আৰু আমেৰিকাই যান প্ৰেৰণ কৰিছে। কাইলৈ অৰ্থাৎ ১৪ জুলাইত শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱানে স্পেছ চেণ্টাৰৰ দ্বিতীয় লঞ্চ পেডৰ পৰা ভেহিকেল মাৰ্ক-৩ (LVM-3)ত চন্দ্ৰলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩। দুপৰীয়া ২বাজি ৩৫ মিনিটত যাত্ৰা আৰম্ভ কৰিব এই ৰকেটখনে। পৃথিৱীৰ পৰা প্ৰায় ৩লাখ ৮৪ হাজাৰ কিঃমিঃ দূৰত্বলৈ গৈ চন্দ্ৰযান-৩য়ে অভিযান চলাব।
চন্দ্ৰযান-৩ উৎক্ষেপনৰ লাইভ ষ্ট্ৰিমিং কেনেকৈ চাব পাৰিব?
চন্দ্ৰযান-৩ উৎক্ষেপনৰ লাইভ ষ্ট্ৰিমিং চাব পৰাৰ ব্যৱস্থা কৰিছে ইছৰোই। https://www.youtube.com/watch?v=q2ueCg9bvvQ ত লাইভ ষ্ট্ৰিমিং চাব পাৰিব আগ্ৰহীসকলে। নটিফিকেছন অন কৰি থলেই পূৰ্বে এলাৰ্ট লাভ কৰিব আপুনি। চন্দ্ৰযান-৩ মিছনৰ মাধ্যমেৰে চন্দ্ৰৰ মাটি, ভূকম্পন, চন্দ্ৰ পৃষ্ঠত প্লাজমাৰ পৰিবেশ আৰু মৌলিক গঠনৰ তাপ পদাৰ্থগত বৈশিষ্ঠ্যক লৈ পৰীক্ষা নিৰীক্ষা চলাব বিজ্ঞানীৰ দলে। চন্দ্ৰযান-২ৰ অভিযান সফল কৰিব নোৱাৰাৰ বাবেই চন্দ্ৰযান-৩ চন্দ্ৰলৈ পঠিয়াবলৈ সাজু হৈছে ইছৰো। এইবাৰ ইছৰোয়ে একাধিত উন্নত প্ৰযুক্তিৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি চন্দ্ৰযান-৩ পঠিয়াবলৈ সাজু হৈছে।
চলিত বছৰৰ মাৰ্চত চন্দ্ৰযান-৩ৰ প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ কাম সম্পন্ন হৈছে। উৎক্ষেপণৰ সময়ত কম্পন আৰু শব্দ সহ্য কৰিবলৈ সক্ষম এই মহাকাশযান।
উৎক্ষেপনৰ পাছত আগন্তুক আগষ্ট মাহৰ শেষৰফালে চন্দ্ৰ পাবলৈ চন্দ্ৰযান-৩। চন্দ্ৰত উপস্থিত হ’বলৈ মহাকাশযানখনৰ সময় লাগিব পাৰে ৪৫ৰ পৰা ৪৮ দিন। আগষ্টৰ ২৩ অথৱা ২৪ তাৰিখে চন্দ্ৰযান-৩ চন্দ্ৰত উপস্থিত হ’ব।
চন্দ্ৰত ক’ত অৱতৰণ কৰিব চন্দ্ৰযান-৩য়ে?
চন্দ্ৰৰ কক্ষপথত প্ৰৱেশৰ পাছতেই চন্দ্ৰপৃষ্ঠত মহাকাশযানখনৰ অৱতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ইছৰোই। অৱতৰণ প্ৰক্ৰিয়া ইছৰোই আৰম্ভ কৰিলে প্ৰপালছন মডিউলৰ পৰা ছিন্ন হ’ব এই মহাকাশযান। লেণ্ডাৰ আৰু ৰোভাৰটিকৰ সৈতে চন্দ্ৰৰ ফালে আগুৱাই যাব এই যান। ইয়াৰপাছতেই এটা নিৰ্দিষ্ট স্থানত চফট লেণ্ডিং কৰিব চন্দ্ৰযান-৩য়ে। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত লেণ্ডিং কৰিব এই যানে।
চন্দ্ৰৰ দক্ষিণ মেৰু অংশটো অত্যন্ত ৰুক্ষ। বিশালকায় গাঁত, শিলৰ পাহাৰ আছে এই অংশত। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত গৱেষণাৰ কাম কৰিবলৈ সহজ। ভাৰতেই হ’ব প্ৰথমখন দেশ যিয়ে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰিব। এই অভিযান যদি সফল হয় তেন্তে ভাৰতৰ হাতলৈ আহিব অইন তিনি দেশে লাভ কৰাতকৈয়ো অধিক তথ্য। যিয়ে ভৱিষ্যতত গৱেষণাৰ কাম কাজ কৰাত সহায় কৰিব। সৌৰজগতৰ উৎপত্তি সম্বন্ধীয় তথ্যও ভাৰতৰ বিজ্ঞানীয়ে লাভ কৰিবলৈ সহজ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ