অসম লাইভ ২৪ঃ ভাৰতৰ প্ৰথম বিশ্বকাপ জয়ী ক্ৰিকেট দলৰ কেপ্টেইন কপিল দেৱ চিকিৎসাধীন। সংবাদ মাধ্যমৰ হাতত আহি পৰিছে কপিল দেৱ চিকিৎসাধীন হৈ থকা অৱস্থাৰ ফটো। দিল্লীৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।
হৃদ ৰোগত আক্ৰান্ত ক্ৰিকেটাৰগৰাকীৰ এটি অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈ গৈছে। কপিল দেৱে তেওঁক আশু-আৰোগ্য কামনা কৰাৰ বাবে সকলোকে টুইটাৰযোগে ধন্যবাদ জ্ঞাপন কৰিছে। ক্ৰিকেটাৰগৰাকী দক্ষিণ দিল্লীৰ ফ’ৰ্টিছ হাস্পতালত ভৰ্তি হৈ আছে।
— Kapil Dev (@therealkapildev) October 23, 2020
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ